--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অভিনেত্ৰী কিয়াৰা আদৱানীয়ে ২০১৪ চনৰ পৰাই ডাঙৰ পৰ্দাত কাম আৰম্ভ কৰিছিল। তেতিয়াৰ পৰাই কিয়াৰা অভিনীত বেছিভাগ ছবিয়েই বক্স অফিচত হিট লাভ কৰিছে। সেয়ে তেওঁক কৰণ জোহৰৰো প্ৰিয়। বি-টাউনৰ ‘মিঠা’ নায়িকা হিচাপে পৰিচিত কিয়াৰা। কিন্তু বাস্তৱত তেওঁ একেবাৰেই তেনেকুৱা নহয়। এগৰাকী বিমান পৰিচাৰিকাই এই দাবী কৰিলে।

যদিও পৰ্দাত এগৰাকী ‘মিঠা’ নায়িকাৰ চৰিত্ৰত অভিনয় কৰে কিয়াৰা বাস্তৱত অতি কঠোৰ। ছ’চিয়েল মিডিয়াত এটা ভিডিঅ’ পোষ্ট কৰি এই কথা জানিবলৈ দিয়ে বিমান পৰিচাৰিকাগৰাকীয়ে। ভিডিঅ’টোত তেওঁ কয় যে আন এগৰাকী বিমান পৰিচাৰিকা কিয়াৰাক কাজু আৰু আলমণ্ড দিবলৈ গৈছিল। কিয়াৰাই তেওঁৰ লগত ভাল ব্যৱহাৰ কৰা নাছিল। অৱশ্যে অভিযোগ কৰা বিমান পৰিচাৰিকাগৰাকীয়ে কিয়াৰাৰ সৈতে পোনপটীয়াকৈ কথা পতা নাছিল বুলি কয়।

ভিডিঅ’টোত বিমান পৰিচাৰিকাগৰাকীয়ে আন দুগৰাকী বলীউডৰ অভিনেত্ৰীৰ কথা ক’লে। তেওঁ ক’লে, জানহৱী কাপুৰ বৰ বিনয়ী। এবাৰ জানহৱী জৰুৰীকালীন চিটত শুই আছিল। তাক তাৰ পৰা উঠিবলৈ কোৱা হ’ল। কোনো ধৰণৰ বিৰক্তি নেদেখি সি আসনৰ পৰা ওলাই গ’ল।

অভিনেত্ৰী অনন্যা পাণ্ডেই এই বিমান পৰিচাৰিকাগৰাকীকো প্ৰশংসা কৰে। অনন্যাৰ কথাত এটা হাস্যৰসৰ ভাৱ লক্ষ্যণীয়। কিন্তু তেওঁ একেবাৰেই আড়ম্বৰপূৰ্ণ নহয়। এটা ঘটনা স্মৰণ কৰি বিমান পৰিচাৰিকাগৰাকীয়ে কয়, “এবাৰ অনন্যাই অৱতৰণৰ আগতে শৌচাগাৰলৈ যাব বিচাৰিছিল। তেতিয়া আটাইকেইজন যাত্ৰীয়ে বিমানখনৰ পৰা নামিবলৈ সাজু হৈছে। তেনেতে অনন্যাই ক’লে, তাই টয়লেটলৈ যাব লগা আছে। তেওঁ একেবাৰেই মোকাবিলা কৰিব নোৱাৰে।” অৱশ্যে এই ভিডিঅ’টোত বিমান পৰিচাৰিকাগৰাকীয়ে কোৱা কথাখিনিৰ সত্যতাক লৈ একাংশ নেটিজেনে প্ৰশ্ন উত্থাপন কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ