--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজত মাত্ৰ ২টা দিন। ১৮ মাৰ্চত এমাজন প্ৰাইমত মুক্তি পাব বিদ্যা বালান অভিনীত ছবি 'জলছা' । ছবিখনৰ মুক্তিৰ পূৰ্বেই অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলৰ সৈতে আড্ডাত বহাৰ উদ্যোগ হাতত লৈছিল। ইনষ্টাগ্ৰাম প্ৰফাইলত ‘Ask Me Anything’ পৰ্বত বিদ্যাই অনুৰাগীসকলক আমন্ত্ৰণ জনাইছিল। আপুনি কেনে ধৰণৰ খাদ্য ভাল পায়? আপুনি কি পিন্ধি ভাল পায়? মুঠতে এনে বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত প্ৰসংগতো মতামত দিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু হঠাতে এগৰাকী অনুৰাগীয়ে বিদ্যা বালানৰ বয়স আৰু ওজনৰ বিষয়ে জানিব বিচাৰে।তাতেই লাগিল হৈ চৈ। প্ৰশ্নটো শুনি বিদ্যাই যি উত্তৰ দিলে, তাকে লৈ তোলপাৰ ছ’চিয়েল মিডিয়া। ইয়াৰপূৰ্বেও বিদ্যা বালানে শাৰীৰিক গঠনৰ দৰে বিষয়ক লৈ নানা কথা শুনিবলগীয়া হৈছে। এই প্ৰসংগত অৱশ্যে,অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ নিজৰ মত প্ৰকাশ কৰাও দেখা গৈছিল। নায়িকা হ’বলৈ হ’লে শাৰীৰিক অৱয়বকে প্ৰথম প্ৰাধান্য দিয়া হয়। আমাৰ সমাজত এতিয়াও এনে ধৰণৰ চিন্তাৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। অৱশ্যে, এজন সুদক্ষ অভিনেতা বা অভিনেত্ৰী হ’বলৈ শাৰীৰিক অৱয়ব যে অন্তৰায় নহয় সেই কথা বাৰে বাৰে প্ৰমাণ কৰি দিছে বিদ্যা বালান, নৱাজুদ্দিন ছিদ্দিকী, ইৰফান খানৰ দৰে তাৰকাই। সৰুৰে পৰা বিদ্যাৰ শৰীৰৰ আকৃতি গধুৰ। তেওঁ এই বিষয়ে বহু কথা শুনিবলগীয়া হৈছে। আনকি বলীউড কেৰিয়াৰৰ আৰম্ভণিতে বিদ্যা বালানে দেহৰ বৰণকলৈয়ো সমালোচনাৰ সন্মুখীন হৈছিল। বডী শ্বেমিংৰ দৰে তৰল কথাৰো ভুক্তভোগী অভিনেত্ৰী বিদ্যা বালান। এইবাৰ 'আস্ক মি এনিথিং' পৰ্বতো তেওঁৰ বয়স আৰু ওজনক লৈ প্ৰশ্ন কৰা দেখা গ’ল।তথাপি খং কৰা নাই বিদ্যাই। ব্যাংগাত্মক সুৰত অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত বিদ্যাই এটা মিম শ্বেয়াৰ কৰি কয়, ‘আপোৰ ওজন?’ আৰু বয়স সন্দৰ্ভত তেওঁ কয়, ‘গুগ’লত চাই লোৱা?’ প্ৰসংগক্ৰমে, ব্যাংগাত্মক কথাৰ মাজতে বিদ্যা বালানলৈ অনুৰাগীৰ প্ৰশ্ন, ‘আপুনি দেখিবলৈ ইমান ধুনীয়া কেনেকৈ?’ বিদ্যাৰ উত্তৰ, ‘মোৰ পিতৃ-মাতৃয়ে সঁচাকৈয়ে যথেষ্ট কচৰত্‍ কৰিছিল।’ স্বাস্থ্যকৰ খাদ্যৰ উপৰি ইটালীয়ান খাদ্য যে বিদ্যাৰ প্ৰিয় সেইকথাও মুকলিকৈ প্ৰকাশ কৰিছে বিদ্যাই। নিজৰ ছবিখনৰ কথাৰ লগতে, 'গঙ্গুবাই কাঠিয়াৱাড়ী'ত আলিয়া ভট্টৰ অভিনয়ৰো প্ৰশংসা কৰে অভিনেত্ৰীগৰাকীয়ে। স্মৰ্তব্য যে, ইয়াৰপূৰ্বেও এটা সাক্ষাৎকাৰত তেওঁ তেওঁৰ শাৰীৰিক গঠনৰ বিষয়ে মুকলিকৈ কৈছিল যে, ‘মই গোটেই জীৱন হৰমনৰ সমস্যাত ভুগি আছো। হৰমনৰ সমস্যাৰ বাবেই মই শকত হৈ গৈ আছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু