--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবা দশকৰ পিছত যেন অসমীয়া ছবি জগতলৈ নতুন জোৱাৰ আহিছে৷  এএম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবি 'ডক্তৰ বেজবৰুৱা ২' ৰ প্ৰতি দৰ্শকে দেখুৱাইছে অভুতপূৰ্ব সঁহাৰি৷৩ ফেব্ৰৱাৰীত অসমৰ ১৪২ খন পৰ্দা আৰু দেশৰ আঠটা ছবিঘৰত মুক্তি লাভ কৰা   "ডক্তৰ বেজবৰুৱা ২"-ই স্থাপন কৰিছে  ইটোৰ পিছত সিটোকৈ অভিলেখ৷ 

আজি  "ডক্তৰ বেজবৰুৱা ২" মুক্তিৰ তৃতীয় দিন ।লক্ষ্যণীয় কথাটো হ’ল মুক্তিৰ প্ৰথম দিনটোতে ছবি খনে আয় কৰিছে ৪১ লাখ টকাৰো অধিক ধন৷ অসমীয়া ছবিৰ বাবে নিঃসন্দেহে এয়া এক অভিলেখ৷  সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো ছবি খনৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে। বিশ্বনাথৰ পাভৈ ট’কিজত  "ডক্তৰ বেজবৰুৱা ২"ৰ  কালিৰে পৰা পুৱা ১০.৩০ বজা, দুপৰীয়া ১২.৩০ বজা আৰু বিয়লি ৫.৩০ বজাত তিনিটাকৈ দৰ্শনী হৈছে ।ইতিমধ্যে হলৰ কৰ্তৃপক্ষই আজি  তিনিওটা দৰ্শনী হাইছফুল বুলি জানিবলৈ দিছে৷ 

ব্যতিক্ৰম ঘটা নাই গোলাঘাটতো৷ গোলাঘাটত সত্তৰ উৰ্দ্ধৰ বৃদ্ধই ছবিঘৰলৈ আহি উপভোগ কৰিলে  "ডক্তৰ বেজবৰুৱা ২" ছবি খন  ।  ৫৪ বছৰ আগতে মুক্তি লাভ কৰা  "ডক্তৰ বেজবৰুৱা " ছবি খন উপভোগ কৰিছিল এইগৰাকী ককাই।  "ডক্তৰ বেজবৰুৱা ২" উপভোগ কৰি সেয়ে নষ্টালজিক হৈ পৰে ককা৷ দুটা দিনৰ আটাইকেইটা দৰ্শনী হাউছফুল হোৱাৰ উপৰি গোলাঘাটত এসপ্তাহৰ টিকট প্ৰায় শেষ হৈছে বুলি ছবিঘৰৰ কৰ্তৃপক্ষই জানিবলৈ দিছে৷ 

 মাঘেৰিটাৰ শ্যাম টকিজটো ৰাইজৰ ভিৰে বিৰ দি বাট নোপোৱা হৈছে৷  আজি তৃতীয় দিনৰ প্ৰথম দৰ্শনীতে হাউছফুল হৈছে। টিকট নাপাই দৰ্শক উভতি  যোৱাও পৰিলক্ষিত হৈছে।মঙলদৈ ড্ৰিম থিয়েটাৰত "ডক্তৰ বেজবৰুৱা ২" ৰ সকলো দৰ্শনী   আজিও হাউছফুল হৈছে৷সেয়ে দৰ্শনী  বৃদ্ধি কৰাৰ দাবী জনাইছে  ৰাইজে৷টিকট নাপাই ঘৰলৈ  উভতিছে বহু দৰ্শকে ৷

উল্লেখ্য প্ৰাগ নিউজৰ স্বত্বাধিকাৰ ড০ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা   'ডক্তৰ বেজবৰুৱা ২' ছবি খনে  শুক্ৰবাৰে সমগ্ৰ অসম আৰু দেশৰ আন কিছু অংশত মুক্তি লাভ কৰে। ডক্তৰ বেজবৰুৱা' ছবি খনে ১৯৬৯ চনত মুক্তি লাভ কৰিছিল আৰু আজিলৈকে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম বৃহৎ হিট ছবি হিচাপে পৰিগণিত হৈ আছে।সেই হিট ছবি খনৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে 'ডক্তৰ বেজবৰুৱা ২' ৷ মাত্ৰ দৃশ্যায়ন আৰু পৰিবেশনৰ ক্ষেত্ৰত বহু খিনি আধুনিকতাৰ পৰশ পৰিছে৷ ফলত এতিয়াৰ প্ৰজন্মৰ দৰ্শকে ষাঠিৰ দশকৰ ছুপাৰহিট ছবি খনক আৰু অধিক সুন্দৰ ৰূপত উপভোগ কৰাৰ সুবিধা পাইছে৷ 

জনপ্ৰিয় অভিনেতা প্ৰয়াত নিপন গোস্বামীয়ে পৰিচালনা কৰা ছবি খন  সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে প্ৰযোজনা কৰি অসমবাসীক এক অমূল্য উপহাৰ দিয়া বুলি এতিয়া বহুতে আলোচনা কৰা পৰিলক্ষিত হৈছে।  ছবিখনত আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপন গোস্বামী, কিংকিনি গোস্বামী, মাধুৰীমা চৌধুৰী আৰু অৰুণ নাৰায়ণৰ উপৰি অন্যান্য সকলে অভিনয় কৰিছে। 'ডক্তৰ বেজবৰুৱা ২' বাংগালোৰ, নতুন দিল্লী, নয়ডা, হায়দৰাবাদ আৰু চেন্নাই আদি স্থানতো  মুক্তি দিয়া  হৈছে। সেই ঠাইসমূহতো অসমীয়া দৰ্শকে আগ্ৰহেৰে ছবি খন চাইছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু