--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কঠোৰ আইন প্ৰণয়নৰ পাছতো দেশত বন্ধ হোৱা নাই বাল্যবিবাহ৷ বাল্যবিবাহ প্ৰতিৰোধৰ বাবে চৰকাৰ-প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে যদিও দেশৰ ভিন্ন প্ৰান্তত চলি আছে বাল্যবিবাহ৷

দেওবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি বিহাৰৰ চিৱান জিলাত এগৰাকী ১১ বছৰীয়া কিশোৰীক বিবাহ কৰোৱাৰ অভিযোগত যৌন অপৰাধৰ পৰা শিশুৰ সুৰক্ষা আইনৰ অধীনত এজন ৪০ বছৰীয়া ব্যক্তিক গ্ৰেপ্তাৰ কৰা হৈছিল।

অভিযুক্তজনক মহেন্দ্ৰ পাণ্ডে বুলি চিনাক্ত কৰা হৈছে। এই সন্দৰ্ভত চিৱানৰ আৰক্ষী অধীক্ষক শৈলেশ কুমাৰ সিনহাই কয়, অভিযুক্ত মহেন্দ্ৰ কুমাৰক পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে। নাবালিকা ছোৱালীজনীক চিকিৎসা পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে। আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে৷

নাবালিকাজনীৰ মাতৃয়ে অভিযোগ কৰিছিল যে অভিযুক্ত মহেন্দ্ৰ পাণ্ডেয়ে ঋণ পৰিশোধ নকৰাৰ বাবে তেওঁৰ জীয়েকক বলপূৰ্বক বিয়া কৰাইছিল। অৱশ্যে, অভিযুক্ত মহেন্দ্ৰ পাণ্ডেয়ে ওপৰোক্ত অভিযোগ অস্বীকাৰ কৰি কয় যে এয়া ছোৱালীজনীৰ মাতৃয়ে তেওঁৰ পৰা ধন উলিয়াবলৈ ব্যৱহাৰ কৰা কৌশল৷

মহেন্দ্ৰই কয়, মই ছোৱালীজনীৰ মাকৰ সন্মতিতহে বিবাহপাশত আবদ্ধ হৈছিলোঁ। এতিয়া ছোৱালীজনীৰ মাকে মোক ব্লেকমেইল কৰি আছে। তেওঁ টকা দাবী কৰিবলৈ আৰম্ভ কৰিছিল। আমাৰ মাজত কোনো ধৰণৰ ধনৰ লেনদেন নাই। মই ‘ফান্দ’ত পৰিছোঁ।

আনহাতে ভুক্তভোগী কিশোৰীগৰাকীয়ে কয় যে তেওঁৰ মাতৃয়ে অভিযুক্ত মহেন্দ্ৰ পাণ্ডেক এটা মিছা গোচৰত জড়িত কৰাই আছে। আমি দুয়ো মোৰ মাৰ সন্মতিতহে বিবাহপাশত আবদ্ধ হৈছিলোঁ, আমি একেলগে থাকিব বিচাৰো। আগতে মোৰ মায়ে সকলোবোৰ সম্পন্ন কৰিছিল, এতিয়া তেওঁ আমাক দুয়োকে জালত পেলাইছে৷ 

নাবালক ছোৱালীজনীৰ মাতৃৰ পৰা অভিযোগ পোৱাৰ পাছত আৰক্ষীয়ে মাইৰৱা আৰক্ষী থানাত এটা গোচৰ ৰুজু কৰে আৰু অভিযুক্ত মহেন্দ্ৰ কুমাৰক পকচো আইনৰ অধীনত গ্ৰেপ্তাৰ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
নিজকে অপহৰণ হোৱা বুলি জেষ্ঠ ভাতৃক দাৱী কৰিলে ধন ; আৰক্ষীৰ জালত ৰঙিয়াৰ এজন যুৱক
হাইদৰ হুছেইনক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
গুৱাহাটীত ৩০ ছেপ্টেম্বৰত উদ্বোধনী মেচ
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ