--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাজিয়াৰ পৰিণতি কেনে বিষম হ’ব পাৰে তাৰ এক প্ৰমাণ পোৱা গ’ল  উত্তৰ প্ৰদেশ৷ কিবা কথাকলৈ কাজিয়া হৈছিল পেট্ৰল পাম্পত কাম কৰা দুজন কৰ্মচাৰীৰ মাজত৷ কাজি লাগি থকাৰ মাজতে এজনে আনজন লোকক মাটিত বগৰাই লৈ মলদ্বাৰেৰে এয়াৰ পাইপ ভৰাই বায়ু এৰি দিয়ে৷ ফলত বতাহ সোমাই লোক জনৰ পেট ফুলি উঠে আৰু উশাহ লোৱাত কষ্ট পাবলৈ ধৰে৷ 

সংকটজনক অৱস্থাত লোকজনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ঘটনাটো সংঘটিত কৰিয়েই   অভিযুক্ত লোকজন  পলাতক অৱস্থাত আছে৷ এই আচৰিত ঘটনাটো সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ৰাকেশ মাৰ্গৰ চিহানি গেট আৰক্ষী থানা এলেকাত ৷

আৰক্ষীয়ে জনোৱা অনুসৰি অভিযুক্তজনক মোহিত বুলি চিনাক্ত কৰা হৈছে। তেওঁ ৰাকেশ মাৰ্গৰ এটা পেট্ৰ'ল পাম্পত কাম কৰে। ১৯ বছৰীয়া বিজয়েও সেই পেট্ৰ'ল পাম্পত কাম কৰে। এজন জ্যেষ্ঠ আৰক্ষী বিষয়াই কয়  যে বিজয় আৰু মোহিতৰ মাজত  কোনো বিষয়ত তৰ্ক হৈছিল। ইয়াৰ পিছত মোহিতে বিজয়ক  আক্ৰমণ কৰে আৰু  বিজয়ক মাটিত পেলাই লৈ  আৰু নিৰ্দয়ভাৱে প্ৰহাৰ কৰাৰ উপৰি  তেওঁৰ মলদ্বাৰেৰে পাইপ ভৰাই দি বায়ু সুমুৱাই দিয়ে৷ আৰক্ষীয়ে জনোৱা অনুসৰি কিছু সময়ৰ পিছতে  বিজয় অসুস্থ হৈ পৰে আৰু পাম্পৰ আন কৰ্মীসকলে সংকটজনক অৱস্থাত তেওঁক  চিকিৎসালয়ত ভৰ্তি কৰোৱায়৷ 

 চিকিৎসকসকলে কৈছে  যে বিজয়ৰ অৱস্থা এতিয়াও সংকটজনক  হৈয়েই আছে৷ আৰক্ষীয়ে অভিযুক্ত মোহিতৰ বিৰুদ্ধে কেইবাটাও ধাৰাৰ অধীনত গোচৰ ৰুজু কৰিছে। ঘটনাটোৰ পিছৰে পৰা মোহিত পলাতক হৈ আছে। এজন আৰক্ষী বিষয়াই কৈছিল তেওঁক কৰায়ত্ব কৰিবলৈ অভিযান  চলি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ