--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • সন্থাৰ জিলা সমিতিয়ে উল্লেখ কৰে যে ভাৰতীয় চাহ ব'র্ডে যোৱা ২১ অক্টোবৰত প্ৰকাশ কৰা নিৰ্দেশনা মতে অসমৰ সমূহ বটলিফ ফেক্টৰীসমূহে যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ন্যূনতম আধাৰ মূল্য চাহ খেতিয়কক মোকলাই দিবলৈ আদেশ দিয়ে।

ডিজিটেল ডেস্ক : ক্ষুদ্ৰ চাহ খেতিয়কৰ পৰা পুনৰ কেঁচাপাত ক্রয় কৰাৰ আশ্বাস দিলে বটলিফ ফেক্টৰী এছ'চিয়েশ্যনে। এই কথা জানিবলৈ দিছে সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিয়ে। 


সন্থাৰ জিলা সমিতিয়ে উল্লেখ কৰে যে ভাৰতীয় চাহ ব'র্ডে যোৱা ২১ অক্টোবৰত প্ৰকাশ কৰা নিৰ্দেশনা মতে অসমৰ সমূহ বটলিফ ফেক্টৰীসমূহে যোৱা আগষ্ট আৰু ছেপ্টেম্বৰ মাহৰ ন্যূনতম আধাৰ মূল্য চাহ খেতিয়কক মোকলাই দিবলৈ আদেশ দিয়ে। 


তাৰ পৰিপেক্ষিতত যোৱা ২৭অক্টোবৰৰ পৰা ১ নৱেম্বৰলৈকে বটলিফ ফেক্টৰীয়ে কেঁচাপাত লোৱাৰ পৰা বিৰত আছিল। ডুমডুমাত তিনিচুকীয়া জিলা সহকাৰী আয়ুক্তৰ অধ্যক্ষতাত এখন সভা অনুষ্ঠিত হয়। 


উক্ত সভাত উপস্থিত থাকে ডুমডুমা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া, তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ চাহ ব'ৰ্ডৰ বিষয়া, উদ্যোগ আৰু বাণিজ্যিক বিভাগ তিনিচুকীয়াৰ পৰিচালক, বটলিফ এছ'চিয়েশ্যনৰ বিষয়ববীয়া আৰু সদৌ অসম ক্ষুদ্র চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলাৰ বিষয়ববীয়াসকল। 


আলোচনাৰ শেষত বটলিফ এছ'চিয়েশ্যনে অৱগত কৰে যে এই নির্দেশ পুনৰ বিবেচনাৰ বাবে তেওঁলোকে চাহ ব'ৰ্ডলৈ পত্ৰ প্ৰেৰণ কৰিছে। চাহ ব'ৰ্ডে পত্ৰৰ উত্তৰ দিলেই বটলিফ ফেক্টৰী এছ'চিয়েশ্যনে চাহ খেতিয়কক ন্যূনতম আধাৰ মূল্য প্রদান কৰাৰ ব্যৱস্থা কৰিব। লগতে বটলিফ এছ'চিয়েশ্যনে জনায় যে গতানুগতিকভাৱে এই বৰ্ষত যিদৰে কেঁচাপাত ক্ৰয় কৰিছিল তেনেদৰে ক্ৰয় কৰি থাকিব বুলি আশ্বাস দিয়ে।




উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ