--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ঘৰখনৰ অথবা চৌপাশৰ আৱৰ্জনাবোৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ ডাষ্টবিনৰ ব্যৱহাৰ অপৰিহাৰ্য৷ বৰ্তমানৰ ডাষ্টবিনৰ ব্যৱহাৰ সম্পৰ্কে চৰকাৰী বা৷বেচৰকাৰীভাৱেও  সজাগতা সৃষ্টি কৰা হৈছে৷ আনকি ডাষ্টবিনৰ বিপৰীতে মুকলি ঠাইত জাৱৰ-জোথৰ পেলালে জৰিমনা বিহাৰো নিয়ম আছে৷ 

আৱৰ্জনাৰ প্ৰকাৰৰ ওপৰত ভিত্তি কৰি  আৱৰ্জনা পেলোৱাৰ বাবে নীলা আৰু সেউজীয়া ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা হয়। ভিজা আৱৰ্জনাৰ বাবে সেউজীয়া ডাষ্টবিন আৰু শুকান আৱৰ্জনাৰ বাবে নীলা ডাষ্টবিন ব্যৱহাৰ হয়। কিন্তু ইয়াৰ বিপৰীতে চিকিৎসালয়ত হয়তো ৫ টা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা আপুনিও মন কৰিছে৷ জানো আহক, কিয় চিকিৎসালয় ৫ টা ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা হয়৷ 

১. ৰঙা ৰঙৰ ডাষ্টবিন

এই ৰঙৰ ডাষ্টবিনত ব্লাড বেগ, প্ৰস্ৰাৱৰ বেগ, টিউবিন, গ্লাভছ, আই ভি চেট, চিৰিঞ্জ আৰু অন্যান্য সংক্ৰমিত বস্তু পেলোৱা হয়৷ মূলতঃ পেথ’লজী আৰু অপাৰেচন থিয়েটাৰত ব্যৱহাৰ কৰা বস্তুবোৰ ৰঙা ডাষ্টবিনত পেলোৱা হয়।

২. হালধীয়া ৰঙৰ ডাষ্টবিন

ৰোগী বা সাধাৰণ লোকে ব্যৱহাৰ কৰা টিচুজ, প্লেচেণ্টা, বেণ্ডেজ আৰু তেজেৰে তিতি থকা কঁপাহ পেলোৱা হয় হালধীয়া ৰঙৰ ডাষ্টবিনত।

৩. ক’লা ৰঙাৰ ডাষ্টবিন

ক’লা ৰঙৰ ডাষ্টবিনত বায়’মেডিকেল আৱৰ্জনা পেলোৱা হয়৷  ইয়াত বেটাৰী, বেবী ডায়েপাৰ, চেনিটেৰী পেড আৰু ম্যাদ ওকলা ঔষধ পেলোৱা হয়। ইয়াৰ উপৰি বিউটি প্ৰডাক্ট আৰু ৰাসায়নিক পদাৰ্থও পেলোৱা হয়।

৪. নীলা ৰঙৰ ডাষ্টবিন

শুকান আৱৰ্জনা পেলোৱাৰ বাবে ব্যৱহাৰ হয় নীলা ৰঙৰ ডাষ্টবিন। ইয়াত প্লাষ্টিকৰ সামগ্ৰী, খাদ্য সামগ্ৰীৰ পেকেট, তথা অন্যান্য শুকান সামগ্ৰী পেলোৱা হয়।

৫. সেউজীয়া ৰঙৰ ডাষ্টবিন

ভিজা আৱৰ্জনাৰ বাবে সেউজীয়া ৰঙৰ ডাষ্টবিন ব্যৱহাৰ কৰা হয়। ইয়াত ৰৈ যোৱা খাদ্য সামগ্ৰী, বিভিন্ন শাক-পাচলিৰ বাকলিৰ লগতে আন আন ভিজা আৱৰ্জান পেলোৱা হয়।











FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু