--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
পূৰ্বতেও ম’বাইল ফোন বিস্ফোৰণৰ দৰে কেইবাটাও ঘটনা সংঘটিত হৈছিল যদিও  শেহতীয়াকৈ সংঘটিত হোৱা ঘটনাটো যথেষ্ট ভয়ংকৰ৷  ইউটিউবাৰ এমডি টক ৱাইটি নামৰ চেনেলটোৰ গৰাকীৰ তথ্য অনুসৰি, এটা ৰেডমি 6এ স্মাৰ্টফোন বিস্ফোৰণ হোৱাৰ ফলত  এগৰাকী মহিলাৰ মৃত্যু হয়৷ মৃত মহিলা গৰাকী ইউটিউবাৰজন খুড়ীয়েক ৷ তেওঁ দিল্লীৰ বাসিন্দা আছিল৷ ইয়াৰ পূৰ্বতে হয়তো ফোনৰ বেটাৰী বিস্ফোৰণৰ ফলত আন কোনো ব্যক্তিৰ মৃত্যু হোৱা নাছিল৷ ইউটিউবাৰজনৰ তথ্য অনুসৰি ,মহিলাগৰাকীয়ে শুই থকা সময়ত ফোনটো তেওঁৰ গাৰুৰ ওচৰত ৰাখিছিল৷তেনে সময়তে ফোনটো বিস্ফোৰিত হয়। 

এই বিষয়টোৰ সন্দৰ্ভত শ্বাওমীয়ে তাৎক্ষণিক  সঁহাৰি দিয়ে  আৰু মহিলাগৰাকীৰ পৰিয়াল কাষ চাপি বিস্ফোৰণৰ কাৰণ অনুসন্ধান কৰিব বুলিও  জানিবলৈ দিয়ে৷ 

ইউটিউবাৰজনে টুইটাৰত বেটাৰী বিস্ফোৰণৰ ঘটনাৰ বিষয়ে পোষ্ট কৰিছিল আৰু স্পষ্টীকৰণৰ বিচাৰি বাবে ম’বাইলফোন কোম্পানীটোক টেগ কৰিছিল। ইউচিনেছ ইনচাইডাৰ ইণ্ডিয়াই অনুসন্ধানৰ আপডেটৰ বিচাৰি  জিয়াওমিৰ কাষ চাপিছে। 

ইউটিউবাৰজনে টুইটাৰত শ্বেয়াৰ কৰা  ছবিত এটা বিস্ফোৰিত ৰেডমি ৬এ স্মাৰ্টফোন দেখা গৈছে৷  পৰৱৰ্তী টুইটত মনজিত নামৰ এই ইউটিবাৰজনে  চৰকাৰ আৰু স্মাৰ্টফোন নিৰ্মাতাসকলক স্মাৰ্টফোন নিৰ্মাণৰ সময়ত পৰ্যাপ্ত  সুৰক্ষা নিশ্চিত কৰিবলৈ দাবী জনায়৷ যাতে আন কোনো মানুহে প্ৰাণ হেৰুৱাব লগীয়া নহয়৷ 

বৰ্তমানলৈকে এই বিস্ফোৰণৰ কাৰণ সম্পৰ্কে কোনো সঠিক তথ্য পোৱা হোৱা নাই৷ লগতে  জিয়াওমীয়ে এতিয়াও ঘটনাটোৰ বিষয়ে কোনো তথ্য প্ৰকাশ কৰা নাই। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
বকোৰ দখলাইত মাতৃ-পুত্ৰ নিৰুদ্দেশ; শোকত ভাগি পৰিছে পৰিয়াল
ইলাচী: সুগন্ধৰ লগতে স্বাস্থ্যৰো অমূল্য ভঁৰাল
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু