--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বজুৰি কৰ্কট ৰোগত মৃত্যুৰ সংখ্যা ৭০ শতাংশতকৈ অধিক। ৫০ ঊৰ্ধ্বৰ লোকসকলৰ ক্ষেত্ৰত এই আশংকা বেছি দেখা যায়। ইয়াৰ আঁৰৰ কাৰণ হৈছে বাৰ্ধক্যৰ লগে লগে শৰীৰৰ পৰিৱৰ্তন, কোষৰ ক্ষতি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা ইত্যাদি। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰৰ কোষবোৰো পুৰণি হোৱাৰ সামন্তৰালকৈ কোষবোৰ বিভাজিত হ'বলৈ আৰম্ভ কৰে।ফলত বৃদ্ধসকলৰ ক্ষেত্ৰত ইয়াৰ আশংকা অধিক দেখা যায়।

বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰো দুৰ্বল হ'বলৈ আৰম্ভ কৰে। যাৰ ফলত কেৱল কোষ মেৰামতি ব্যৱস্থাই নহয়, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে। কম বয়সৰ লোকসকলৰ ক্ষেত্ৰত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা অধিক হোৱাৰ বিপৰীতে বয়স বৃদ্ধিৰ লগে লগে এই ক্ষমতা হ্ৰাস হয়, যাৰ বাবে কেন্সাৰৰ দৰে ৰোগে সহজে আক্ৰমণ কৰিব পাৰে।

বয়স বঢ়াৰ লগে লগে আমাৰ জীৱনশৈলীও কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সৈতে যুঁজিবলৈ অক্ষম হৈ পৰে, সেয়েহে এই সময়ছোৱাত যদি জীৱনশৈলীৰ বিশেষ যত্ন নলওঁ, তেন্তে ৫০-৬০ বছৰ বয়সৰ পাছত কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। আমাৰ দৈনন্দিন জীৱনৰ এনে কিছুমান অভ্যাস যিয়ে এই বিপদ আৰু দুগুণে বৃদ্ধি কৰাত সহায় কৰে। যেনে– ধূমপান, মদ খোৱা, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মেদবহুলতা ইত্যাদি। এনেবোৰ অভ্যাস পৰিহাৰ কৰি সুস্থ জীৱন-যাপন কৰিলেহে বৃদ্ধ বয়সত কেন্সাৰৰ দৰে ভয়ানক ৰোগৰ সৈতে যুঁজিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী