--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিণীতি  চোপ্ৰাৰ  বিয়া হোৱা এবছৰো সম্পূৰ্ণ হোৱা নাই। কিন্তু এনে সময়তে তেওঁকলৈ ওলাইছে এক নতুন খবৰ। পৰিণীতি হেনো মাক হ’বলৈ ওলাইছে। এতিয়া এই খবৰ বি-টাউনৰ চৌপাশে  বতাহত ওপঙি ফুৰিছে। এনে খবৰৰ আঁৰতে আছে অভিনেত্ৰীগৰাকীয়ে পিন্ধা  পোছাক। পৰিণীতিয়ে  কেতিয়াবা ঢিলা পোছাক, কেতিয়াবা তেওঁ শৰীৰত লিপিট খাই পৰা পোছাক পিন্ধে।  পৰিণীতিয়ে ঢিলা পোছাক পিন্ধা  ছবি আৰু ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে  বহুতে পৰিণীতি চোপ্ৰাৰ গৰ্ভধাৰণক লৈ সন্দেহ ব্যক্ত কৰিবলৈ লৈছে। পৰিণীতি মাক হ’বলৈ ওলোৱা বুলি  সামাজিক মাধ্যমত জল্পনা-কল্পনা আৰম্ভ হৈছে! সমালোচকসকলৰ মতে  অভিনেত্ৰীগৰাকীয়ে বেবী বাম্প  লুকুৱাবলৈ চেষ্টা কৰি আছে। কিন্তু এইবাৰ পৰিণীতিই  নিজেই সত্যটো প্ৰকাশ কৰিলে।

শেহতীয়াকৈ  পৰিণীতিয়ে তেওঁৰ  ইনষ্টা কাহিনীত কৌতুক কৰি লিখিছে, "আজিকালি, মানুহে গৰ্ভধাৰণৰ কথা আহিলেই ঢিলা পোছাক, ডাঙৰ আকাৰৰ চাৰ্ট, আৰামদায়ক কুৰ্তা পিন্ধাৰ কথা ভাবে!"  মাতৃ হ’বলৈ ওলোৱা উৰাবাতৰিৰ বাবেই পৰিণীতিয়ে এতিয়াৰে পৰা ঢিলা পোছাকৰ সলনি  "পুনৰ টান পোছাক পিন্ধিবলৈ ল’ম’’ বুলি উল্লেখ কৰি এটা ভিডিঅ’ও দিছে। । ঙিডিঅ’টোত ক'তো  পৰিণীতিৰ দেহত বেবী বাম্পৰ কোনো উপস্থিতি নাই।


 আৰু পৰিণীতি চোপ্ৰাৰ ভিডিঅ' চোৱাৰ পিছত অনুৰাগীসকলে মন্তব্য কৰিছে, "হেই কুইন, আপোনাক দুয়োটা পোছাকতে ভাল দেখাইছে।" কিছুমানে অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ প্ৰশংসাও কৰিছে। বৰ্তমান, পৰিণীতি অমৰ সিং চামকিলাৰ প্ৰচাৰত ব্যস্ত। য'ত তেওঁ  দিলজিৎ দোচাঞ্জৰ বিপৰীতে অভিনয় কৰিছে। পৰিণীতিয়ে এই ছবিখনৰ বাবে ১০ কিলোগ্ৰাম ওজন বঢ়াব লগীয়া হৈছে। সেইবাবেই  পৰিণীতিৰ চেহেৰা দেখি  বহুতে ধৰি লৈছিল যে তেওঁ  গৰ্ভৱতী হ'ব পাৰে। অৱশ্যে, এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজেই এই অনুমানত চেঁচাপানী ঢালিলে।
  ছবি খনৰ পৰিচালক ইমতিয়াজ আলীয়ে এক সাক্ষাৎকাৰত কয়, "পৰিণীতি চোপ্ৰাই যোৱা ৫ বছৰ ধৰি এই ছবিখনৰ বাবে অপেক্ষা কৰি আছিল। কিয়নো অভিনয়ৰ উপৰি  তেওঁ ইয়াত গান গোৱাৰো সুযোগ পাইছে। তেওঁ ছবি খনৰ বাবে ওজন বঢ়াবলগীয়া হৈছে।তেওঁ তেওঁ চিংৰা, মালাই, চাট, সকলো খাবলৈ লৈছিল আৰু এনেকৈয়ে  ১০ কিলোগ্ৰাম ওজন বঢ়াইছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ