--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সমগ্ৰ দেশতে 'কাশ্মীৰ ফাইলছ'ৰ বিষয়ে আলোচনা হৈ আছে। চিনেমাখন চাই দেশৰ অধিকাংশ লোক আৱেগিক হৈ পৰিছে। পাঁচ দিনৰ ভিতৰতে ছবিখনে ৬০ কোটি টকা সংগ্ৰহ কৰিছে। 'কাশ্মীৰ ফাইলছ' পৰিচালনা কৰিছে বিবেক অগ্নিহোত্ৰীয়ে। বিবেকৰ পত্নী পল্লৱী যোশীয়েও এই ছবিখনত অভিনয় কৰিছে। পল্লৱী আৰু বিবেক দুয়োজন অভিনয় জগতখনত অতি অভিজ্ঞ। বিবেক অগ্নিহোত্ৰী আৰু পল্লৱী যোশীয়ে ১৯৯৭ চনৰ ২৮ জুনত বিবাহপাশত আৱদ্ধ হয়। তেওঁলোকৰ সংসাৰত আছে এজন পুত্ৰ আৰু এজনী কন্যা। কিন্তু আপুনি জানেনে কেনেকৈ দুয়ো লগ হৈছিল? বিবেক আৰু পল্লৱীয়ে এটা কনচাৰ্টত লগ পাইছিল। প্ৰথম সাক্ষাতত পল্লৱীয়ে বিবেকক লগ পাই বৰ এটা সুখী হোৱা নাছিল।প্ৰথমাৱস্থাত বিবেকক অহংকাৰী যেন বোধ হৈছিল পল্লৱীৰ। এক সাক্ষাৎকাৰত বিবেক অগ্নিহোত্ৰীয়ে পল্লৱীৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাতৰ কথা উল্লেখ কৰি কৈছিল-''আমি ৯০ৰ দশকত এটা ৰক কনচাৰ্টত লগ পাইছিলো। আমি ইজনে সিজনক আগতে চিনি পোৱা নাছিলো, কিন্তু আমাৰ দুয়োৰে মাজত এটা কথা মিল আছিল যে আমি দুয়ো সেই সংগীতানুষ্ঠানটোত বৰ আমনি অনুভৱ কৰিছিলো।'' পাছলৈ বিবেক আৰু পল্লৱীৰ মাজত লাহে লাহে আন্তৰিকতা গঢ়ি উঠে।তেওঁলোক দুয়োজনে ইজনে সিজনক ভালদৰে বুজিবলৈ লয় আৰু এনেদৰে দুয়োৰে বন্ধুত্ব গভীৰ হৈ আহে। দুয়োজনে ইজনে সিজনৰ কামক যথেষ্ট সন্মান কৰিছিল। পল্লৱী যোশী বিবেক অগ্নিহোত্ৰীতকৈ ৪ বছৰৰ ডাঙৰ আছিল কিন্তু এই কথাক লৈ কোনো আপত্তি নাছিল এজনৰো। কাৰণ দুয়োৰে মনৰ যথেষ্ট মিল আছিল। তিনি বছৰ ডেটিং কৰাৰ পাছত দুয়ো বিবাহপাশত আৱদ্ধ হয়। বিবেক আৰু পল্লৱীয়ে বিশ্বাস কৰে যে যিকোনো সম্পৰ্কত বন্ধুত্ব থকাটো অতি গুৰুত্বপূৰ্ণ। বৰ্তমান বিবেকৰ বয়স ৪৮ আৰু পল্লৱীৰ বয়স ৫২। বিবেক আৰু পল্লৱীয়ে বহুতো প্ৰকল্পত একেলগে কাম কৰিছে।পল্লৱীয়ে 'দ্য তাচখন্দ ফাইলছ' চলচ্চিত্ৰখনৰ বাবে শ্ৰেষ্ঠ সহ-অভিনেত্ৰীৰ ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিছিল। পল্লৱীয়ে বহুতো ছুপাৰহিট চলচ্চিত্ৰত অভিনয় কৰিছে। চলচ্চিত্ৰৰ লগতে পল্লৱী যোশীয়ে টিভি অনুষ্ঠানতো কাম কৰিছে। পৰিচালকৰ উপৰিও দেশত সংঘটিত সমসাময়িক বিষয়ত দাঙি ধৰা স্পষ্ট ভাষ্যৰ বাবেও জনাজাত বিবেক অগ্নিহোত্ৰী। বিবেক তেওঁৰ টুইটৰ বাবেও যথেষ্ট বিখ্যাত। আৰু পঢ়কঃ ইউক্ৰেইনীয় যুৱতীক বিয়া পাতিবলৈ চীনা যুৱকৰ হেঁপাহ! ডেটিং ছাৰ্ভিচত লাগিছে ভিৰ BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু