--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আগলে জনম মহে বিটিয়া হী কিজো’ আৰু বহু টেলিভিছন শ্ব’ৰ জৰিয়তে দৰ্শকৰ মনত স্থান দখল কৰা টিভি অভিনেত্ৰী ৰতন ৰাজপুত প্ৰায়ে লাইমলাইটত থাকে। ৰতন আজিকালি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে আৰু তাত বহু বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে। শেহতীয়াকৈ ৰতনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁ গ্লেমাৰ জগতৰ বহু কথা উদঙাই দিছে। ইয়াৰ সমান্তৰালকৈ ৰতনে এই কথাও প্ৰকাশ কৰিছে যে মনোৰঞ্জন জগতত কিয় ইমানবোৰ আত্মহত্যাৰ ঘটনা বাঢ়িছে।

ৰতনে কয় যে ''চলচ্চিত্ৰ আৰু টিভি জগতৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে কোৱাটো অতি প্ৰয়োজনীয়। আজি আমি এনেকুৱা ঘটনা কিছুমান দেখিবলৈ পাইছো য'ত এনে লাগে যে ইমান সৰু কথাত মানুহে আত্মহত্যা কৰা উচিত নাছিল। ইয়াত সৰু কথাবোৰো ডাঙৰ হৈ পৰে। পকেটত টকা নাথাকিলেও সংবাদ মাধ্যমত চৰ্চিত হৈ থাকিবৰ বাবে পাৰ্টি কৰে অভিনেতা-অভিনেত্ৰীয়ে। ভাড়াৰ টকা দিব নাথাকিলেও কিন্তু নিজকে হাই ক্লাছ দেখুৱাবলৈ কিছুমান বস্তু কিনি টকা খৰচ কৰে তেওঁলোকে। এনে বহু মানুহ খুব তললৈ নামি অহা দেখিছোঁ আৰু এই কাৰণে আত্মহত্যাৰ দৰে পদক্ষেপ লয়।''

ৰতনে আৰু কয় যে ''সৰু চহৰৰ পৰা বহু লোক মুম্বাইলৈ আহে। ইয়াত ব্যক্তিজনক নিম্ন শ্ৰেণী আৰু উচ্চ শ্ৰেণী হিচাপে দেখা যায়। নিম্ন শ্ৰেণীৰ মানুহে উচ্চ শ্ৰেণীৰ হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰে। ডাঙৰ ডাঙৰ হোটেলত পাৰ্টি কৰি শ্বো অফ কৰে। ময়ো পাটনা বিহাৰৰ। ময়ো মুম্বাইত বহু সময় কটালোঁ, কিন্তু মই কেতিয়াও নিম্ন আৰু উচ্চ শ্ৰেণীৰ বৃত্তত নপৰিলোঁ। মই গাঁৱত সহজ ভাৱে থকাৰ দৰে মুম্বাইতো একেদৰে থাকো। মই নিজকে কেতিয়াও শ্বো অফ  নকৰো আৰু ভুৱা মানুহৰ লগতো সংগ নকৰো। মই সঁচা পৃথিৱীৰ সঁচা মানুহৰ সৈতে সংযোগ স্থাপন কৰি ভাল পাওঁ। উল্লেখ্য যে ৰতনে ছ’চিয়েল মিডিয়াত বহুতো ভ্লগ শ্বেয়াৰ কৰে, য'ত তেওঁ গাঁৱৰ জীৱনটোক অতি নিবিড়ভাৱে দেখুৱায়। কেতিয়াবা ৰতনক পথাৰত কাম কৰা দেখা যায় আৰু কেতিয়াবা চৌকাত ৰন্ধা-বঢ়া কৰা দেখা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
‘ককৰ’চ’ৰ প্ৰতিবাদ ৰুধিবলৈ বন্ধ কৰিলে দিল্লীৰ ১৬টা মেট্র’ ষ্টেছন
বানৰ কবলত অসম: পৰিস্থিতিৰ ভয়াৱহ অৱনতি, মৃতকৰ সংখ্যা বৃদ্ধি; মুখ্যমন্ত্ৰীৰ ৪ লাখ টকাৰ সাহায্য ঘোষণা
উজনি অসমৰ বান পৰিস্থিতিৰ বুজ ল'লে মুখ্যমন্ত্ৰীয়ে; নাগালেণ্ডৰ সৈতে জলস্তৰ বৃদ্ধি সন্দৰ্ভত আলোচনাৰ ইংগিত
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
Advertisement