--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ৰাজনীতিৰ গৰম বতাহজাকত এতিয়া উত্তাল পঞ্জাৱৰ ৰাজনীতি। পঞ্জাৱৰ ৰাজনীতিত বিসম্বাদৰ বীজ সিচি দি নৱজ্যোৎ সিং সিদ্ধুৰ নেতৃত্বত গঢ়ি উঠিছিল লবীকেন্দ্ৰীক ৰাজনীতি। মূলত: সিদ্ধুৰ বিসম্বাদৰ বাবে পঞ্জাৱৰ মুখ্যামন্ত্ৰীৰ পদ হেৰুৱাব লগা হৈছিল কেপ্টেইন অমৰিন্দৰ সিং।

ইফালে, কংগ্ৰেছ হাইকামাণ্ডৰ সদায় নয়নৰ মণি হৈ থাকিব বিচৰা সিদ্ধুৱে এইবাৰ কংগ্ৰেছকে দিলে মোক্ষম আঘাত। কিয়নো সিদ্ধুৱে পঞ্জাৱ কংগ্ৰেছৰ সভাপতি পদ আকস্মিকভাৱে ত্যাগ কৰা কৰা বুলি কৰা ঘোষণাই অস্বস্তিত পেলাইছে দলীয় হাইকমাণ্ডক।সি যি কি নহওক, সিদ্ধুৱে সভাপতি পদ ত্যাগৰ সিদ্ধান্তৰ আঁৰৰ কাৰণ কি তাক লৈ ৰাজনৈতিক মহলত এতিয়া ব্যাপক চৰ্চা চলিছে।

এইবোৰৰ ভিৰতৰ সম্ভাব্য পাঁচটা কাৰণক লৈ চলিছে চৰ্চা। প্ৰথম, পঞ্জাৱৰ উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিঙক গৃহ বিভাগৰ দৰে এটা গুৰুত্বপূৰ্ণ পদবী দিয়াক লৈ মুঠেই সন্তুষ্ট নহয় সিদ্ধু। তদুপৰি ক্ৰিকেটৰ পৰা ৰাজনীতিবিদ হোৱা ৰাণা গুৰজিৎ সিঙক কংগ্ৰছৰ নতুন মন্ত্ৰীসভাত অন্তৰ্ভুক্ত কৰা কাৰ্যৰো ঘোৰ বিৰোধিতা কৰিছিল সিদ্ধুৱে, কিয়নো সেই নেতাজনৰ বিৰুদ্ধে বহুকেইটা কেলেংকাৰী অভিযোগ থকাৰ কথা প্ৰকাশ কৰি আহিছিল সিদ্ধুৱে। তৃতীয়তে, নতুন মন্ত্ৰীসভাত এ পি এছ বিষয়া দেউলক চৰকাৰৰ জেনেৰেল এডভোকেট হিচাপে নিযুক্তি দিয়াক লৈ অসন্তুষ্ট হৈছিল সিদ্ধু। কিয়নো তেওঁৰ বিৰুদ্ধেও আছে বলিদান গোচৰ, শিখ ধৰ্মীয়া গ্ৰন্থ চাহিবক ঘোৰ অপমান কৰাৰ গুৰুতৰ অভিযোগ। এনেবোৰ কাৰণতে সিদ্ধুৱে পদত্যাগ কৰা বুলি ব্যাপক চৰ্চা চলিছে। অৱশ্যে সিদ্ধুৰ পদত্যাগ হাইকমাণ্ডে গ্ৰহণ কৰা নাই বুলি জানিব পৰা গৈছে। আলোচনাৰ মাজেৰে সিদ্ধুৰ অসন্তুষ্টি আতৰোঁৱাৰ চেষ্টা কৰিছে কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
ভাৰতত হ্রাস পাইছে সূৰ্যৰ ৰশ্মি, সঘনে হোৱা প্ৰতিকূল বতৰৰ বাবে সমগ্ৰ দেশত ভয়ানক বায়ু প্ৰদূষণৰ আশংকা
পাৰ্লাৰৰ ভিতৰত চিপ লোৱা অৱস্থাত উদ্ধাৰ মেনেজাৰ সাগৰ বণিয়াৰ মৃতদেহ; ৩মাহে পোৱা নাছিল দৰমহা
তিনিচুকীয়াৰ বালিজানত মৰাণ লোকসকলক জাতিগত প্ৰমাণ পত্ৰ বিতৰণ
২০২৮ত বিশ্বৰ তৃতীয় বৃহৎ অর্থনীতি হ'ব ভাৰত, মুম্বাইত ব্রিটিছ প্রধানমন্ত্ৰীৰ দাবী
বিহাৰৰ ভোজপুৰী চিনেমাৰ অভিনেতা পৱন সিঙলৈ 'ৱাই' কেটেগৰীৰ নিৰাপত্তা
অপাৰেশ্যন সেন্দূৰ'ত ব্যৱহৃত অস্ত্র-শস্ত্রক পূজা বি এছ এফৰ জোৱানৰ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা