--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অধিনায়ক হিচাপে ৱান ডে বিশ্বকাপ জয় কৰিব পৰা নাছিল। আনকি দেশখনক টেষ্ট বিশ্বকাপৰ চেম্পিয়ন কৰি তুলিব পৰা নাছিল। টি-২০ বিশ্বকাপৰ ফাইনেলতো পৰাস্ত হয় ৰোহিত শৰ্মাৰ দল। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত বিশেষ সফলতা লাভ কৰিব নোৱাৰিলেও আই পি এলৰ অন্যতম সফল অধিনায়ক ৰোহিত।

মাত্ৰ কেইদিনমান পিছতে টি-২০ বিশ্বকাপ। তাৰ আগতে তেওঁ সতীৰ্থসকলৰ পৰা কি বিচাৰে সেই কথা কৈছিল। ইংলেণ্ডৰ বিৰুদ্ধে দ্বিতীয় আৰু তৃতীয় টেষ্টৰ মাজত ১০ দিনৰ ব্যৱধানত ভাৰতীয় দলৰ ক্ৰিকেটাৰসকল ঘৰলৈ উভতি আহিছে। শুকুৰবাৰে মুম্বাইত এক অনুষ্ঠানত অংশ লৈছিল ৰোহিতে। তাত বিভিন্ন বিষয়ৰ ওপৰত কথা পাতি থাকোঁতে তেওঁৰ নেতৃত্বৰ বিষয়টোও আহিল। ভাৰতীয় দলৰ অধিনায়কে সেই সন্দৰ্ভত পোনপটীয়া উত্তৰ দিলে। 

তেওঁ কয়, এজন অধিনায়ক হিচাপে তেওঁ সদায় ক্ৰিকেটাৰসকলক আত্মবিশ্বাসী কৰি ৰাখিব বিচাৰে। খেলপথাৰত সতীৰ্থসকলৰ মত প্ৰকাশৰ স্বাধীনতাকো তেওঁ সন্মান কৰে। সতীৰ্থক বিশ্বাস কৰাটোও তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ।

অধিনায়ক হিচাপে অকলে সিদ্ধান্ত ল’বলৈ ৰোহিতে ভাল নাপায়। তেওঁৰ দৰে সতীৰ্থৰ ওপৰত জাপি দিয়াৰ পক্ষত নহয়। অধিনায়ক হিচাপে কৌশল প্ৰণয়নৰ উপৰিও তেওঁ দল পৰিচালনা কৰিব লাগিব। এই সন্দৰ্ভত ৰোহিতে কয়, “এজন অধিনায়ক হিচাপে আটাইতকৈ কঠিন কামটো হ’ল বাকী দলটোক নিজৰ ইচ্ছামতে ঠিক কৰিবলৈ দিয়া। সকলোৰে মানসিকতা বেলেগ বেলেগ। সকলোৱে নিজৰ দৰে খেলিব বিচাৰে। গতিকে দললৈ নতুন কোনোবা আহিলে মই তেওঁৰ লগত পৃথকে পৃথকে কথা পাতো। কাৰণ ক্ৰিকেট দলীয় খেল। সকলোৱে একেদৰে চিন্তা কৰাটো প্ৰয়োজন। খেলুৱৈক স্বাধীনতা দি ভাল পাওঁ। আমি সকলোৰে মতামতক গুৰুত্ব দিবলৈ চেষ্টা কৰোঁ। দলৰ প্ৰতিজন ব্যক্তি মোৰ বাবে অতি গুৰুত্বপূৰ্ণ। এই ধাৰণাটো সতীৰ্থসকলৰ মাজত সোমাই দিয়াৰ প্ৰয়োজন আছে।''

ৰোহিতে এই কথা বুজাব বিচাৰিছে যে, এজন অধিনায়ক হিচাপে তেওঁ যিকোনো পৰিস্থিতিত সতীৰ্থৰ কাষত থকাটোৱেই আটাইতকৈ বেছি গুৰুত্ব দিয়ে। তেওঁৰ মতে, তেতিয়া সকলোৱে দলটোৰ বাবে নিজৰ শ্ৰেষ্ঠখিনি দিবলৈ সাজু।

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ