--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ প্ৰাক্তন মেনেজাৰ প্ৰকাশ জাজুৰ বিৰুদ্ধে আদালতত তৰা এটা গোচৰ অৱশেষত মীমাংসা হ’ল৷ অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন মেনেজাৰ প্ৰকাশ জাজুৱে আদালতত হাতযোৰ কৰি প্ৰিয়ংকাক ক্ষমা বিচাৰে৷ 

২০০৮  চনত প্ৰিয়ংকাই তেওঁৰ প্ৰাক্তন মেনেজাৰ প্ৰকাশ জাজুৰ বিৰুদ্ধে  অশালীন বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আৰু এটা ফোন কলৰ সময়ত কৰা কিছুমান মন্তব্যৰ বাবে ভাৰ্ছোভা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

জাজুৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৬(২) ধাৰাৰ অধীনত অপৰাধমূলক ভাবুকি দিয়া, ভাৰতীয় দণ্ডবিধিৰ ৫০৯ ধাৰাৰ অধীনত শব্দ বা ভংগীমাৰে এগৰাকী মহিলাৰ শালীনতাক অপমান কৰা, আৰু তথ্য প্ৰযুক্তি আইন, ২০ৰ ধাৰা ৬৭ উলংঘা কৰাৰ অভিযোগ আৰোপ কৰা হৈছিল।

অৱশেষত   আদালতে শেহতীয়াকৈ প্ৰিয়ংকাৰ এজাহাৰ খন  খাৰিজ কৰে আৰু জাজুক মহাৰাষ্ট্ৰ আৰক্ষী কল্যাণ পুঁজিলৈ দুসপ্তাহৰ ভিতৰত ৫০,০০০ টকা অৰিহণা যোগাবলৈ নিৰ্দেশ দিয়ে ৷ 

মীমাংসা অনুসৰি জাজুৱে " হাতযোৰ " কৰি চৰ্তহীন ক্ষমা বিচাৰিছিল আৰু কৈছিল যে প্ৰিয়ংকাক  ক্ষতি বা ভয় খুৱাবলৈ তেওঁৰ কোনো ইচ্ছা নাই। তেওঁ কয়  যে তেওঁ গোটেই ঘটনাটোৰ বাবে অনুশোচনা অনুভৱ কৰিছিল আৰু  অনুতাপেৰে মন  ভৰি পৰিছিল। 

দুয়োটা পক্ষই আদালতক জনায় যে তেওঁলোকৰ মত পাৰ্থক্যবোৰ সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি কৰা হৈছে। চোপ্ৰা ই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে আৰু পি কে চৱনৰ খণ্ড বিচাৰপীঠৰ সন্মুখত উপস্থিত হয়  আৰু কয়  যে গোচৰটো খাৰিজ কৰাত তেওঁৰ কোনো আপত্তি নাই।

উল্লেখ্য ২০০১  চনৰ পৰা ২০০৪  চনলৈ জাজুৱে চোপ্ৰাৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ দৰমহাৰ বিষয়কলৈ প্ৰিয়ংকাৰে তেওঁৰ মতবিৰোধ হৈছিল৷ প্ৰিয়ংকাই অপৰিশোধিত ধনৰ  বাবে জাজুক ২৯ লাখ টকা পৰিশোধ কৰিছে আৰু জাজুৱে   চোপ্ৰাৰ সৈতে কেতিয়াও যোগাযোগ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক