--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘কৰিশ্মা কা কৰিশ্মা’ নামৰ জনপ্ৰিয় টিভি ছিৰিয়েলখনৰ কথা মনত আছেনে? তাত কৰিশ্মা নামৰ এটা ৰবটৰ চৰিত্ৰ দেখুওৱা হৈছিল। শিশুসকলৰ মাজত এই ছিৰিয়েলখন অতি জনপ্ৰিয় আছিল। কৰিশ্মাৰ চৰিত্ৰত অভিনয় কৰিছিল ঝনক শুক্লাই। শেহতীয়াকৈ ঝনক শুক্লাই নিজৰ জীৱনৰ এটা ডাঙৰ ভাল খবৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰিছে। 

ৰবট কৰিশ্মাৰ চৰিত্ৰত অভিনয় কৰা বিখ্যাত শিশু অভিনেত্ৰীগৰাকীৰ শেহতীয়াকৈ বাগদান সম্পন্ন হৈছে। ছ'চিয়েল মিডিয়াত হবলগীয়া স্বামীৰ সৈতে ফটো শ্বেয়াৰ কৰি নিজৰ এংগেজমেণ্টৰ কথা ঘোষণা কৰিছে অভিনেত্ৰীগৰাকীয়ে। 

দীৰ্ঘদিনীয়া প্ৰেমিক স্বপ্নীল সূৰ্যবংশীৰ সৈতে এংগেজমেণ্ট কৰিছে ঝনক শুক্লাই। অভিনেত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াত নিজৰ এংগেজমেণ্টৰ ছবি শ্বেয়াৰ কৰিছে।

ঝনক শুক্লা বিখ্যাত টিভি অভিনেত্ৰী সুপ্ৰিয়া শুক্লাৰ কন্যা। সুপ্ৰিয়া শুক্লাই নিজৰ কেৰিয়াৰত বহু টিভি ধাৰাবাহিক, ৱেব ধাৰাবাহিক আৰু ছবিত কাম কৰি আহিছে। 

শৈশৱত বহু টিভি ধাৰাবাহিকত নিজৰ অভিনয় প্ৰদৰ্শন কৰিছিল ঝনক শুক্লাই। ঝনকে শ্বাহৰুখ খান আৰু প্ৰীতি জিন্তাৰ সৈতে ‘কল হো না হো’ ছবিতো কাম কৰিছে।
Jhanak Shukla from 'Karishma Kaa Karishma' all grown up, calls 2003 show  her 'best work' | Television News
ছ’চিয়েল মিডিয়াত ঝনক শুক্লা অতি সক্ৰিয় হৈ থাকে। ঝনক এগৰাকী লাইফষ্টাইল আৰু ফেশ্বন ব্লগাৰ। ছ’চিয়েল মিডিয়াত প্ৰায়ে ঝনকে নতুন নতুন ফটো আৰু ভিডিঅ’ পোষ্ট কৰে।










FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু