--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ যোৱা বছৰৰ নৱেম্বৰৰ পৰা তেওঁক জাতীয় দলত দেখা পোৱা নাই। ঈশান কিষান দক্ষিণ আফ্ৰিকা ভ্ৰমণৰ পৰা মাজ বাটতে মানসিক বিষণ্ণতাৰ বাবে ঘৰলৈ উভতি আহিল। তাৰ পিছৰে পৰা তিনিমাহ ধৰি দলৰ পৰা আঁতৰি আছে। কেৱল জাতীয় দলেই নহয়, ৰাজ্যিক দলতো তেওঁ সুযোগ পোৱা নাই। ঈশানে দলত সুযোগ নোপোৱাৰ বাবে ইৰফান পাথানে নিৰ্বাচকসকলক প্ৰশ্ন কৰে।

ইৰফানে এক্স হেণ্ডেলত ঈশানৰ নাম নোলোৱাকৈ এটা প্ৰশ্ন কৰিলে। ইৰফানে নিজৰ নাম নোলোৱাকৈয়ে যে ঈশানক মনত ৰাখি প্ৰশ্নটো সুধিছিল সেয়া স্পষ্ট। তেওঁ লিখিছে, ‘মই ভাবো এজন মানুহ সুস্থ হৈ প্ৰশিক্ষণ আৰম্ভ কৰাৰ পিছতো ৰাজ্যিক দলত কিয় সুযোগ দিয়া নহয়। কেনেকুৱা হৈছে? তাৰ অৰ্থ কি?''

কিছুদিন আগতে ঈশানে অনুশীলন আৰম্ভ কৰিছিল। হাৰ্দিক আৰু ক্ৰুনাল পাণ্ড্যাৰ সৈতে অনুশীলন কৰি আছে। কিন্তু তাৰ পিছতো ঈশানক ৰঞ্জি ট্ৰফীৰ বাবে ঝাৰখণ্ডৰ দলত অন্তৰ্ভুক্ত নহ’ল। ইয়াৰ পিছত প্ৰশ্ন উত্থাপন হয়, ইচ্ছাকৃতভাৱে ঈশানক বাদ দিয়া হৈছে নেকি? 

শেহতীয়াকৈ ইংলেণ্ড ভ্ৰমণত শ্ৰীকৰ ভাৰতে বৰ ভাল খেলিব পৰা নাই। লোকেশ ৰাহুলও আহত হৈছে। এতিয়াও সম্পূৰ্ণ সুস্থ হোৱা নাই ঋষভ পন্ত। এই পৰিস্থিতিত ঈশানে উইকেটকীপাৰ হিচাপে খেলাৰ সুযোগ পাইছিল। কিন্তু ভাৰতীয় প্ৰশিক্ষক ৰাহুল দ্ৰাবিদে কয় যে ঈশানে ক্ৰিকেট খেলি দলত প্ৰৱেশ কৰিব লাগে। তেওঁ নিজৰ অৰ্হতা প্ৰমাণ কৰিব লাগিব। সেই প্ৰমাণ লৈ সকলোৱে চাই আছে ঈশানে আকৌ কেতিয়া ভাৰতীয় দলত সুযোগ পায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু