--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘আগলে জনম মহে বিটিয়া হী কিজো’ আৰু বহু টেলিভিছন শ্ব’ৰ জৰিয়তে দৰ্শকৰ মনত স্থান দখল কৰা টিভি অভিনেত্ৰী ৰতন ৰাজপুত প্ৰায়ে লাইমলাইটত থাকে। ৰতন আজিকালি ছ’চিয়েল মিডিয়াত সক্ৰিয় হৈ থাকে আৰু তাত বহু বিষয়ত মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে। শেহতীয়াকৈ ৰতনে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁ গ্লেমাৰ জগতৰ বহু কথা উদঙাই দিছে। ইয়াৰ সমান্তৰালকৈ ৰতনে এই কথাও প্ৰকাশ কৰিছে যে মনোৰঞ্জন জগতত কিয় ইমানবোৰ আত্মহত্যাৰ ঘটনা বাঢ়িছে।

ৰতনে কয় যে ''চলচ্চিত্ৰ আৰু টিভি জগতৰ বৰ্তমানৰ অৱস্থাৰ বিষয়ে কোৱাটো অতি প্ৰয়োজনীয়। আজি আমি এনেকুৱা ঘটনা কিছুমান দেখিবলৈ পাইছো য'ত এনে লাগে যে ইমান সৰু কথাত মানুহে আত্মহত্যা কৰা উচিত নাছিল। ইয়াত সৰু কথাবোৰো ডাঙৰ হৈ পৰে। পকেটত টকা নাথাকিলেও সংবাদ মাধ্যমত চৰ্চিত হৈ থাকিবৰ বাবে পাৰ্টি কৰে অভিনেতা-অভিনেত্ৰীয়ে। ভাড়াৰ টকা দিব নাথাকিলেও কিন্তু নিজকে হাই ক্লাছ দেখুৱাবলৈ কিছুমান বস্তু কিনি টকা খৰচ কৰে তেওঁলোকে। এনে বহু মানুহ খুব তললৈ নামি অহা দেখিছোঁ আৰু এই কাৰণে আত্মহত্যাৰ দৰে পদক্ষেপ লয়।''

ৰতনে আৰু কয় যে ''সৰু চহৰৰ পৰা বহু লোক মুম্বাইলৈ আহে। ইয়াত ব্যক্তিজনক নিম্ন শ্ৰেণী আৰু উচ্চ শ্ৰেণী হিচাপে দেখা যায়। নিম্ন শ্ৰেণীৰ মানুহে উচ্চ শ্ৰেণীৰ হ’বলৈ যৎপৰোনাস্তি চেষ্টা কৰে। ডাঙৰ ডাঙৰ হোটেলত পাৰ্টি কৰি শ্বো অফ কৰে। ময়ো পাটনা বিহাৰৰ। ময়ো মুম্বাইত বহু সময় কটালোঁ, কিন্তু মই কেতিয়াও নিম্ন আৰু উচ্চ শ্ৰেণীৰ বৃত্তত নপৰিলোঁ। মই গাঁৱত সহজ ভাৱে থকাৰ দৰে মুম্বাইতো একেদৰে থাকো। মই নিজকে কেতিয়াও শ্বো অফ  নকৰো আৰু ভুৱা মানুহৰ লগতো সংগ নকৰো। মই সঁচা পৃথিৱীৰ সঁচা মানুহৰ সৈতে সংযোগ স্থাপন কৰি ভাল পাওঁ। উল্লেখ্য যে ৰতনে ছ’চিয়েল মিডিয়াত বহুতো ভ্লগ শ্বেয়াৰ কৰে, য'ত তেওঁ গাঁৱৰ জীৱনটোক অতি নিবিড়ভাৱে দেখুৱায়। কেতিয়াবা ৰতনক পথাৰত কাম কৰা দেখা যায় আৰু কেতিয়াবা চৌকাত ৰন্ধা-বঢ়া কৰা দেখা যায়।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু