--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাজস্থানত চলি আছে ৰজাঘৰীয়া বিয়া। ইফালে, শেহতীয়াকৈ সিদ্ধাৰ্থ মালহোত্ৰাৰ সাক্ষাৎকাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। অভিনেতাগৰাকীয়ে তেওঁৰ ভৱিষ্যত পত্নী কিয়াৰা আদৱানীৰ বিষয়ে কোৱা দেখা গৈছে। কিয়াৰাই পোনপটীয়াকৈ জনাইছে যে তেওঁ কোনো বিষয় ভাল নাপায়।

কিছুদিন পূৰ্বে নেটফ্লিক্সত মুক্তি লাভ কৰিছিল সিদ্ধাৰ্থৰ ছবি ‘মিছন মজনু’। এই সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ দিওঁতে কিয়াৰাক লৈ প্ৰশ্নৰ সন্মুখীন হ’ল সিদ্ধাৰ্থ মালহোত্ৰা। অভিনেতাজনক সোধা হৈছিল যে কিয়াৰাৰ বিষয়ে তেওঁৰ কি অপছন্দ? উত্তৰত সিদ্ধাৰ্থই কয়, প্ৰতিখন চিনেমাতে কিয়াৰাক কান্দি থকা দেখা যায়। কিয়াৰাৰ চকুত চকুলো দেখি ভাল নাপায় সিদ্ধাৰ্থই। কিয়াৰাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি সিদ্ধাৰ্থৰ মধুৰ উত্তৰ ভাল পাইছে নেটিজেনে।

Kiara

প্ৰথমতে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ প্ৰেমৰ কথা সোধাত দুয়োজনে লঘু হাঁহি এটা মাৰি বিষয়টো এৰাই চলিছিল। শেষত কৰণ জোহৰৰ আড্ডা শ্ব’ ‘কফী উইথ কৰণ’ই নিজৰ প্ৰেমৰ কথা স্বীকাৰ কৰে। তাৰ পাছৰে পৰা এই তাৰকা দম্পতীক কেইবাবাৰো একেলগে দেখা গৈছে। শনিবাৰে পুৱা মুম্বাইৰ পৰা জয়ছালমেৰলৈ উৰা মাৰিছিল কিয়াৰা আৰু সিদ্ধাৰ্থ। এটা সাধাৰণ ছালৱাৰত দেখা গ’ল সিদ্ধাৰ্থৰ হ’বলগীয়া পত্নীক। তেওঁৰ লগত আছিল ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা।



প্ৰথমতে শুনা গ’ল যে চণ্ডীগড়ৰ ‘দ্য ওবেৰয় সুখভিলাছ স্পা এণ্ড ৰিজ’ৰ্টছ’ত সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব।  ৪ তাৰিখৰ পৰা জয়পুৰ প্ৰাসাদত বিভিন্ন বিবাহ অনুষ্ঠান আৰম্ভ হ’ব। জানিব পৰা মতে সিদ্ধাৰ্থই পৰম্পৰা অনুসৰি তেওঁৰ বিয়াত ‘সংগীত’ অনুষ্ঠান এটা ৰাখিছে। কিয়াৰাই আৰু সিদ্ধাৰ্থৰ পৰিয়ালৰ সদস্যসকলেও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। খবৰ অনুসৰি কিয়াৰাৰ সাজ-পোছাকৰ ডিজাইন কৰিব মনীষ মালহোত্ৰাই। সূত্ৰসমূহ যদি বিশ্বাস কৰিব লাগে তেন্তে কাইলৈ ​​জয়ছলমেৰৰ সূৰ্য্যগড় গড়ত সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক