--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পপ তাৰকা জাষ্টিন বিবাৰ পিতৃ হ’বলৈ গৈ আছে। তেওঁ পত্নী হেলি বিবাৰৰ সৈতে প্ৰসূতিকালীন ফটো শ্বুটৰ কিছু ছবি নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এটা সময়ত তেওঁ ক’লে যে তেওঁ কিয় হেলীক নিজৰ সন্তানৰ মাতৃ হিচাপে চাব বিচাৰে। দীৰ্ঘদিন ধৰি পিতৃ হোৱাৰ সপোন দেখিছিল পপ তাৰকাগৰাকীয়ে।য

এটা সাক্ষাৎকাৰত জাষ্টিনক সোধা হৈছিল যে তেওঁ ভৱিষ্যতে কিমান সন্তানৰ পিতৃ হ’ব বিচাৰে? "হেলীয়ে যিমানটা সন্তান বিচাৰে, মই সিমান সন্তানৰ পিতৃ হ'ব বিচাৰো। মোৰ নিজৰ এটা সৰু বংশ বিচাৰো। কিন্তু শৰীৰটো তাইৰ। গতিকে ই তাইৰ ওপৰত নিৰ্ভৰ কৰে।’’

জাষ্টিনে কয় যে হেলিয়েও কেইবাটাও সন্তানৰ মাতৃ হ’ব বিচাৰে। ২০২১ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “মই ভাবো যে এগৰাকী মহিলা হিচাপে হেলীৰ এতিয়াও বহুখিনি অৰ্জন কৰিবলগীয়া আছে। তেওঁ এতিয়াও সাজু হোৱা নাই। কিন্তু তাৰ বাবে কোনো সমস্যা নাই।''

জাষ্টিনে আমেৰিকান মডেল হেলীৰ বিষয়ে কয়, “মই আগতে হেলীক বিভিন্ন অনুষ্ঠানত দেখা পাইছিলোঁ। এদিন তেওঁক এটা সন্তানৰ সৈতে দেখিলোঁ। তেতিয়াই মোৰ অদ্ভুত যেন লাগিল! বুজিছোঁ, এয়া মোৰ জীৱন সংগী। মই এটা কোঠাৰ বাহিৰৰ পৰা তাক চাই আছিলো। তাইৰ হাতত এটা কেঁচুৱা আছিল। তাৰ চকুত এটা অদ্ভুত মমতা দেখা পালোঁ। মই তেতিয়া সিদ্ধান্ত লৈছিলো, তাই মোৰ সন্তানৰ মা হব।’’

জাষ্টিন আৰু হাইলীৰ প্ৰসূতিকালীন ফটো শ্বুটত নেটিজেনসকলো আপ্লুত হৈছে। হেলীয়ে পিন্ধিছে বগা জৰীৰ ড্ৰেছ। দেখা গ’ল, জাষ্টিনে হাইলীৰ উখহি উঠা অংশৰ ফটো তুলি আছিল। নেটিজেনে দম্পতীহালক এই পোষ্টৰ বাবে অভিনন্দন জনায়। ২০১৮ চনত জাষ্টিন আৰু হাইলীয়ে গোপনে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ আগতে কেইবাদিনো দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ