--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কোনো কৃষক মৰা নাই! ১৭মহীয়া কৃষক বিদ্ৰোহৰ সময়ছোৱাত দেশৰ সাত শতাধিক কৃষকে প্ৰাণ আহুতি দিয়াৰ তথ্য পোহৰলৈ আহিছে যদিও কেন্দ্ৰীয় চৰাকৰে কৃষকৰ এই আত্মবলিদানক যেন অস্বীকাৰ কৰাৰ চেষ্টাহে কৰিছে! কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয়ে তেওঁলোকৰ হাতত প্ৰতিবাদত কৃষকৰ মৃত্যু হোৱাৰ তথ্য নাই বুলি মন্তব্য কৰিছে আৰু এনে পৰিপ্ৰেক্ষিতত ক্ষতিপূৰণ দিয়াৰ প্ৰশ্নই নাহে বুলি মন্তব্য কৰিছে।


ভোক আৰু শোকৰ ৰাতি নাযায়-নুপুৱাই! আপোনাৰ ভোক নিবাৰণ কৰা কৃষকৰ নিদ্ৰাবিহীন শোকৰ ৰাতি… কৃষকৰ ভোটেৰে শাসনৰ গাদীত বহা চৰকাৰৰ কৃষককেই শোষণ-নিৰ্যাতন। নিজৰ তেজ পানী কৰি উৎপাদন কৰা শস্যৰ মূল্যৰ বাবে তেজ বোৱাবলগা হ'ল কৃষকে। প্ৰায় পোন্ধৰ মাহযোৰা প্ৰতিবাদ। প্ৰাণ গ'ল ৭০০তকৈো অধিক কৃষকৰ। প্ৰতিবাদী কৃষকৰ ওপৰত প্ৰয়োগ কৰা হ'ল 'চৰকাৰী ক্ষমতা'। ৰাজনীতিৰ পাশা খেলত পাকৈত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অৱশেষত বাতিল কৰিলে বহু বিতৰ্কিত কৃষি আইন। তাতো ৰাজনীতি এৰা নাই মোদী নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰে। আন্দোলনত শ্বহীদ হোৱা ৭০০ৰো অধিক কৃষকৰ প্ৰাণাহুতিৰ ক্ষতিপূৰণ দিয়াৰ প্ৰশ্ন উত্থাপন হোৱাত আকৌ এবাৰ নিকৃষ্ট মানসিকতাৰ পৰিচয় দিলে বিজেপি চৰকাৰে।


সংসদৰ শীতকালীন অধিবেশনত প্ৰশ্ন উত্থাপন হ'ল, আন্দোলনৰ সময়ত প্ৰাণ হেৰুওৱা কৃষকৰ হিচাপ চৰকাৰৰ হাতত আছেনে? আৰু শ্বহীদ কৃষকৰ পৰিয়ালক ক্ষতিপূৰণ হিচাপে চৰকাৰে আৰ্থিক অনুদান আগবঢ়াবনে? কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ আছিল আশ্চৰ্যকৰ। সংসদৰ চলিত শীতকালীন অধিৱেশনত লোকসভাত কেন্দ্ৰীয় কৃষিমন্ত্ৰী নৰেন্দ্ৰ সিং টোমৰে এক লিখিত উত্তৰত কয় যে, আন্দোলনৰ সময়ত নিহত হোৱা কৃষকৰ সংখ্যা আৰু সেই সন্দৰ্ভত দাখিল হোৱা কোনো তথ্য চৰকাৰৰ হাতত নাই। তেনেক্ষেত্ৰত কোনো আৰ্থিক অনুদান দিয়াৰ প্ৰশ্নই নাহে। লগতে মন্ত্ৰীগৰাকীয়ে সদনক কয় যে, কেন্দ্ৰীয় চৰকাৰে কৃষক নেতাসকলৰ লগত ১১ লানিকৈ কথাবতৰা পাতিছিল কিন্তু কোনো সুফল নোলাল।


আনহাতে, কৃষক আন্দোলনত ৭০০ৰো অধিক প্ৰতিবাদী কৃষক নিহত হোৱা বুলি কৃষক সংগঠনে দাবী কৰি আহিছে। উল্লেখ্য যে, ১১ দিন পূৰ্বে প্ৰধানমন্ত্ৰী মোদীয়ে তিনিওখন বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ ঘোষণা কৰিছিল। কিন্তু কৃষি আইন বাতিল কৰি কৃষকৰ তেজৰ মূল্য নিদিয়া মোদী চৰকাৰৰ প্ৰকৃত উদ্দেশ্য কি তাক লৈ প্ৰশ্ন উঠিছে। এয়াও এক ৰাজনৈতিক অভিসন্ধি নেকি!


FOLLOW US F
POPULAR
FEATURE
TRENDY
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি