--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সন্থাৰ জিলা সমিতিয়ে উল্লেখ কৰে যে ভাৰতীয় চাহ ব'র্ডে যোৱা ২১ অক্টোবৰত প্ৰকাশ কৰা নিৰ্দেশনা মতে অসমৰ সমূহ বটলিফ ফেক্টৰীসমূহে যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ন্যূনতম আধাৰ মূল্য চাহ খেতিয়কক মোকলাই দিবলৈ আদেশ দিয়ে।

ডিজিটেল ডেস্ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা পুনৰ কেঁচাপাত ক্রয় কৰাৰ আশ্বাস দিলে বটলিফ ফেক্টৰী এছ'চিয়েশ্যনে। এই কথা জানিবলৈ দিছে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে। 


সন্থাৰ জিলা সমিতিয়ে উল্লেখ কৰে যে ভাৰতীয় চাহ ব'র্ডে যোৱা ২১ অক্টোবৰত প্ৰকাশ কৰা নিৰ্দেশনা মতে অসমৰ সমূহ বটলিফ ফেক্টৰীসমূহে যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ন্যূনতম আধাৰ মূল্য চাহ খেতিয়কক মোকলাই দিবলৈ আদেশ দিয়ে। 


তাৰ পৰিপেক্ষিতত যোৱা ২৭অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈকে বটলিফ ফেক্টৰীয়ে কেঁচাপাত লোৱাৰ পৰা বিৰত আছিল। ডুমডুমাত তিনিচুকীয়া জিলা সহকাৰী আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। 


উক্ত সভাত উপস্থিত থাকে ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ ব'ৰ্ডৰ বিষয়া, উদ্যোগ আৰু বাণিজ্যিক বিভাগ তিনিচুকীয়াৰ পৰিচালক, বটলিফ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আৰু সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলাৰ বিষয়ববীয়াসকল। 


আলোচনাৰ শেষত বটলিফ এছ'চিয়েশ্যনে অৱগত কৰে যে এই নির্দেশ পুনৰ বিবেচনাৰ বাবে তেওঁলোকে চাহ ব'ৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে। চাহ ব'ৰ্ডে পত্ৰৰ উত্তৰ দিলেই বটলিফ ফেক্টৰী এছ'চিয়েশ্যনে চাহ খেতিয়কক ন্যূনতম আধাৰ মূল্য প্রদান কৰাৰ ব্যৱস্থা কৰিব। লগতে বটলিফ এছ'চিয়েশ্যনে জনায় যে গতানুগতিকভাৱে এই বৰ্ষত যিদৰে কেঁচাপাত ক্ৰয় কৰিছিল তেনেদৰে ক্ৰয় কৰি থাকিব বুলি আশ্বাস দিয়ে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু