--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশতে 'কাশ্মীৰ ফাইলছ'ৰ বিষয়ে আলোচনা হৈ আছে। চিনেমাখন চাই দেশৰ অধিকাংশ লোক আৱেগিক হৈ পৰিছে। পাঁচ দিনৰ ভিতৰতে ছবিখনে ৬০ কোটি টকা সংগ্ৰহ কৰিছে। 'কাশ্মীৰ ফাইলছ' পৰিচালনা কৰিছে বিবেক অগ্নিহোত্ৰীয়ে। বিবেকৰ পত্নী পল্লৱী যোশীয়েও এই ছবিখনত অভিনয় কৰিছে। পল্লৱী আৰু বিবেক দুয়োজন অভিনয় জগতখনত অতি অভিজ্ঞ। বিবেক অগ্নিহোত্ৰী আৰু পল্লৱী যোশীয়ে ১৯৯৭ চনৰ ২৮ জুনত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সংসাৰত আছে এজন পুত্ৰ আৰু এজনী কন্যা। কিন্তু আপুনি জানেনে কেনেকৈ দুয়ো লগ হৈছিল? বিবেক আৰু পল্লৱীয়ে এটা কনচাৰ্টত লগ পাইছিল। প্ৰথম সাক্ষাতত পল্লৱীয়ে বিবেকক লগ পাই বৰ এটা সুখী হোৱা নাছিল।প্ৰথমাৱস্থাত বিবেকক অহংকাৰী যেন বোধ হৈছিল পল্লৱীৰ। এক সাক্ষাৎকাৰত বিবেক অগ্নিহোত্ৰীয়ে পল্লৱীৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাতৰ কথা উল্লেখ কৰি কৈছিল-''আমি ৯০ৰ দশকত এটা ৰক কনচাৰ্টত লগ পাইছিলো। আমি ইজনে সিজনক আগতে চিনি পোৱা নাছিলো, কিন্তু আমাৰ দুয়োৰে মাজত এটা কথা মিল আছিল যে আমি দুয়ো সেই সংগীতানুষ্ঠানটোত বৰ আমনি অনুভৱ কৰিছিলো।'' পাছলৈ বিবেক আৰু পল্লৱীৰ মাজত লাহে লাহে আন্তৰিকতা গঢ়ি উঠে।তেওঁলোক দুয়োজনে ইজনে সিজনক ভালদৰে বুজিবলৈ লয় আৰু এনেদৰে দুয়োৰে বন্ধুত্ব গভীৰ হৈ আহে। দুয়োজনে ইজনে সিজনৰ কামক যথেষ্ট সন্মান কৰিছিল। পল্লৱী যোশী বিবেক অগ্নিহোত্ৰীতকৈ ৪ বছৰৰ ডাঙৰ আছিল কিন্তু এই কথাক লৈ কোনো আপত্তি নাছিল এজনৰো। কাৰণ দুয়োৰে মনৰ যথেষ্ট মিল আছিল। তিনি বছৰ ডেটিং কৰাৰ পাছত দুয়ো বিবাহপাশত আৱদ্ধ হয়। বিবেক আৰু পল্লৱীয়ে বিশ্বাস কৰে যে যিকোনো সম্পৰ্কত বন্ধুত্ব থকাটো অতি গুৰুত্বপূৰ্ণ। বৰ্তমান বিবেকৰ বয়স ৪৮ আৰু পল্লৱীৰ বয়স ৫২। বিবেক আৰু পল্লৱীয়ে বহুতো প্ৰকল্পত একেলগে কাম কৰিছে।পল্লৱীয়ে 'দ্য তাচখন্দ ফাইলছ' চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। পল্লৱীয়ে বহুতো ছুপাৰহিট চলচ্চিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰৰ লগতে পল্লৱী যোশীয়ে টিভি অনুষ্ঠানতো কাম কৰিছে। পৰিচালকৰ উপৰিও দেশত সংঘটিত সমসাময়িক বিষয়ত দাঙি ধৰা স্পষ্ট ভাষ্যৰ বাবেও জনাজাত বিবেক অগ্নিহোত্ৰী। বিবেক তেওঁৰ টুইটৰ বাবেও যথেষ্ট বিখ্যাত। আৰু পঢ়কঃ ইউক্ৰেইনীয় যুৱতীক বিয়া পাতিবলৈ চীনা যুৱকৰ হেঁপাহ! ডেটিং ছাৰ্ভিচত লাগিছে ভিৰ BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু