--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কংগ্ৰেছ শাসিত ৰাজস্থানৰ মন্দিৰ চহৰ পুষ্কৰত  বেনাৰ্জীক দেখি পুনৰ 'জয় শ্ৰী ৰাম' দিয়ে লোকে৷ প্ৰত্যক্ষদৰ্শী এজনৰ মতে,  মমতাৰ কনভয়ক উদ্দেশ্যি আৰু শ্ল'গান দিয়া ব্যক্তিজনক আৰক্ষীয়ে উক্ত ঠাইৰ পৰা খেদি পঠিয়াইছিল। অৱশ্যে, ব্যক্তিজন ধৰা পৰিছে নে নাই সেয়া এতিয়াও জানিব পৰা  হোৱা নাই।

মমতা বেনাৰ্জী মঙলবাৰে দুপৰীয়া প্ৰায় ১.১৫ বজাত ৰাজস্থানৰ আজমেৰ শ্বৰীফলৈ গৈছিল। তাৰ পৰা তেওঁ  পুষ্কৰ ব্ৰহ্মমন্দিৰলৈ গৈছিল। পূজাৰ পিছত তেওঁৰ কনভয়ত  ওলাই যাওঁতে, ৰাস্তাত থিয় হৈ থকা এজন ব্যক্তিয়ে বহু কেইবাৰ 'জয় শ্ৰী ৰাম' বুলি চিঞৰিছিল।

মমতাক লক্ষ্য কৰি 'জয় শ্ৰী ৰাম' উচ্চাৰণ কৰাৰ বাবে পূৰ্বতেও বহু  অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২০১৯ চনৰ মে মাহত, পূৰ্ণ মেদিনীপুৰৰ চন্দ্ৰকোনাৰ ওচৰত কেইজনমানে মুখ্যমন্ত্ৰীগৰাকীৰ  কনভয় দেখি 'জয় শ্ৰী ৰাম' উচ্চাৰণ কৰিছিল। উক্ত শ্লোগানটো শুনাৰ লগে লগে মমতাই গাড়ীখন ৰ'বলৈ কৈছিল। তাৰ পিছত তেওঁ গাড়ীৰ দুৱাৰখন খুলি ৰাস্তালৈ  নামি আহে। আনফালে শ্ল'গান দিয়া যুৱকসকল পলাই গৈছিল। মুখ্যমন্ত্ৰীয়ে আগবাঢ়ি গৈ সেই যুৱক কেইজনক তিৰস্কাৰ কৰিছিল৷ সমান্তৰালভাৱে এই ধ্বনি শুনি বহু বাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছে মমতা বেনাৰ্জী৷  

কিছুদিন  আগতে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁ অখিলেশ যাদৱৰ সমৰ্থনত এখন ৰেলী অনুষ্ঠিত কৰিবলৈ যোৱাৰ সময়তো একেটা ঘটনাৰ পুনৰাবৃত্তি হৈছিল। কিন্তু সেইবাৰ মমতাই নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।মমতাই কৈছিল যে,  "জয় শ্ৰী ৰাম' শ্লোগানত মোৰ কোনো আপত্তি নাই। কিন্তু তেওঁলোকে কেতিয়াও জয় চিয়াৰাম বুলি নকয়। ''

২০২১ চনৰ ২৩ জানুৱাৰীত ভিক্টোৰিয়া মেম'ৰিয়েলত মমতাক আটাইতকৈ বেছি বিচলিত হোৱা দেখা গৈছিল। নেতাজীৰ জন্ম জয়ন্তী উদযাপনৰ সময়ত দিয়া  'জয় শ্ৰী ৰাম'ৰ শ্লোগানত খং আৰু বিৰক্ত হৈ মমতাই ভাষণ নিদিয়াকৈ মঞ্চ ত্যাগ কৰে।উক্ত মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও   আছিল। মমতাই চৰকাৰী অনুষ্ঠানত ধৰ্মীয় শ্ল'গানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভাষণ বৰ্জন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক