--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বানেধোৱা ধেমাজিত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। যাৰ বাবে মহা আড়ম্বপূৰ্ণ আয়োজনেৰে সজাই তোলা হৈছে সমগ্ৰ ধেমাজি চহৰ। এই কেবিনেট বৈঠকৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে খৰছ কৰিছে ৰাজকোষৰ পৰা ১ কোটি ১০ লাখ টকা। দিছপুৰৰ বাহিৰত এয়াই প্ৰথমবাৰৰ বাবে অনুষ্ঠতি হোৱা নাই কেবিনেট বৈঠক। ইয়াৰ পূৰ্বেও বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ তথা সত্ৰনগৰী মাজুলীত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। ড০ হিমন্ত বিশ্ব শৰ্মাই শাসনৰ বাগজৰী হাতত লোৱাৰ পূৰ্বে ২০১৬ত বিজেপি শাসনলৈ আহোতে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ পদাংক অনুসৰণ কৰি মাজুলীত কেবিনেট বৈঠক পাতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ কেবিনেট বৈঠকত নদীদ্বীপটোকে ধৰি ৰাজ্যখনৰ বাবে ১৪শ কোটিৰ বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে। ইয়াৰ অধিকাংশ আঁচনিয়েই ৰূপায়ণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছিল সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ।

বিগত ৫ বছৰত ৰূপায়ণ নহ’ল ৰাজকোষৰ লাখ লাখ টকা ব্যয় কৰি মাজুলীৰ কেবিনেটত ঘোষণা কৰা বহু আঁচনি। কেবিনেটত ঘোষণা হোৱা সিদ্ধান্তসমূহৰ অন্যতম আছিল মাজুলীক বিশ্ব ঐতিয্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলা। কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ ব্যাৱস্থা গ্ৰহণ নকৰিলে সোণোৱাল চৰকাৰে। কেবিনেটত ঘোষণা কৰে মতে, এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো। জিলাখনৰ সকলো পথেই পকী কৰাৰ প্ৰস্তাৱ সেই কেবিনেটত লোৱা হৈছিল যদিও আজিকোপতি মাজুলীত নিৰ্মাণ ন পকী পথ৷ মাত্ৰ ৭০ শতাংশ পথৰ কাম কৰিয়েই যেন সন্তুষ্ট থাকিল বিজেপিৰ নেতৃত্বাধীন চৰকাৰ। আধৰুৱা হৈ আছে প্ৰস্তাৱিত আয়ুৰ্বেদিক হাস্পতাল ভৱনৰ কামো। কাগজতে সীমাবদ্ধ মাজুলীত প্লেনেটৰিয়াম স্থাপনৰ সিদ্ধান্ত।

৫ বছৰৰ ভিতৰতে উন্নতমানৰ ষ্টেডিয়াম নিৰ্মাণৰ ঘোষণা কৰিছিল যদিও ষ্টেডিয়ামাৰ নামত নিৰ্মাণ হ’ল এটা ঘৰহে। ইয়াৰ উপৰি আধাৰশিলাতে থমকি ৰ’ল জিঅ’ টিউব, চৰকাৰী মহাবিদ্যালয়, ৩ তাৰকাযুক্ত হোটেল। যাতায়াত ব্যৱস্থাৰ বাবে ৰ’ৰ’ জাহাজ আৰু ৰ’পেক্স মাজুলীলৈ প্ৰেৰণ কৰিছিল যদিও ইয়াৰে এখনো বেছিদিন নচলিল। যাৰ পৰিণতিত ৮ ছেপ্টেম্বৰত সংঘটিত হ’ল শোকাৱহ নাও দুৰ্ঘটনা। ৰাজ্যৰ নাৰ্ছিংহোমসমূহক নাকী লগোৱাৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও বিগত ৫ বছৰত বৃদ্ধি হ’ল নাৰ্ছিংহোমসমূহৰ দৌৰাত্ম্য। ২০১৬ৰ ৮ ছেপ্টেম্বৰত মাজুলীত কেবিনেট অনুষ্ঠিত কৰি চমক দিছিল যদিও ঘোষণা কৰা আঁচনিসমূহৰ পৰা মাজুলীৰ লগতে ৰাজ্যবাসীয়ে আজি পৰ্যন্ত নাপালে সুফল। ইয়াৰ পাছত পুনৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ বাহিৰত আয়োজন কৰা দেখা গৈছে কেবিনেট বৈঠক। আৰু এই কেবিনেট বৈঠকক লৈ অধিৰ আগ্ৰহেৰে বাট চাইছে ধেমাজিবাসীয়ে। এই কেবিনেট বৈঠক কিমান ফলপ্ৰসু হ'ব, সেয়া সময়তহে লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ