--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰিণীতি  চোপ্ৰাৰ  বিয়া হোৱা এবছৰো সম্পূৰ্ণ হোৱা নাই। কিন্তু এনে সময়তে তেওঁকলৈ ওলাইছে এক নতুন খবৰ। পৰিণীতি হেনো মাক হ’বলৈ ওলাইছে। এতিয়া এই খবৰ বি-টাউনৰ চৌপাশে  বতাহত ওপঙি ফুৰিছে। এনে খবৰৰ আঁৰতে আছে অভিনেত্ৰীগৰাকীয়ে পিন্ধা  পোছাক। পৰিণীতিয়ে  কেতিয়াবা ঢিলা পোছাক, কেতিয়াবা তেওঁ শৰীৰত লিপিট খাই পৰা পোছাক পিন্ধে।  পৰিণীতিয়ে ঢিলা পোছাক পিন্ধা  ছবি আৰু ভিডিঅ' ভাইৰেল হোৱাৰ লগে লগে  বহুতে পৰিণীতি চোপ্ৰাৰ গৰ্ভধাৰণক লৈ সন্দেহ ব্যক্ত কৰিবলৈ লৈছে। পৰিণীতি মাক হ’বলৈ ওলোৱা বুলি  সামাজিক মাধ্যমত জল্পনা-কল্পনা আৰম্ভ হৈছে! সমালোচকসকলৰ মতে  অভিনেত্ৰীগৰাকীয়ে বেবী বাম্প  লুকুৱাবলৈ চেষ্টা কৰি আছে। কিন্তু এইবাৰ পৰিণীতিই  নিজেই সত্যটো প্ৰকাশ কৰিলে।

শেহতীয়াকৈ  পৰিণীতিয়ে তেওঁৰ  ইনষ্টা কাহিনীত কৌতুক কৰি লিখিছে, "আজিকালি, মানুহে গৰ্ভধাৰণৰ কথা আহিলেই ঢিলা পোছাক, ডাঙৰ আকাৰৰ চাৰ্ট, আৰামদায়ক কুৰ্তা পিন্ধাৰ কথা ভাবে!"  মাতৃ হ’বলৈ ওলোৱা উৰাবাতৰিৰ বাবেই পৰিণীতিয়ে এতিয়াৰে পৰা ঢিলা পোছাকৰ সলনি  "পুনৰ টান পোছাক পিন্ধিবলৈ ল’ম’’ বুলি উল্লেখ কৰি এটা ভিডিঅ’ও দিছে। । ঙিডিঅ’টোত ক'তো  পৰিণীতিৰ দেহত বেবী বাম্পৰ কোনো উপস্থিতি নাই।


 আৰু পৰিণীতি চোপ্ৰাৰ ভিডিঅ' চোৱাৰ পিছত অনুৰাগীসকলে মন্তব্য কৰিছে, "হেই কুইন, আপোনাক দুয়োটা পোছাকতে ভাল দেখাইছে।" কিছুমানে অভিনেত্ৰীগৰাকীৰ সৌন্দৰ্যৰ প্ৰশংসাও কৰিছে। বৰ্তমান, পৰিণীতি অমৰ সিং চামকিলাৰ প্ৰচাৰত ব্যস্ত। য'ত তেওঁ  দিলজিৎ দোচাঞ্জৰ বিপৰীতে অভিনয় কৰিছে। পৰিণীতিয়ে এই ছবিখনৰ বাবে ১০ কিলোগ্ৰাম ওজন বঢ়াব লগীয়া হৈছে। সেইবাবেই  পৰিণীতিৰ চেহেৰা দেখি  বহুতে ধৰি লৈছিল যে তেওঁ  গৰ্ভৱতী হ'ব পাৰে। অৱশ্যে, এইবাৰ অভিনেত্ৰীগৰাকীয়ে নিজেই এই অনুমানত চেঁচাপানী ঢালিলে।
  ছবি খনৰ পৰিচালক ইমতিয়াজ আলীয়ে এক সাক্ষাৎকাৰত কয়, "পৰিণীতি চোপ্ৰাই যোৱা ৫ বছৰ ধৰি এই ছবিখনৰ বাবে অপেক্ষা কৰি আছিল। কিয়নো অভিনয়ৰ উপৰি  তেওঁ ইয়াত গান গোৱাৰো সুযোগ পাইছে। তেওঁ ছবি খনৰ বাবে ওজন বঢ়াবলগীয়া হৈছে।তেওঁ তেওঁ চিংৰা, মালাই, চাট, সকলো খাবলৈ লৈছিল আৰু এনেকৈয়ে  ১০ কিলোগ্ৰাম ওজন বঢ়াইছে। "


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু