--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মাজত মাত্ৰ ২টা দিন। ১৮ মাৰ্চত এমাজন প্ৰাইমত মুক্তি পাব বিদ্যা বালান অভিনীত ছবি 'জলছা' । ছবিখনৰ মুক্তিৰ পূৰ্বেই অভিনেত্ৰীগৰাকীয়ে তেওঁৰ অনুৰাগীসকলৰ সৈতে আড্ডাত বহাৰ উদ্যোগ হাতত লৈছিল। ইনষ্টাগ্ৰাম প্ৰফাইলত ‘Ask Me Anything’ পৰ্বত বিদ্যাই অনুৰাগীসকলক আমন্ত্ৰণ জনাইছিল। আপুনি কেনে ধৰণৰ খাদ্য ভাল পায়? আপুনি কি পিন্ধি ভাল পায়? মুঠতে এনে বহু প্ৰশ্নৰ উত্তৰ দিয়াৰ উপৰি অভিনেত্ৰীগৰাকীয়ে তেওঁৰ ব্যক্তিগত প্ৰসংগতো মতামত দিছিল অভিনেত্ৰীগৰাকীয়ে। কিন্তু হঠাতে এগৰাকী অনুৰাগীয়ে বিদ্যা বালানৰ বয়স আৰু ওজনৰ বিষয়ে জানিব বিচাৰে।তাতেই লাগিল হৈ চৈ। প্ৰশ্নটো শুনি বিদ্যাই যি উত্তৰ দিলে, তাকে লৈ তোলপাৰ ছ’চিয়েল মিডিয়া। ইয়াৰপূৰ্বেও বিদ্যা বালানে শাৰীৰিক গঠনৰ দৰে বিষয়ক লৈ নানা কথা শুনিবলগীয়া হৈছে। এই প্ৰসংগত অৱশ্যে,অভিনেত্ৰীগৰাকীয়ে মুকলিকৈ নিজৰ মত প্ৰকাশ কৰাও দেখা গৈছিল। নায়িকা হ’বলৈ হ’লে শাৰীৰিক অৱয়বকে প্ৰথম প্ৰাধান্য দিয়া হয়। আমাৰ সমাজত এতিয়াও এনে ধৰণৰ চিন্তাৰ প্ৰতিফলন দেখিবলৈ পোৱা যায়। অৱশ্যে, এজন সুদক্ষ অভিনেতা বা অভিনেত্ৰী হ’বলৈ শাৰীৰিক অৱয়ব যে অন্তৰায় নহয় সেই কথা বাৰে বাৰে প্ৰমাণ কৰি দিছে বিদ্যা বালান, নৱাজুদ্দিন ছিদ্দিকী, ইৰফান খানৰ দৰে তাৰকাই। সৰুৰে পৰা বিদ্যাৰ শৰীৰৰ আকৃতি গধুৰ। তেওঁ এই বিষয়ে বহু কথা শুনিবলগীয়া হৈছে। আনকি বলীউড কেৰিয়াৰৰ আৰম্ভণিতে বিদ্যা বালানে দেহৰ বৰণকলৈয়ো সমালোচনাৰ সন্মুখীন হৈছিল। বডী শ্বেমিংৰ দৰে তৰল কথাৰো ভুক্তভোগী অভিনেত্ৰী বিদ্যা বালান। এইবাৰ 'আস্ক মি এনিথিং' পৰ্বতো তেওঁৰ বয়স আৰু ওজনক লৈ প্ৰশ্ন কৰা দেখা গ’ল।তথাপি খং কৰা নাই বিদ্যাই। ব্যাংগাত্মক সুৰত অনুৰাগীৰ প্ৰশ্নৰ উত্তৰত বিদ্যাই এটা মিম শ্বেয়াৰ কৰি কয়, ‘আপোৰ ওজন?’ আৰু বয়স সন্দৰ্ভত তেওঁ কয়, ‘গুগ’লত চাই লোৱা?’ প্ৰসংগক্ৰমে, ব্যাংগাত্মক কথাৰ মাজতে বিদ্যা বালানলৈ অনুৰাগীৰ প্ৰশ্ন, ‘আপুনি দেখিবলৈ ইমান ধুনীয়া কেনেকৈ?’ বিদ্যাৰ উত্তৰ, ‘মোৰ পিতৃ-মাতৃয়ে সঁচাকৈয়ে যথেষ্ট কচৰত্‍ কৰিছিল।’ স্বাস্থ্যকৰ খাদ্যৰ উপৰি ইটালীয়ান খাদ্য যে বিদ্যাৰ প্ৰিয় সেইকথাও মুকলিকৈ প্ৰকাশ কৰিছে বিদ্যাই। নিজৰ ছবিখনৰ কথাৰ লগতে, 'গঙ্গুবাই কাঠিয়াৱাড়ী'ত আলিয়া ভট্টৰ অভিনয়ৰো প্ৰশংসা কৰে অভিনেত্ৰীগৰাকীয়ে। স্মৰ্তব্য যে, ইয়াৰপূৰ্বেও এটা সাক্ষাৎকাৰত তেওঁ তেওঁৰ শাৰীৰিক গঠনৰ বিষয়ে মুকলিকৈ কৈছিল যে, ‘মই গোটেই জীৱন হৰমনৰ সমস্যাত ভুগি আছো। হৰমনৰ সমস্যাৰ বাবেই মই শকত হৈ গৈ আছো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু