--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ পপ তাৰকা জাষ্টিন বিবাৰ পিতৃ হ’বলৈ গৈ আছে। তেওঁ পত্নী হেলি বিবাৰৰ সৈতে প্ৰসূতিকালীন ফটো শ্বুটৰ কিছু ছবি নিজৰ ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। এটা সময়ত তেওঁ ক’লে যে তেওঁ কিয় হেলীক নিজৰ সন্তানৰ মাতৃ হিচাপে চাব বিচাৰে। দীৰ্ঘদিন ধৰি পিতৃ হোৱাৰ সপোন দেখিছিল পপ তাৰকাগৰাকীয়ে।য

এটা সাক্ষাৎকাৰত জাষ্টিনক সোধা হৈছিল যে তেওঁ ভৱিষ্যতে কিমান সন্তানৰ পিতৃ হ’ব বিচাৰে? "হেলীয়ে যিমানটা সন্তান বিচাৰে, মই সিমান সন্তানৰ পিতৃ হ'ব বিচাৰো। মোৰ নিজৰ এটা সৰু বংশ বিচাৰো। কিন্তু শৰীৰটো তাইৰ। গতিকে ই তাইৰ ওপৰত নিৰ্ভৰ কৰে।’’

জাষ্টিনে কয় যে হেলিয়েও কেইবাটাও সন্তানৰ মাতৃ হ’ব বিচাৰে। ২০২১ চনত দিয়া এক সাক্ষাৎকাৰত তেওঁ কয়, “মই ভাবো যে এগৰাকী মহিলা হিচাপে হেলীৰ এতিয়াও বহুখিনি অৰ্জন কৰিবলগীয়া আছে। তেওঁ এতিয়াও সাজু হোৱা নাই। কিন্তু তাৰ বাবে কোনো সমস্যা নাই।''

জাষ্টিনে আমেৰিকান মডেল হেলীৰ বিষয়ে কয়, “মই আগতে হেলীক বিভিন্ন অনুষ্ঠানত দেখা পাইছিলোঁ। এদিন তেওঁক এটা সন্তানৰ সৈতে দেখিলোঁ। তেতিয়াই মোৰ অদ্ভুত যেন লাগিল! বুজিছোঁ, এয়া মোৰ জীৱন সংগী। মই এটা কোঠাৰ বাহিৰৰ পৰা তাক চাই আছিলো। তাইৰ হাতত এটা কেঁচুৱা আছিল। তাৰ চকুত এটা অদ্ভুত মমতা দেখা পালোঁ। মই তেতিয়া সিদ্ধান্ত লৈছিলো, তাই মোৰ সন্তানৰ মা হব।’’

জাষ্টিন আৰু হাইলীৰ প্ৰসূতিকালীন ফটো শ্বুটত নেটিজেনসকলো আপ্লুত হৈছে। হেলীয়ে পিন্ধিছে বগা জৰীৰ ড্ৰেছ। দেখা গ’ল, জাষ্টিনে হাইলীৰ উখহি উঠা অংশৰ ফটো তুলি আছিল। নেটিজেনে দম্পতীহালক এই পোষ্টৰ বাবে অভিনন্দন জনায়। ২০১৮ চনত জাষ্টিন আৰু হাইলীয়ে গোপনে বিবাহপাশত আবদ্ধ হয়। বিয়াৰ আগতে কেইবাদিনো দুয়োৰে প্ৰেমৰ সম্পৰ্ক আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু