--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
কংগ্ৰেছ শাসিত ৰাজস্থানৰ মন্দিৰ চহৰ পুষ্কৰত  বেনাৰ্জীক দেখি পুনৰ 'জয় শ্ৰী ৰাম' দিয়ে লোকে৷ প্ৰত্যক্ষদৰ্শী এজনৰ মতে,  মমতাৰ কনভয়ক উদ্দেশ্যি আৰু শ্ল'গান দিয়া ব্যক্তিজনক আৰক্ষীয়ে উক্ত ঠাইৰ পৰা খেদি পঠিয়াইছিল। অৱশ্যে, ব্যক্তিজন ধৰা পৰিছে নে নাই সেয়া এতিয়াও জানিব পৰা  হোৱা নাই।

মমতা বেনাৰ্জী মঙলবাৰে দুপৰীয়া প্ৰায় ১.১৫ বজাত ৰাজস্থানৰ আজমেৰ শ্বৰীফলৈ গৈছিল। তাৰ পৰা তেওঁ  পুষ্কৰ ব্ৰহ্মমন্দিৰলৈ গৈছিল। পূজাৰ পিছত তেওঁৰ কনভয়ত  ওলাই যাওঁতে, ৰাস্তাত থিয় হৈ থকা এজন ব্যক্তিয়ে বহু কেইবাৰ 'জয় শ্ৰী ৰাম' বুলি চিঞৰিছিল।

মমতাক লক্ষ্য কৰি 'জয় শ্ৰী ৰাম' উচ্চাৰণ কৰাৰ বাবে পূৰ্বতেও বহু  অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ২০১৯ চনৰ মে মাহত, পূৰ্ণ মেদিনীপুৰৰ চন্দ্ৰকোনাৰ ওচৰত কেইজনমানে মুখ্যমন্ত্ৰীগৰাকীৰ  কনভয় দেখি 'জয় শ্ৰী ৰাম' উচ্চাৰণ কৰিছিল। উক্ত শ্লোগানটো শুনাৰ লগে লগে মমতাই গাড়ীখন ৰ'বলৈ কৈছিল। তাৰ পিছত তেওঁ গাড়ীৰ দুৱাৰখন খুলি ৰাস্তালৈ  নামি আহে। আনফালে শ্ল'গান দিয়া যুৱকসকল পলাই গৈছিল। মুখ্যমন্ত্ৰীয়ে আগবাঢ়ি গৈ সেই যুৱক কেইজনক তিৰস্কাৰ কৰিছিল৷ সমান্তৰালভাৱে এই ধ্বনি শুনি বহু বাৰ খঙত অগ্নিশৰ্মা হৈ পৰিছে মমতা বেনাৰ্জী৷  

কিছুদিন  আগতে, উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁ অখিলেশ যাদৱৰ সমৰ্থনত এখন ৰেলী অনুষ্ঠিত কৰিবলৈ যোৱাৰ সময়তো একেটা ঘটনাৰ পুনৰাবৃত্তি হৈছিল। কিন্তু সেইবাৰ মমতাই নিজৰ খং নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে।মমতাই কৈছিল যে,  "জয় শ্ৰী ৰাম' শ্লোগানত মোৰ কোনো আপত্তি নাই। কিন্তু তেওঁলোকে কেতিয়াও জয় চিয়াৰাম বুলি নকয়। ''

২০২১ চনৰ ২৩ জানুৱাৰীত ভিক্টোৰিয়া মেম'ৰিয়েলত মমতাক আটাইতকৈ বেছি বিচলিত হোৱা দেখা গৈছিল। নেতাজীৰ জন্ম জয়ন্তী উদযাপনৰ সময়ত দিয়া  'জয় শ্ৰী ৰাম'ৰ শ্লোগানত খং আৰু বিৰক্ত হৈ মমতাই ভাষণ নিদিয়াকৈ মঞ্চ ত্যাগ কৰে।উক্ত মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীও   আছিল। মমতাই চৰকাৰী অনুষ্ঠানত ধৰ্মীয় শ্ল'গানৰ বিৰুদ্ধে প্ৰতিবাদ কৰি ভাষণ বৰ্জন কৰিছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু