--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  ৰাজস্থানত চলি আছে ৰজাঘৰীয়া বিয়া। ইফালে, শেহতীয়াকৈ সিদ্ধাৰ্থ মালহোত্ৰাৰ সাক্ষাৎকাৰৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। অভিনেতাগৰাকীয়ে তেওঁৰ ভৱিষ্যত পত্নী কিয়াৰা আদৱানীৰ বিষয়ে কোৱা দেখা গৈছে। কিয়াৰাই পোনপটীয়াকৈ জনাইছে যে তেওঁ কোনো বিষয় ভাল নাপায়।

কিছুদিন পূৰ্বে নেটফ্লিক্সত মুক্তি লাভ কৰিছিল সিদ্ধাৰ্থৰ ছবি ‘মিছন মজনু’। এই সন্দৰ্ভত বিশেষ সাক্ষাৎকাৰ দিওঁতে কিয়াৰাক লৈ প্ৰশ্নৰ সন্মুখীন হ’ল সিদ্ধাৰ্থ মালহোত্ৰা। অভিনেতাজনক সোধা হৈছিল যে কিয়াৰাৰ বিষয়ে তেওঁৰ কি অপছন্দ? উত্তৰত সিদ্ধাৰ্থই কয়, প্ৰতিখন চিনেমাতে কিয়াৰাক কান্দি থকা দেখা যায়। কিয়াৰাৰ চকুত চকুলো দেখি ভাল নাপায় সিদ্ধাৰ্থই। কিয়াৰাৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰি সিদ্ধাৰ্থৰ মধুৰ উত্তৰ ভাল পাইছে নেটিজেনে।

Kiara

প্ৰথমতে সিদ্ধাৰ্থ আৰু কিয়াৰাৰ প্ৰেমৰ কথা সোধাত দুয়োজনে লঘু হাঁহি এটা মাৰি বিষয়টো এৰাই চলিছিল। শেষত কৰণ জোহৰৰ আড্ডা শ্ব’ ‘কফী উইথ কৰণ’ই নিজৰ প্ৰেমৰ কথা স্বীকাৰ কৰে। তাৰ পাছৰে পৰা এই তাৰকা দম্পতীক কেইবাবাৰো একেলগে দেখা গৈছে। শনিবাৰে পুৱা মুম্বাইৰ পৰা জয়ছালমেৰলৈ উৰা মাৰিছিল কিয়াৰা আৰু সিদ্ধাৰ্থ। এটা সাধাৰণ ছালৱাৰত দেখা গ’ল সিদ্ধাৰ্থৰ হ’বলগীয়া পত্নীক। তেওঁৰ লগত আছিল ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰা।



প্ৰথমতে শুনা গ’ল যে চণ্ডীগড়ৰ ‘দ্য ওবেৰয় সুখভিলাছ স্পা এণ্ড ৰিজ’ৰ্টছ’ত সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব।  ৪ তাৰিখৰ পৰা জয়পুৰ প্ৰাসাদত বিভিন্ন বিবাহ অনুষ্ঠান আৰম্ভ হ’ব। জানিব পৰা মতে সিদ্ধাৰ্থই পৰম্পৰা অনুসৰি তেওঁৰ বিয়াত ‘সংগীত’ অনুষ্ঠান এটা ৰাখিছে। কিয়াৰাই আৰু সিদ্ধাৰ্থৰ পৰিয়ালৰ সদস্যসকলেও উক্ত অনুষ্ঠানত অংশগ্ৰহণ কৰিব। খবৰ অনুসৰি কিয়াৰাৰ সাজ-পোছাকৰ ডিজাইন কৰিব মনীষ মালহোত্ৰাই। সূত্ৰসমূহ যদি বিশ্বাস কৰিব লাগে তেন্তে কাইলৈ ​​জয়ছলমেৰৰ সূৰ্য্যগড় গড়ত সিদ্ধাৰ্থ-কিয়াৰাৰ বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু