--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কঠোৰ আইন প্ৰণয়নৰ পাছতো দেশত বন্ধ হোৱা নাই বাল্যবিবাহ৷ বাল্যবিবাহ প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও দেশৰ ভিন্ন প্ৰান্তত চলি আছে বাল্যবিবাহ৷

দেওবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি বিহাৰৰ চিৱান জিলাত এগৰাকী ১১ বছৰীয়া কিশোৰীক বিবাহ কৰোৱাৰ অভিযোগত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত এজন ৪০ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযুক্তজনক মহেন্দ্ৰ পাণ্ডে বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত চিৱানৰ আৰক্ষী অধীক্ষক শৈলেশ কুমাৰ সিনহাই কয়, অভিযুক্ত মহেন্দ্ৰ কুমাৰক পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। নাবালিকা ছোৱালীজনীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷

নাবালিকাজনীৰ মাতৃয়ে অভিযোগ কৰিছিল যে অভিযুক্ত মহেন্দ্ৰ পাণ্ডেয়ে ঋণ পৰিশোধ নকৰাৰ বাবে তেওঁৰ জীয়েকক বলপূৰ্বক বিয়া কৰাইছিল। অৱশ্যে, অভিযুক্ত মহেন্দ্ৰ পাণ্ডেয়ে ওপৰোক্ত অভিযোগ অস্বীকাৰ কৰি কয় যে এয়া ছোৱালীজনীৰ মাতৃয়ে তেওঁৰ পৰা ধন উলিয়াবলৈ ব্যৱহাৰ কৰা কৌশল৷

মহেন্দ্ৰই কয়, মই ছোৱালীজনীৰ মাকৰ সন্মতিতহে বিবাহপাশত আবদ্ধ হৈছিলোঁ। এতিয়া ছোৱালীজনীৰ মাকে মোক ব্লেকমেইল কৰি আছে। তেওঁ টকা দাবী কৰিবলৈ আৰম্ভ কৰিছিল। আমাৰ মাজত কোনো ধৰণৰ ধনৰ লেনদেন নাই। মই ‘ফান্দ’ত পৰিছোঁ।

আনহাতে ভুক্তভোগী কিশোৰীগৰাকীয়ে কয় যে তেওঁৰ মাতৃয়ে অভিযুক্ত মহেন্দ্ৰ পাণ্ডেক এটা মিছা গোচৰত জড়িত কৰাই আছে। আমি দুয়ো মোৰ মাৰ সন্মতিতহে বিবাহপাশত আবদ্ধ হৈছিলোঁ, আমি একেলগে থাকিব বিচাৰো। আগতে মোৰ মায়ে সকলোবোৰ সম্পন্ন কৰিছিল, এতিয়া তেওঁ আমাক দুয়োকে জালত পেলাইছে৷ 

নাবালক ছোৱালীজনীৰ মাতৃৰ পৰা অভিযোগ পোৱাৰ পাছত আৰক্ষীয়ে মাইৰৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৰু অভিযুক্ত মহেন্দ্ৰ কুমাৰক পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে