--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কোৱা হয় যে ভাৰতীয় মহিলা অনন্য। আধুনিক ভাৰতৰ নিৰ্মাণত মহিলাসকলৰ বৰঙণি অপৰিসীম। সফলতাৰ ধাৰা অব্যাহত আছে ভাৰতৰ মহিলা উদ্যোগপতিসকলৰো। ইন্দ্ৰ নুয়ী, ফালগুনি নাইৰ, কিৰণ মজুমদাৰ শ্ব’, ৰোশ্নি নাদাৰকে ধৰি কেইবাগৰাকী উদ্যোপতিৰ বাবে আজি দেশ গৌৰৱান্বিত। ভাৰতীয় ব্যৱসায় জগতত এই মহিলাসকলৰ ৰাজত্ব মুকেশ আম্বানী, গৌতম আদানীতকৈ কম নহয়! এই প্ৰতিবেদনত দেশৰ নাৰী শক্তিৰ ওপৰত আলোকপাত কৰা হৈছে।

কিৰণ মজুমদাৰ শ্ব'। তেওঁ বায়কন লিমিটেডৰ অধ্যক্ষ আৰু প্ৰতিষ্ঠাপক। দেশৰ এগৰাকী মহিলা কোটিপতি। ১৯৭৮ চনত কিৰণে নিজৰ কোম্পানী গঢ়ি তুলিছিল। সেই কোম্পানীৰে তেওঁ সফলতাৰ শিখৰত উপনীত হৈছে। বাণিজ্যিক আলোচনী ফৰ্বছৰ এক প্ৰতিবেদন অনুসৰি, কিৰণৰ বায়’ফাৰ্মাচিউটিকেল কোম্পানী (যিটোৱে বায়’লজিকেল প্ৰস্তুত কৰে) ৰাজহৰ হিচাপত ভাৰতৰ ভিতৰতে সৰ্বাধিক। কিৰণে ১৯৮৯ চনত ‘পদ্মশ্ৰী’ লাভ কৰে। ২০০৫ চনত 'পদ্মভূষণ' লাভ কৰে। তেওঁৰ সম্পত্তিৰ পৰিমাণ আকাশলংঘী। ২০২২ চনৰ হিচাপ অনুসৰি কিৰণৰ মুঠ সম্পত্তি প্ৰায় ৩৬ হাজাৰ কোটি।

উৰৱী এ পিৰামল। স্বামী অশোক পিৰামলৰ মৃত্যুৰ পিছত উৰৱীয়ে ব্যৱসায় জগতত প্ৰৱেশ কৰাৰ সিদ্ধান্ত লয়। বছৰটো আছিল ১৯৮৪ চন। তেতিয়াৰ পৰা তেওঁ অকলেই ব্যৱসায়টো পৰিচালনা কৰি আহিছে। ব্যৱসায় পৰিচালনা কৰাৰ সময়ত উৰৱীয়ে বহু বাধাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছিল। উদাহৰণস্বৰূপে ২০০৫ চনত পৰিয়ালটো বিচ্ছেদ হোৱাৰ পিছত তেওঁ ক্ষতিৰ সন্মুখীন হ’বলগীয়া হৈছিল। কিন্তু তেওঁ হাৰ নামানিলে।  ৬ বছৰৰ ভিতৰতে তেওঁ ব্যৱসায়িক লাভৰ মুখখন দেখিলে। ‘বিজনেছ ৱৰ্ল্ড’ আলোচনীৰ সূত্ৰ অনুসৰি ২০২২ চনলৈকে উৰৱীৰ বাৰ্ষিক দৰমহা আছিল ১০ কোটি।

ৰোশ্নি নাদৰ মালহোত্ৰা। এইচ চি এল টেকন’লজিছৰ শীৰ্ষত থকা প্ৰথমগৰাকী মহিলা হিচাপে জিলিকি উঠিছে ৰোশ্নি নাদৰ মালহোত্ৰাই। ব্যৱসায়ী পৰিয়ালত ডাঙৰ-দীঘল হৈছিল। গতিকে পিছত ৰোশ্ণীয়ে পৰিয়ালৰ ব্যৱসায়ৰ লগত জড়িত হৈ পৰিল। এইচ চি এলৰ প্ৰতিষ্ঠাপক শিৱ নাদাৰৰ একমাত্ৰ কন্যা ৰোশনী। ২০২০ চনত ফৰ্বছৰ বিশ্বৰ ১০০ গৰাকী শক্তিশালী মহিলাৰ তালিকাত ৫৫ নম্বৰ স্থান লাভ কৰিছিল ৰোশনীক। তেওঁ দিল্লীত ডাঙৰ-দীঘল হৈছিল। বসন্ত ভেলী স্কুলত পঢ়িছিল। পিছলৈ তেওঁ নৰ্থৱেষ্টাৰ্ণ বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰে। কেলগ স্কুল অৱ মেনেজমেণ্টৰ পৰাও এম বি এ উত্তীৰ্ণ হয়। ‘ইকনমিক টাইমছ’ৰ সূত্ৰ অনুসৰি, ২০২২ চনৰ হিচাপ অনুসৰি ৰোশনীৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫৪ হাজাৰ ৮৫০ কোটি।

ফালগুনি নাইৰ। জনপ্ৰিয় প্ৰসাধন সামগ্ৰী কোম্পানী 'নাইকা'ৰ প্ৰতিষ্ঠাপক। ফাল্গনীৰ দেউতাক আছিল এজন ব্যৱসায়ী। ‘বিজনেছ ষ্টেণ্ডাৰ্ড’ৰ এক প্ৰতিবেদন অনুসৰি, ২০২২ চনলৈকে ফালগুনিৰ মুঠ সম্পত্তিৰ পৰিমাণ ৫৬,০০০ কোটি টকা।

ইন্দ্ৰা নুয়ী। ভাৰতীয়-আমেৰিকান ইন্দ্ৰা নুয়ীয়েও ব্যৱসায়ত নিজৰ নাম উজলাই তুলিছে। ২০১৮ চনলৈকে তেওঁ পেপচিকোৰ চিইঅ’ৰ পদত অধিষ্ঠিত আছিল। ১৯৯৪ চনত তেওঁ এই সংগঠনত যোগদান কৰে। ২০০৬ চনত তেওঁ কোম্পানীটোৰ চিইঅ’ হয়। ২০১৮ চনৰ ৬ আগষ্টত মুখ্য কাৰ্যবাহী বিষয়াৰ পদৰ পৰা পদত্যাগ কৰে। ২০১৯ চনলৈকে তেওঁ সংগঠনটোৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল। ইন্দ্ৰাৰ কাৰ্যকালত কোম্পানীটোৰ বিক্ৰী ৮০ শতাংশ বৃদ্ধি পায়। তেওঁৰো আছে ধন-সম্পত্তিৰ পাহাৰ। ‘হিন্দুস্তান টাইমছ’ৰ প্ৰতিবেদন অনুসৰি, ইন্দ্ৰাৰ মুঠ সম্পত্তিৰ পৰিমাণ ২ হাজাৰ কোটি টকাতকৈও অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু