--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কেইবা দশকৰ পিছত যেন অসমীয়া ছবি জগতলৈ নতুন জোৱাৰ আহিছে৷  এএম টেলিভিছনৰ বেনাৰত নিৰ্মিত ছবি 'ডক্তৰ বেজবৰুৱা ২' ৰ প্ৰতি দৰ্শকে দেখুৱাইছে অভুতপূৰ্ব সঁহাৰি৷৩ ফেব্ৰৱাৰীত অসমৰ ১৪২ খন পৰ্দা আৰু দেশৰ আঠটা ছবিঘৰত মুক্তি লাভ কৰা   "ডক্তৰ বেজবৰুৱা ২"-ই স্থাপন কৰিছে  ইটোৰ পিছত সিটোকৈ অভিলেখ৷ 

আজি  "ডক্তৰ বেজবৰুৱা ২" মুক্তিৰ তৃতীয় দিন ।লক্ষ্যণীয় কথাটো হ’ল মুক্তিৰ প্ৰথম দিনটোতে ছবি খনে আয় কৰিছে ৪১ লাখ টকাৰো অধিক ধন৷ অসমীয়া ছবিৰ বাবে নিঃসন্দেহে এয়া এক অভিলেখ৷  সমগ্ৰ ৰাজ্যৰ লগতে বিশ্বনাথতো ছবি খনৰ প্ৰতি দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি পৰিলক্ষিত হৈছে। বিশ্বনাথৰ পাভৈ ট’কিজত  "ডক্তৰ বেজবৰুৱা ২"ৰ  কালিৰে পৰা পুৱা ১০.৩০ বজা, দুপৰীয়া ১২.৩০ বজা আৰু বিয়লি ৫.৩০ বজাত তিনিটাকৈ দৰ্শনী হৈছে ।ইতিমধ্যে হলৰ কৰ্তৃপক্ষই আজি  তিনিওটা দৰ্শনী হাইছফুল বুলি জানিবলৈ দিছে৷ 

ব্যতিক্ৰম ঘটা নাই গোলাঘাটতো৷ গোলাঘাটত সত্তৰ উৰ্দ্ধৰ বৃদ্ধই ছবিঘৰলৈ আহি উপভোগ কৰিলে  "ডক্তৰ বেজবৰুৱা ২" ছবি খন  ।  ৫৪ বছৰ আগতে মুক্তি লাভ কৰা  "ডক্তৰ বেজবৰুৱা " ছবি খন উপভোগ কৰিছিল এইগৰাকী ককাই।  "ডক্তৰ বেজবৰুৱা ২" উপভোগ কৰি সেয়ে নষ্টালজিক হৈ পৰে ককা৷ দুটা দিনৰ আটাইকেইটা দৰ্শনী হাউছফুল হোৱাৰ উপৰি গোলাঘাটত এসপ্তাহৰ টিকট প্ৰায় শেষ হৈছে বুলি ছবিঘৰৰ কৰ্তৃপক্ষই জানিবলৈ দিছে৷ 

 মাঘেৰিটাৰ শ্যাম টকিজটো ৰাইজৰ ভিৰে বিৰ দি বাট নোপোৱা হৈছে৷  আজি তৃতীয় দিনৰ প্ৰথম দৰ্শনীতে হাউছফুল হৈছে। টিকট নাপাই দৰ্শক উভতি  যোৱাও পৰিলক্ষিত হৈছে।মঙলদৈ ড্ৰিম থিয়েটাৰত "ডক্তৰ বেজবৰুৱা ২" ৰ সকলো দৰ্শনী   আজিও হাউছফুল হৈছে৷সেয়ে দৰ্শনী  বৃদ্ধি কৰাৰ দাবী জনাইছে  ৰাইজে৷টিকট নাপাই ঘৰলৈ  উভতিছে বহু দৰ্শকে ৷

উল্লেখ্য প্ৰাগ নিউজৰ স্বত্বাধিকাৰ ড০ সঞ্জীৱ নাৰায়ণ আৰু ডাঃ অক্ষতা নাৰায়ণে প্ৰযোজনা কৰা   'ডক্তৰ বেজবৰুৱা ২' ছবি খনে  শুক্ৰবাৰে সমগ্ৰ অসম আৰু দেশৰ আন কিছু অংশত মুক্তি লাভ কৰে। ডক্তৰ বেজবৰুৱা' ছবি খনে ১৯৬৯ চনত মুক্তি লাভ কৰিছিল আৰু আজিলৈকে অসমৰ চলচ্চিত্ৰ উদ্যোগৰ অন্যতম বৃহৎ হিট ছবি হিচাপে পৰিগণিত হৈ আছে।সেই হিট ছবি খনৰ আধাৰতেই নিৰ্মাণ কৰা হৈছে 'ডক্তৰ বেজবৰুৱা ২' ৷ মাত্ৰ দৃশ্যায়ন আৰু পৰিবেশনৰ ক্ষেত্ৰত বহু খিনি আধুনিকতাৰ পৰশ পৰিছে৷ ফলত এতিয়াৰ প্ৰজন্মৰ দৰ্শকে ষাঠিৰ দশকৰ ছুপাৰহিট ছবি খনক আৰু অধিক সুন্দৰ ৰূপত উপভোগ কৰাৰ সুবিধা পাইছে৷ 

জনপ্ৰিয় অভিনেতা প্ৰয়াত নিপন গোস্বামীয়ে পৰিচালনা কৰা ছবি খন  সঞ্জীৱ নাৰায়ণ আৰু অক্ষতা নাৰায়ণে প্ৰযোজনা কৰি অসমবাসীক এক অমূল্য উপহাৰ দিয়া বুলি এতিয়া বহুতে আলোচনা কৰা পৰিলক্ষিত হৈছে।  ছবিখনত আদিল হুছেইন, জুবিন গাৰ্গ, সিদ্ধাৰ্থ নিপন গোস্বামী, কিংকিনি গোস্বামী, মাধুৰীমা চৌধুৰী আৰু অৰুণ নাৰায়ণৰ উপৰি অন্যান্য সকলে অভিনয় কৰিছে। 'ডক্তৰ বেজবৰুৱা ২' বাংগালোৰ, নতুন দিল্লী, নয়ডা, হায়দৰাবাদ আৰু চেন্নাই আদি স্থানতো  মুক্তি দিয়া  হৈছে। সেই ঠাইসমূহতো অসমীয়া দৰ্শকে আগ্ৰহেৰে ছবি খন চাইছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বলিয়া বানে প্ৰাণ ল’লে ৪৭জনৰ; ৭ লাখ লোক গৃহহীন
প্রথমটো পদক নিশ্চিত লাভলীনাৰ, গ্লাছগো কমনৱেলথ গেমছ আৰম্ভ
অসমত ১৮০ বছৰৰ পিছত হেৰুৱা বিৰল উদ্ভিদৰ পুনৰ আৱিষ্কাৰ
অসমত বানাক্ৰান্তক উদ্ধাৰ ভাৰতীয় বায়ুসেনাৰ গৰুড় কমাণ্ডোৰ
ক্ৰিকেটাৰৰ কেৰিয়াৰ ধ্বংসৰ ষড়যন্ত্ৰ গৌতম গম্ভীৰৰ, প্রাক্তন মুখ্য নির্বাচক শ্রীকান্তৰ বিস্ফোৰক অভিযোগ
অসমত ভয়ংকৰ বান: ৩০ হাজাৰতকৈ অধিক লোক আশ্ৰয় শিবিৰত, অব্যাহত উদ্ধাৰ অভিযান
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
অসমত আইআইএম গুৱাহাটীৰ ঐতিহাসিক শুভাৰম্ভণি: প্ৰথম এমবিএ বেচ আৰু উৎকৰ্ষ কেন্দ্ৰ মুকলি
মন্ত্ৰী কৌশিক ৰায়ৰ শিলচৰত বজাৰ ব্যৱস্থাপনা আৰু পথ প্ৰকল্পৰ বিস্তৃত পৰ্যালোচনা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
Advertisement