--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিয়াৰ পৰিণতি কেনে বিষম হ’ব পাৰে তাৰ এক প্ৰমাণ পোৱা গ’ল  উত্তৰ প্ৰদেশ৷ কিবা কথাকলৈ কাজিয়া হৈছিল পেট্ৰল পাম্পত কাম কৰা দুজন কৰ্মচাৰীৰ মাজত৷ কাজি লাগি থকাৰ মাজতে এজনে আনজন লোকক মাটিত বগৰাই লৈ মলদ্বাৰেৰে এয়াৰ পাইপ ভৰাই বায়ু এৰি দিয়ে৷ ফলত বতাহ সোমাই লোক জনৰ পেট ফুলি উঠে আৰু উশাহ লোৱাত কষ্ট পাবলৈ ধৰে৷ 

সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো সংঘটিত কৰিয়েই   অভিযুক্ত লোকজন  পলাতক অৱস্থাত আছে৷ এই আচৰিত ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰাকেশ মাৰ্গৰ চিহানি গেট আৰক্ষী থানা এলেকাত ৷

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তজনক মোহিত বুলি চিনাক্ত কৰা হৈছে। তেওঁ ৰাকেশ মাৰ্গৰ এটা পেট্ৰ'ল পাম্পত কাম কৰে। ১৯ বছৰীয়া বিজয়েও সেই পেট্ৰ'ল পাম্পত কাম কৰে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়  যে বিজয় আৰু মোহিতৰ মাজত  কোনো বিষয়ত তৰ্ক হৈছিল। ইয়াৰ পিছত মোহিতে বিজয়ক  আক্ৰমণ কৰে আৰু  বিজয়ক মাটিত পেলাই লৈ  আৰু নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ উপৰি  তেওঁৰ মলদ্বাৰেৰে পাইপ ভৰাই দি বায়ু সুমুৱাই দিয়ে৷ আৰক্ষীয়ে জনোৱা অনুসৰি কিছু সময়ৰ পিছতে  বিজয় অসুস্থ হৈ পৰে আৰু পাম্পৰ আন কৰ্মীসকলে সংকটজনক অৱস্থাত তেওঁক  চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷ 

 চিকিৎসকসকলে কৈছে  যে বিজয়ৰ অৱস্থা এতিয়াও সংকটজনক  হৈয়েই আছে৷ আৰক্ষীয়ে অভিযুক্ত মোহিতৰ বিৰুদ্ধে কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। ঘটনাটোৰ পিছৰে পৰা মোহিত পলাতক হৈ আছে। এজন আৰক্ষী বিষয়াই কৈছিল তেওঁক কৰায়ত্ব কৰিবলৈ অভিযান  চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু