--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা সময়ত অভিনেত্ৰী অনুষ্কা শৰ্মাৰ ভাতৃ আৰু তেওঁৰ প্ৰথমখন ছবি ‘বুলবুল’ৰ প্ৰযোজকৰ প্ৰেমত ব্যাকুল হৈছিল তৃপ্তী ডিমৰী। ২০২২ চনৰ শেষ নিশা মৰমেৰে ভৰা এখন ফটোৰে জীৱনৰ প্ৰেমিক কৰ্ণেশ শৰ্মাৰ সৈতে সম্পৰ্কত ছীল মাৰিছিল। কিন্তু হঠাৎ তেওঁলোকৰ সম্পৰ্ক ছিন্নভিন্ন হৈ পৰে। শুনা যায় যে তেওঁলোকে বিচ্ছেদৰ পথত খোজ কাঢ়িছে! তাৰ পিছত ‘এনিমেল’ত আকাশলংঘী সফলতা। এইবাৰ শুনা গৈছে যে তৃপ্তিৰ পুনৰ প্ৰেমত পৰিছে।

শেহতীয়াকৈ অভিনেত্ৰীগৰাকীয়ে এখন বিয়ালৈ গৈছিল। তাতেই জনা গৈছিল। মডেললৈ পৰিণত ব্যৱসায়ী ছেম মাৰ্চেণ্টৰ সৈতে তৃপ্তিৰ সম্পৰ্ক হৈছে। প্ৰায়ে একেলগে দেখা পোৱা যায়। এইবাৰ ছেমৰ সৈতে গোৱালৈ গ’ল অভিনেত্ৰীগৰাকী। কিন্তু সোনকালে তেওঁৰ এংগেজমেণ্ট হ’বনে?

শেহতীয়াকৈ কাৰ্তিক আৰ্য্যৰ সৈতে ‘ভূল ভূলয়া ৩’ চিনেমাৰ শ্বুটিং কৰি আছিল তৃপ্তিয়ে। উৰাবাতৰি প্ৰচাৰ হৈছে যে ‘ভুল ভুলয়া ৩’ৰ শ্বুটিং ফ্ল’ৰৰ পৰা হঠাতে তৃপ্তি নোহোৱা হৈ গৈছে। প্ৰেমিক ছেমৰ সৈতে গোৱালৈ গ’ল! অৱশ্যে এই সন্দৰ্ভত তৃপ্তিয়ে একো প্ৰকাশ নকৰিলে। অৱশ্যে ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰা ছবিৰ পৰা অনুমান কৰিব পাৰি যে তেওঁ নতুন প্ৰেমিকৰ সৈতে গোৱাত ভ্ৰমণ কৰি আছে। ছেম আৰু তৃপ্তিয়ে একে সময়তে গোৱাৰ কেইবাখনো ছবি শ্বেয়াৰ কৰিছিল।

কিন্তু এইজন কোন ছেম? ২০০২ চনত এখন বিখ্যাত সৌন্দৰ্য্য প্ৰতিযোগিতাত বিজয়ী হৈছিল ছেম। বৰ্তমান তেওঁৰ গোৱাত কেইবাখনো হোটেল আছে। স্বাভাৱিকতে অভিনেত্ৰীগৰাকীয়ে অৱসৰৰ পিছত প্ৰেমিকৰ সৈতে অকলে সময় কটাবলৈ গোৱালৈ গৈছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু