--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজনীতিৰ গৰম বতাহজাকত এতিয়া উত্তাল পঞ্জাৱৰ ৰাজনীতি। পঞ্জাৱৰ ৰাজনীতিত বিসম্বাদৰ বীজ সিচি দি নৱজ্যোৎ সিং সিদ্ধুৰ নেতৃত্বত গঢ়ি উঠিছিল লবীকেন্দ্ৰীক ৰাজনীতি। মূলত: সিদ্ধুৰ বিসম্বাদৰ বাবে পঞ্জাৱৰ মুখ্যামন্ত্ৰীৰ পদ হেৰুৱাব লগা হৈছিল কেপ্টেইন অমৰিন্দৰ সিং।

ইফালে, কংগ্ৰেছ হাইকামাণ্ডৰ সদায় নয়নৰ মণি হৈ থাকিব বিচৰা সিদ্ধুৱে এইবাৰ কংগ্ৰেছকে দিলে মোক্ষম আঘাত। কিয়নো সিদ্ধুৱে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদ আকস্মিকভাৱে ত্যাগ কৰা কৰা বুলি কৰা ঘোষণাই অস্বস্তিত পেলাইছে দলীয় হাইকমাণ্ডক।সি যি কি নহওক, সিদ্ধুৱে সভাপতি পদ ত্যাগৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ কি তাক লৈ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চা চলিছে।

এইবোৰৰ ভিৰতৰ সম্ভাব্য পাঁচটা কাৰণক লৈ চলিছে চৰ্চা। প্ৰথম, পঞ্জাৱৰ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিঙক গৃহ বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবী দিয়াক লৈ মুঠেই সন্তুষ্ট নহয় সিদ্ধু। তদুপৰি ক্ৰিকেটৰ পৰা ৰাজনীতিবিদ হোৱা ৰাণা গুৰজিৎ সিঙক কংগ্ৰছৰ নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা কাৰ্যৰো ঘোৰ বিৰোধিতা কৰিছিল সিদ্ধুৱে, কিয়নো সেই নেতাজনৰ বিৰুদ্ধে বহুকেইটা কেলেংকাৰী অভিযোগ থকাৰ কথা প্ৰকাশ কৰি আহিছিল সিদ্ধুৱে। তৃতীয়তে, নতুন মন্ত্ৰীসভাত এ পি এছ বিষয়া দেউলক চৰকাৰৰ জেনেৰেল এডভোকেট হিচাপে নিযুক্তি দিয়াক লৈ অসন্তুষ্ট হৈছিল সিদ্ধু। কিয়নো তেওঁৰ বিৰুদ্ধেও আছে বলিদান গোচৰ, শিখ ধৰ্মীয়া গ্ৰন্থ চাহিবক ঘোৰ অপমান কৰাৰ গুৰুতৰ অভিযোগ। এনেবোৰ কাৰণতে সিদ্ধুৱে পদত্যাগ কৰা বুলি ব্যাপক চৰ্চা চলিছে। অৱশ্যে সিদ্ধুৰ পদত্যাগ হাইকমাণ্ডে গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে। আলোচনাৰ মাজেৰে সিদ্ধুৰ অসন্তুষ্টি আতৰোঁৱাৰ চেষ্টা কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক