--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত এজনী পাকিস্তানী যুৱতীৰ প্ৰেমত পৰিল এজন ভাৰতীয় যুৱক। দিন পাৰ হৈ যোৱাৰ লগে লগে প্ৰেমৰ সম্পৰ্ক গভীৰ হৈ আহিল। কিন্তু প্ৰেমৰ কোনো সফল সামৰণি নঘটিল। ঠিক ইয়াৰ বিপৰীতহে হৈছে। যুৱকজনৰ জীৱনত ধুমুহাৰ সৃষ্টি হৈছে। চোৰাংচোৱাগিৰিৰ অভিযোগ উঠিল যুৱকজনৰ বিৰুদ্ধে৷

বিশাল নামৰ যুৱকজন ঝাৰখণ্ডৰ এটা মধ্যবিত্ত পৰিয়ালৰ পুত্ৰ। ২০০৪ চনত তেওঁ পঢ়া-শুনা কৰিবলৈ পুনেলৈ যায়। তাতে এখন কলেজত নামভৰ্তি কৰে।

ঝাৰখণ্ডৰ পৰা পুনেলৈ স্থানান্তৰিত হোৱাৰ লগে লগে বিশালৰ জীৱন সলনি হ’ল। ২০০৫ চনত বিশালে য়াহু মেচেঞ্জাৰত এগৰাকী পাকিস্তানী যুৱতীৰ সৈতে কথা-বতৰা পাতিছিল।  কৰাচীৰ বাসিন্দা যুৱতীগৰাকীৰ নাম- ফাতিমা ছাল্লাহুদ্দিন শ্বাহ।

কথা পতাৰ কেইদিনমানৰ ভিতৰতে বিশালৰ লগত ফাতিমাৰ ঘনিষ্ঠতা বাঢ়ি গ’ল। বিশালে চাইবাৰ কেফেত ঘণ্টাৰ পিছত ঘণ্টা ধৰি ফাতিমাৰ লগত আড্ডা মাৰিছিল।

আড্ডাত দুয়োজনে ইজনে সিজনৰ বিষয়ে বিভিন্ন কথা শ্বেয়াৰ কৰিছিল। ফাতিমাই কয় যে তেওঁৰ পিতৃ এজন অৱসৰপ্ৰাপ্ত পাকিস্তানী সেনা বিষয়া।

ইয়াৰ পিছত বিশাল ফাতিমাৰ প্ৰেমত পৰিল। তাইক বিয়াৰ প্ৰস্তাৱো দিলে। সেই প্ৰস্তাৱ ফাতিমাই মানি ল’লে। ইয়াৰ পিছত বিশাল আৰু ফাতিমা ওচৰ চাপি আহিল। ফাতিমাই বিশালক তাইৰ ব্যক্তিগত ফোন নম্বৰ এটা দিয়ে৷

বিশালে স্থানীয় এছটিডি বুথৰ পৰা ফাতিমাৰ নম্বৰত ফোন কৰিছিল। এছটিডি বুথৰ পৰা ফাতিমাক ফোন কৰি থাকোঁতে বিশালক ডেৰ লাখ টকাৰ বিল দিয়া হ’ল। অৱশ্যে সেই বুথৰ মালিকে আৰক্ষীক জনাইছিল যে তেওঁ মাত্ৰ ৪০ হাজাৰ টকাহে দিছিল।

বিশালে ফাতিমাৰ মাক দেউতাকৰ লগতো ফোনত কথা পাতিলে। প্ৰথম অৱস্থাত বিশালৰ পিতৃ-মাতৃয়ে এই সম্পৰ্ক মানি লোৱা নাছিল। পিছত তেওঁলোকে এটা চৰ্তত সন্মতি দিলে। চৰ্ত আছিল যে বিশালে ইছলাম ধৰ্ম গ্ৰহণ কৰিব লাগিব। বিশালেও এই প্ৰস্তাৱত সন্মতি দিলে।

ইয়াৰ পিছত বিশালক ফাতিমা আৰু পিতৃয়ে পাকিস্তান ভ্ৰমণলৈ নিমন্ত্ৰণ জনায়। কেৱল সেয়াই নহয়, ফাতিমাৰ দেউতাকে প্ৰস্তাৱ দিছিল যে বিয়াৰ পিছত ফাতিমা আৰু বিশালে লণ্ডনত থাকি তাতেই ব্যৱসায় পৰিচালনা কৰিব লাগিব৷

ফাতিমাৰ দেউতাকৰ কথা শুনি বিশালে স্বাভাৱিকতে আনন্দত আত্মহাৰা হৈ পৰিল। প্ৰেমিকক জীৱন সংগী কৰি তুলিবলৈ সি উদ্বাউল হৈ পৰিল। পাকিস্তানী ভিছাৰ বাবে আবেদন কৰিছিল। কিন্তু সেই আবেদন নাকচ কৰা হ’ল।

ইয়াৰ পিছত ফাতিমাৰ পিতৃ ছাল্লাহুদ্দিনে বিশালক নতুন দিল্লীৰ পাকিস্তান উচ্চায়ুক্তৰ এজন কৰ্মচাৰীৰ ফোন নম্বৰ দিলে। তেওঁৰ নাম আছিল চৈয়দ এছ হুছেইন তিৰমিজী। বিশালে তিৰমিজীৰ সৈতে যোগাযোগ কৰিলে।

আৰক্ষীয়ে জনোৱা মতে, বিশালে পাকিস্তানৰ ভিছা ল’বলৈ তেওঁৰ বিভিন্ন নথি-পত্ৰ তিৰমিজীক গতাই দিছিল। সেই সময়ত বিশাল দিল্লীৰ পাহাৰগঞ্জ অঞ্চলৰ এখন লজত বাস কৰিছিল। ফাতিমা আৰু তাইৰ দেউতাকৰ পৰাও টকা পাইছিল।

পাকিস্তান উচ্চায়ুক্তৰ আন এজন কৰ্মচাৰী জাভেদ ওৰফে আব্দুল লতিফ বিশালৰ বাবে পাকিস্তানৰ ভিছা লাভৰ প্ৰক্ৰিয়াত তিৰমিজীৰ সৈতে জড়িত আছিল। বিশালৰ বাবে ভিছাৰ ব্যৱস্থা কৰিলে।

তদন্তত আৰক্ষীয়ে গম পালে যে বিশাল সেই ভিছা লৈ দুবাৰ পাকিস্তানলৈ গৈছিল। ২০০৬ চনৰ অক্টোবৰ মাহত তেওঁ ৪ দিন পাকিস্তানত আছিল। ইয়াৰ পিছত বিশাল ২০০৭ চনৰ জানুৱাৰী মাহত ২ সপ্তাহতকৈ অধিক সময় দেশত থাকে।

২০০৭ চনৰ ৮ এপ্ৰিলত বিশালক পুনে চহৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। গুপ্তচৰবৃত্তিৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হয়। বিশাল পাকিস্তানৰ পৰা উভতি আহোঁতে পুনেৰ বিভিন্ন অঞ্চলৰ সামৰিক প্ৰতিষ্ঠান আৰু ধৰ্মীয় স্থানৰ ফটো আৰু গোপন নথি-পত্ৰ তেওঁৰ পৰা উদ্ধাৰ কৰা হয়।

আৰক্ষীৰ তথ্য অনুসৰি, বিশালৰ পৰা ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমী, বম্বে ইঞ্জিনিয়াৰিং গ্ৰুপ, চাউদাৰ্ণ কমাণ্ডকে ধৰি ভাৰতীয় সেনাৰ বিভিন্ন প্ৰতিষ্ঠানৰ ছবি উদ্ধাৰ কৰা হৈছে। ইয়াৰ উপৰিও বিশালৰ পৰা বিভিন্ন ধৰ্মীয় স্থান, পুনেস্থিত আৰ এছ এছৰ মুখ্য কাৰ্যালয়ৰ ছবিও উদ্ধাৰ কৰা হয়।

কেৱল সেয়াই নহয়, বিশালৰ পৰা ভাৰতীয় সেনাৰ বিষয়াৰ ফোন নম্বৰৰ কপি, ফাতিমাৰ ফটো, চালাহুদ্দিনক উদ্দেশ্যি লিখা খাম এটাও উদ্ধাৰ কৰা হয়।

পুনেৰ ডেক্কান থানাত বিশালৰ বিৰুদ্ধে এফআইআৰ দাখিল কৰা হয়। তেওঁৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ১২০বি ধাৰা আৰু চৰকাৰী গোপনীয়তা আইনৰ অধীনত গোচৰ ৰুজু কৰা হয়।

তদন্তত আৰক্ষীয়ে জানিব পাৰে যে ছালাহুদ্দিনে বিশালক পুনেৰ ভাৰতীয় সেনাৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু ধৰ্মীয় স্থানৰ ছবি প্ৰেৰণ কৰিবলৈ কয়। পাকিস্তানৰ পৰা পুনেলৈ উভতি অহাৰ পিছত বিশালেও একেদৰেই কৰিলে। ইয়াৰ পিছত তেওঁৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ তথ্য সংগ্ৰহ কৰি ফটো তুলি পাকিস্তানলৈ প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন হয়।

ইছলাম ধৰ্ম গ্ৰহণ কৰিবলৈ পুনেৰ মৌলৱীসকলৰ সৈতে তেওঁৰ ব্যাপক যোগাযোগ আছিল বুলি আৰক্ষীয়ে দাবী কৰে। পুনেৰ এজন মৌলৱীয়ে আৰক্ষীক জনাইছে যে তেওঁ ছালাহুদ্দিনৰ সৈতে ফোনত কথা পাতিছিল আৰু ছালাহুদ্দিনে ইতিমধ্যে বিশাল ইছলাম ধৰ্ম গ্ৰহণ কৰা বুলি জনাইছে। ধৰ্মান্তৰিত কৰি নাম দিয়া হৈছিল বিলাল।

এই ঘটনাত পাকিস্তান উচ্চায়ুক্তৰ কৰ্মচাৰীৰ ভূমিকা তদন্তৰ বাবে পুনে চহৰৰ আৰক্ষীয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ কাষ চাপিছিল। কিন্তু তেওঁলোকে আন্তৰাষ্ট্ৰীয় ‘ভিয়েনা সন্ধি’ৰ নিয়ম অনুসৰি তেওঁলোকৰ বিৰুদ্ধে ব্যৱস্থা ল’ব পৰা নাছিল।

২০০৭ চনৰ জুলাই মাহত পুনে আদালতত বিশালৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযোগনামা দাখিল কৰে। চোৰাংচোৱাগিৰি কৰাৰ অভিযোগ অস্বীকাৰ কৰিলে বিশালে। প্ৰেমৰ সম্পৰ্কৰ বাবেহে দুবাৰ পাকিস্তানলৈ গৈছিল বুলি দাবী কৰে। প্ৰমাণ চোৱাৰ পিছত আদালতে লক্ষ্য কৰিলে যে বিশাল ‘গভীৰ ষড়যন্ত্ৰ’ত সোমাই পৰিছিল৷

২০১১ চনৰ ২৯ মাৰ্চত বিশালক দোষী সাব্যস্ত কৰি ৭ বছৰৰ কাৰাদণ্ড বিহা হয়। ম্যাদ উকলি যোৱাৰ লগে লগে তেওঁক মুকলি কৰি দিয়া হয়। ইমান বছৰৰ পাছতো পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আইৰ এজেণ্ট ছাল্লাহুদ্দিন শ্বাহ আৰু তেওঁৰ কন্যা ফাতিমা এতিয়াও ‘ৱাণ্টেড’ তালিকাত আছে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
এতিয়াৰ পৰা UPI এপৰ জৰিয়তে চাব নোৱাৰিব একাউণ্টৰ জমা ধন
দিলীপ শইকীয়াসহ দেশৰ ১৭ বিশিষ্ট সাংসদক 'সংসদ ৰত্ন' বঁটা
বিশ্বৰ জনপ্ৰিয় গণতান্ত্রিক নেতাৰ শীৰ্ষ স্থানত নৰেন্দ্ৰ মোদী
চেণ্টকমৰ মুৰব্বীক সৰ্বোচ্চ ৰাজ্যিক সন্মান প্ৰদান পাকিস্তানৰ
১৪ ছেপ্টেম্বৰত ভাৰত-পাকিস্তানৰ মেচ
গুৱাহাটী বিশ্ববিদ্যালয়ত চাঞ্চল্যকৰ চুৰিকাণ্ড
কাইলৈ শাওণ মাহৰ প্ৰথমটো সোমবাৰ; ব্ৰত ৰখাৰ নিয়ম জানি লওক, নহ'লে পূজা হʼব আধৰুৱা
ধনৰ অবৈধ সৰবৰাহ! ছট্টিশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্রী বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ
ৰাষ্ট্ৰসংঘৰ মজিয়াত সন্ত্রাসবাদীক মুকলি সমর্থন পাকিস্তানৰ
২০ বছৰে ক’মাত থকাৰ পাছত অৱশেষত মৃত্যুক সাবটিলে 'স্লিপিং প্ৰিন্স' নামেৰে জনাজাত যুৱকজনে
আজি শাওণ মাহৰ প্ৰথমটো সোমবাৰ; মহা মৃত্যুঞ্জয় মন্দিৰত পুৱাৰে পৰা অগণন ভক্তৰ ভিৰ
মায়াৰ চৰ শাইলধাৰাত ব্ৰহ্মপুত্ৰৰ প্ৰচণ্ড খহনীয়া! নিদ্ৰাৰত অৱস্থাত জনপ্রতিনিধি
ভিটামিন Aৰ অভাৱত শৰীৰৰ হয় নানা সমস্যা! আপুনি জানেনে সতৰ্কবাণীসমূহ
ভাৰতীয় দলত অন্তৰ্ভুক্ত পেচাৰ অনছুল