--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বানেধোৱা ধেমাজিত অনুষ্ঠিত হ’ব কেবিনেট বৈঠক। যাৰ বাবে মহা আড়ম্বপূৰ্ণ আয়োজনেৰে সজাই তোলা হৈছে সমগ্ৰ ধেমাজি চহৰ। এই কেবিনেট বৈঠকৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে খৰছ কৰিছে ৰাজকোষৰ পৰা ১ কোটি ১০ লাখ টকা। দিছপুৰৰ বাহিৰত এয়াই প্ৰথমবাৰৰ বাবে অনুষ্ঠতি হোৱা নাই কেবিনেট বৈঠক। ইয়াৰ পূৰ্বেও বিশ্বৰ সৰ্ববৃহৎ নদীদ্বীপ তথা সত্ৰনগৰী মাজুলীত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। ড০ হিমন্ত বিশ্ব শৰ্মাই শাসনৰ বাগজৰী হাতত লোৱাৰ পূৰ্বে ২০১৬ত বিজেপি শাসনলৈ আহোতে ৰাজধানীৰ বাহিৰত অনুষ্ঠিত হৈছিল কেবিনেট বৈঠক। প্ৰয়াত শৰৎ চন্দ্ৰ সিংহৰ পদাংক অনুসৰণ কৰি মাজুলীত কেবিনেট বৈঠক পাতিছিল প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। মাজুলীৰ কেবিনেট বৈঠকত নদীদ্বীপটোকে ধৰি ৰাজ্যখনৰ বাবে ১৪শ কোটিৰ বিভিন্ন উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিছিল চৰকাৰে। ইয়াৰ অধিকাংশ আঁচনিয়েই ৰূপায়ণ কৰাত শোচনীয়ভাৱে ব্যৰ্থ হৈছিল সোণোৱাল নেতৃত্বাধীন বিজেপি চৰকাৰ।

বিগত ৫ বছৰত ৰূপায়ণ নহ’ল ৰাজকোষৰ লাখ লাখ টকা ব্যয় কৰি মাজুলীৰ কেবিনেটত ঘোষণা কৰা বহু আঁচনি। কেবিনেটত ঘোষণা হোৱা সিদ্ধান্তসমূহৰ অন্যতম আছিল মাজুলীক বিশ্ব ঐতিয্য ক্ষেত্ৰ হিচাপে গঢ়ি তোলা। কিন্তু এইক্ষেত্ৰত কোনোধৰণৰ ব্যাৱস্থা গ্ৰহণ নকৰিলে সোণোৱাল চৰকাৰে। কেবিনেটত ঘোষণা কৰে মতে, এতিয়ালৈ সম্পূৰ্ণ হোৱা নাই সাংস্কৃতিক বিশ্ববিদ্যালয় নিৰ্মাণৰ কামো। জিলাখনৰ সকলো পথেই পকী কৰাৰ প্ৰস্তাৱ সেই কেবিনেটত লোৱা হৈছিল যদিও আজিকোপতি মাজুলীত নিৰ্মাণ ন পকী পথ৷ মাত্ৰ ৭০ শতাংশ পথৰ কাম কৰিয়েই যেন সন্তুষ্ট থাকিল বিজেপিৰ নেতৃত্বাধীন চৰকাৰ। আধৰুৱা হৈ আছে প্ৰস্তাৱিত আয়ুৰ্বেদিক হাস্পতাল ভৱনৰ কামো। কাগজতে সীমাবদ্ধ মাজুলীত প্লেনেটৰিয়াম স্থাপনৰ সিদ্ধান্ত।

৫ বছৰৰ ভিতৰতে উন্নতমানৰ ষ্টেডিয়াম নিৰ্মাণৰ ঘোষণা কৰিছিল যদিও ষ্টেডিয়ামাৰ নামত নিৰ্মাণ হ’ল এটা ঘৰহে। ইয়াৰ উপৰি আধাৰশিলাতে থমকি ৰ’ল জিঅ’ টিউব, চৰকাৰী মহাবিদ্যালয়, ৩ তাৰকাযুক্ত হোটেল। যাতায়াত ব্যৱস্থাৰ বাবে ৰ’ৰ’ জাহাজ আৰু ৰ’পেক্স মাজুলীলৈ প্ৰেৰণ কৰিছিল যদিও ইয়াৰে এখনো বেছিদিন নচলিল। যাৰ পৰিণতিত ৮ ছেপ্টেম্বৰত সংঘটিত হ’ল শোকাৱহ নাও দুৰ্ঘটনা। ৰাজ্যৰ নাৰ্ছিংহোমসমূহক নাকী লগোৱাৰ ব্যৱস্থা ঘোষণা কৰিছিল যদিও বিগত ৫ বছৰত বৃদ্ধি হ’ল নাৰ্ছিংহোমসমূহৰ দৌৰাত্ম্য। ২০১৬ৰ ৮ ছেপ্টেম্বৰত মাজুলীত কেবিনেট অনুষ্ঠিত কৰি চমক দিছিল যদিও ঘোষণা কৰা আঁচনিসমূহৰ পৰা মাজুলীৰ লগতে ৰাজ্যবাসীয়ে আজি পৰ্যন্ত নাপালে সুফল। ইয়াৰ পাছত পুনৰ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে দ্বিতীয়বাৰৰ বাবে দিছপুৰৰ বাহিৰত আয়োজন কৰা দেখা গৈছে কেবিনেট বৈঠক। আৰু এই কেবিনেট বৈঠকক লৈ অধিৰ আগ্ৰহেৰে বাট চাইছে ধেমাজিবাসীয়ে। এই কেবিনেট বৈঠক কিমান ফলপ্ৰসু হ'ব, সেয়া সময়তহে লক্ষ্যণীয় হ’ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু