--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰাই তেওঁৰ প্ৰাক্তন মেনেজাৰ প্ৰকাশ জাজুৰ বিৰুদ্ধে আদালতত তৰা এটা গোচৰ অৱশেষত মীমাংসা হ’ল৷ অভিনেত্ৰীগৰাকীৰ প্ৰাক্তন মেনেজাৰ প্ৰকাশ জাজুৱে আদালতত হাতযোৰ কৰি প্ৰিয়ংকাক ক্ষমা বিচাৰে৷ 

২০০৮  চনত প্ৰিয়ংকাই তেওঁৰ প্ৰাক্তন মেনেজাৰ প্ৰকাশ জাজুৰ বিৰুদ্ধে  অশালীন বাৰ্তা প্ৰেৰণ কৰাৰ বাবে আৰু এটা ফোন কলৰ সময়ত কৰা কিছুমান মন্তব্যৰ বাবে ভাৰ্ছোভা আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰিছিল।

জাজুৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৫০৬(২) ধাৰাৰ অধীনত অপৰাধমূলক ভাবুকি দিয়া, ভাৰতীয় দণ্ডবিধিৰ ৫০৯ ধাৰাৰ অধীনত শব্দ বা ভংগীমাৰে এগৰাকী মহিলাৰ শালীনতাক অপমান কৰা, আৰু তথ্য প্ৰযুক্তি আইন, ২০ৰ ধাৰা ৬৭ উলংঘা কৰাৰ অভিযোগ আৰোপ কৰা হৈছিল।

অৱশেষত   আদালতে শেহতীয়াকৈ প্ৰিয়ংকাৰ এজাহাৰ খন  খাৰিজ কৰে আৰু জাজুক মহাৰাষ্ট্ৰ আৰক্ষী কল্যাণ পুঁজিলৈ দুসপ্তাহৰ ভিতৰত ৫০,০০০ টকা অৰিহণা যোগাবলৈ নিৰ্দেশ দিয়ে ৷ 

মীমাংসা অনুসৰি জাজুৱে " হাতযোৰ " কৰি চৰ্তহীন ক্ষমা বিচাৰিছিল আৰু কৈছিল যে প্ৰিয়ংকাক  ক্ষতি বা ভয় খুৱাবলৈ তেওঁৰ কোনো ইচ্ছা নাই। তেওঁ কয়  যে তেওঁ গোটেই ঘটনাটোৰ বাবে অনুশোচনা অনুভৱ কৰিছিল আৰু  অনুতাপেৰে মন  ভৰি পৰিছিল। 

দুয়োটা পক্ষই আদালতক জনায় যে তেওঁলোকৰ মত পাৰ্থক্যবোৰ সৌহাৰ্দ্যপূৰ্ণভাৱে নিষ্পত্তি কৰা হৈছে। চোপ্ৰা ই ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ন্যায়াধীশ ৰেৱতী মোহিত ডেৰে আৰু পি কে চৱনৰ খণ্ড বিচাৰপীঠৰ সন্মুখত উপস্থিত হয়  আৰু কয়  যে গোচৰটো খাৰিজ কৰাত তেওঁৰ কোনো আপত্তি নাই।

উল্লেখ্য ২০০১  চনৰ পৰা ২০০৪  চনলৈ জাজুৱে চোপ্ৰাৰ সচিব হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷ দৰমহাৰ বিষয়কলৈ প্ৰিয়ংকাৰে তেওঁৰ মতবিৰোধ হৈছিল৷ প্ৰিয়ংকাই অপৰিশোধিত ধনৰ  বাবে জাজুক ২৯ লাখ টকা পৰিশোধ কৰিছে আৰু জাজুৱে   চোপ্ৰাৰ সৈতে কেতিয়াও যোগাযোগ নকৰাৰ প্ৰতিশ্ৰুতি দিয়ে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু