--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মুক্তিৰ পূৰ্বেই বিতৰ্কৰ পিছত বিতৰ্কই বেৰি ধৰা শ্বাহৰুখ খানৰ ‘পাঠান’ ছবি খনকলৈ বিশেষকৈ হিন্দুত্ববাদী সংগঠন সমূহে প্ৰতিক্ৰিয়া ব্যক্ত কৰি আহিছে৷ বহু ঠাইত জ্বলাই দিয়া হৈছে ছবি খনৰ পোষ্টাৰ, হৰ্ডিং আদি৷ আনকি ছবি খন প্ৰদৰ্শন কৰা ছবিগৃহ জ্বলাই দিয়াৰো ভাবুকি দিছে বজৰং দলৰ দৰে হিন্দুত্ববাদী সংগঠনে৷ ‘পাঠান’ ছবিখনৰ টিজাৰ মুক্তি পোৱাৰ পাছৰে পৰা আৰম্ভ হৈছে ছবিখনক লৈ বিতৰ্ক। ছবিখনৰ ‘বেশৰাম’ গীতটো মুক্তি পোৱাৰ পাছতে এই বিতৰ্কৰ সূত্ৰপাত ঘটে। 

গীতটোত দেখা গৈছে দীপিকা পাডুকনক গেৰুৱা ৰঙৰ বিকিনি সাজত। আৰু তাকে লৈ আৰম্ভ হৈছিল উত্তেজনা, বিতৰ্ক আৰু সমালোচনা। কোনো কোনোৱে হিন্দুসকলক অপমান কৰা বুলি অভিযোগ উত্থাপন কৰে, আন কোনোৱে আকৌ বৌদ্ধসকলৰ আৱেগক আঘাত কৰা বুলি দাবী কৰে। কেইবাঠাইতো এই ছবিখন মুক্তিৰ বিৰোধিতা কৰিছে বিভিন্ন দল সংগঠনে।ইয়াৰ মাজতে ‘পাঠান’-এ তিনিটা প্ৰত্যাহ্বানৰ সন্মুখীন হৈ সেই আটাইকেইটাতে বিজয়ী হৈছে৷ কি সেই তিনিটা প্ৰত্যাহ্বান? 

প্ৰথম প্ৰত্যাহ্বানঃ  মধ্যপ্ৰদেশ বিধানসভাৰ অধ্যক্ষ তথা বিজেপি নেতা গিৰীশ গৌতমে বিগত বছৰৰ ডিচেম্বৰ মাহত কৈছিল- "শ্বাহৰুখে কন্যাৰ সৈতে বহি ছবিখন চাব লাগে।" সেই ছবিখনৰ আলোকচিত্ৰ পোষ্ট কৰি তেওঁ বিশ্ববাসীক জনাইছিল যে শ্বাহৰুখে নিজ‌ কন্যাৰ সৈতে বহি ছবিখন চাই দেখুৱাওক। ইয়াৰ পাছত তেওঁ পুনৰ ধৰ্মীয় মতানৈক্য আনিছিল আৰু কৈছিল, “মই অতি স্পষ্টকৈ ক’ব বিচাৰো, আল্লাহৰ ওপৰত এখন ছবি সৃষ্টি কৰক।” তাৰ পাছত সমগ্ৰ পৃথিৱীতে তেজৰ বানপানী হ'ব।"
এনে পৰিস্থিতিত শ্বাহৰুখে সুহানা, আৰিয়ান আৰু গৌৰীক ‘পাঠান’ দেখুৱাই সেই প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ সক্ষম হৈছে। এনে পদক্ষেপৰ দ্বাৰা যেন শ্বাহৰুখে বিজেপি নেতা গিৰীশ গৌতমক উপযুক্ত উত্তৰ দিলে।


দ্বিতীয় প্ৰত্যাহ্বানঃ 'পাঠান' ছবি খন ছবিগৃহ সমূহত চলিবনে? ইমান বিতৰ্কৰ পিছত দৰ্শকে সাহস কৰি ছবি খন চাবলৈ আহিবনে? এই সকলো প্ৰশ্নৰ উত্তৰো এতিয়া স্পষ্ট হৈছে৷  ইতিমধ্যে আগতীয়া বুকিঙৰ ক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ছবিখনে আৰম্ভণিতে সকলোকে আচৰিত কৰিআগতীয়া বুকিঙৰ ক্ষেত্ৰত 'ব্ৰহ্মাস্ত্ৰ', 'কেজিএফ ২'ৰ ৰেকৰ্ডো ভংগ কৰিছে৷ কেৱল সেয়াই নহয়, মুম্বাইৰ প্ৰাচীন  চিনেমা হল 'গাটেই গ্যালাক্সিত' প্ৰথমবাৰৰ বাবে পুৱা ৯ বজাত  পাঠান প্ৰদৰ্শন কৰা হ'ব বুলি জানিব পৰা গৈছে। মুম্বাইৰ শ্বাহৰুখ ফেন ক্লাবে এই ব্যৱস্থা কৰিছে।


মুক্তিৰ দিন আগবাঢ়ি অহাৰ লগে লগে পাঠান ছবি খনকলৈ  বিতৰ্কৰ তীব্ৰতা বাঢ়ি গৈ আছে। শেহতীয়াকৈ দিল্লী উচ্চ ন্যায়ালয়ে পাঠানৰ বিষয়ত  এক নতুন নিৰ্দেশ প্ৰদান কৰিছে। দিল্লী উচ্চ ন্যায়ালয়ে ছবিখনৰ প্ৰযোজনা হাউচ  যশ ৰাজক জনাইছে যে ছবিখনৰ অ'টিটি মুক্তিৰ বাবে বিশেষ নিৰ্দেশনা অনুসৰণ কৰিব লাগিব। দিল্লী উচ্চ ন্যায়ালয়ে কৈছে যে ছবিখনৰ যাৱতীয় তথ্য আদি  অ'টিটি মুক্তিৰ আগতে আগতীয়াকৈ দাখিল কৰিব লাগিব। লগতে  চেঞ্চৰ বোৰ্ডৰ ক্লিয়াৰেন্স দাখিল কৰিবলৈও কোৱা হৈছে। 'পাঠান' চলচ্চিত্ৰখনৰ 'বেচাৰাম ৰং' গানটোক লৈ হোৱা বিতৰ্কৰ এতিয়াও  অন্ত পৰা নাই। বজৰং দলে ছবি খন প্ৰদৰ্শন কৰা ছবিগৃহ জ্বলাই দিয়াৰো ভাবুকি দিছে৷ 

তৃতীয় প্ৰত্যাহ্বানঃ 
‘পাঠান’ ছবি খনৰ বাবে মূল প্ৰত্যাহ্বানেই হৈছে হিন্দুত্বাদী সংগঠনে ছবি খনকলৈ কৰা বিৰোধ৷ অযোধ্যাত আনকি শ্বাহৰুখ খানৰ আদ্য শ্ৰাদ্ধই পতা হ’ল৷ কিন্তু হিন্দুত্বাদী সংগঠনৰ এনে প্ৰতিবাদৰ জুইত যেন পানী চটিয়াই দিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এষাৰি কথাই৷  প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজৰ দলৰ কৰ্মী আৰু নেতাসকলক চিনেমাৰ কথা নক’বলৈ পৰামৰ্শ দিয়াৰ পিছতে ‘পাঠান’ বিৰোধী প্ৰতিবাদ ভালে খিনি শাম কাটিছে৷
বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহক বৈঠকৰ দ্বিতীয় দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিজেপিৰ কৰ্মীসকলক কয় - ‘চিনেমাৰ দৰে অৰ্থহীন বিষয়ত কোনেও অপ্ৰয়োজনীয় মন্তব্য কৰাৰ প্ৰয়োজন নাই। লগতে যিমান পাৰি এনে বিষয় এৰাই চলিলে ভাল। এই মন্তব্যই দলটোৰ উন্নয়নৰ গতিত প্ৰভাৱ পেলাব’৷ মোদীৰ এনে আহ্বানৰ পিছতে  ‘পাঠান’কলৈ গুজৰি-গুমৰি থকাসকলৰ মুখ এতিয়া প্ৰায় বন্ধ হৈ পৰিছে৷ 








FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক