--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখনৰ অথবা চৌপাশৰ আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ ডাষ্টবিনৰ ব্যৱহাৰ অপৰিহাৰ্য৷ বৰ্তমানৰ ডাষ্টবিনৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰী বা৷বেচৰকাৰীভাৱেও  সজাগতা সৃষ্টি কৰা হৈছে৷ আনকি ডাষ্টবিনৰ বিপৰীতে মুকলি ঠাইত জাৱৰ-জোথৰ পেলালে জৰিমনা বিহাৰো নিয়ম আছে৷ 

আৱৰ্জনাৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি  আৱৰ্জনা পেলোৱাৰ বাবে নীলা আৰু সেউজীয়া ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা হয়। ভিজা আৱৰ্জনাৰ বাবে সেউজীয়া ডাষ্টবিন আৰু শুকান আৱৰ্জনাৰ বাবে নীলা ডাষ্টবিন ব্যৱহাৰ হয়। কিন্তু ইয়াৰ বিপৰীতে চিকিৎসালয়ত হয়তো ৫ টা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা আপুনিও মন কৰিছে৷ জানো আহক, কিয় চিকিৎসালয় ৫ টা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা হয়৷ 

১. ৰঙা ৰঙৰ ডাষ্টবিন

এই ৰঙৰ ডাষ্টবিনত ব্লাড বেগ, প্ৰস্ৰাৱৰ বেগ, টিউবিন, গ্লাভছ, আই ভি চেট, চিৰিঞ্জ আৰু অন্যান্য সংক্ৰমিত বস্তু পেলোৱা হয়৷ মূলতঃ পেথ’লজী আৰু অপাৰেচন থিয়েটাৰত ব্যৱহাৰ কৰা বস্তুবোৰ ৰঙা ডাষ্টবিনত পেলোৱা হয়।

২. হালধীয়া ৰঙৰ ডাষ্টবিন

ৰোগী বা সাধাৰণ লোকে ব্যৱহাৰ কৰা টিচুজ, প্লেচেণ্টা, বেণ্ডেজ আৰু তেজেৰে তিতি থকা কঁপাহ পেলোৱা হয় হালধীয়া ৰঙৰ ডাষ্টবিনত।

৩. ক’লা ৰঙাৰ ডাষ্টবিন

ক’লা ৰঙৰ ডাষ্টবিনত বায়’মেডিকেল আৱৰ্জনা পেলোৱা হয়৷  ইয়াত বেটাৰী, বেবী ডায়েপাৰ, চেনিটেৰী পেড আৰু ম্যাদ ওকলা ঔষধ পেলোৱা হয়। ইয়াৰ উপৰি বিউটি প্ৰডাক্ট আৰু ৰাসায়নিক পদাৰ্থও পেলোৱা হয়।

৪. নীলা ৰঙৰ ডাষ্টবিন

শুকান আৱৰ্জনা পেলোৱাৰ বাবে ব্যৱহাৰ হয় নীলা ৰঙৰ ডাষ্টবিন। ইয়াত প্লাষ্টিকৰ সামগ্ৰী, খাদ্য সামগ্ৰীৰ পেকেট, তথা অন্যান্য শুকান সামগ্ৰী পেলোৱা হয়।

৫. সেউজীয়া ৰঙৰ ডাষ্টবিন

ভিজা আৱৰ্জনাৰ বাবে সেউজীয়া ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা হয়। ইয়াত ৰৈ যোৱা খাদ্য সামগ্ৰী, বিভিন্ন শাক-পাচলিৰ বাকলিৰ লগতে আন আন ভিজা আৱৰ্জান পেলোৱা হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
পুৱা খালী ভৰিৰে ঘাঁহত খোজ কাঢ়িলে আপুনি পাব শাৰীৰিক আৰু মানসিক লাভালাভ
অনলাইন লটাৰীৰ প্ৰলোভন! দেৰগাঁৱৰ এগৰাকী সচেতন ব্যক্তিৰ সজাগতাত ফাদিল প্ৰৱঞ্চনাৰ জাল
মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত মানসজ্যোতি চেতিয়াৰ মৃত্যুৰ ঘটনাক লৈ তীব্ৰ তদন্ত অসম আৰক্ষীৰ
লাল চাহৰ স্বাস্থ্য উপকাৰিতাৰ কথা জানেনে? জানিলে আচৰিত হ’ব
ধুবুৰীত নিষিদ্ধ ড্ৰাগছসহ গ্ৰেপ্তাৰ এজন
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২