--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বজুৰি কৰ্কট ৰোগত মৃত্যুৰ সংখ্যা ৭০ শতাংশতকৈ অধিক। ৫০ ঊৰ্ধ্বৰ লোকসকলৰ ক্ষেত্ৰত এই আশংকা বেছি দেখা যায়। ইয়াৰ আঁৰৰ কাৰণ হৈছে বাৰ্ধক্যৰ লগে লগে শৰীৰৰ পৰিৱৰ্তন, কোষৰ ক্ষতি বৃদ্ধি, ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হোৱা ইত্যাদি। বয়স বাঢ়ি অহাৰ লগে লগে আমাৰ শৰীৰৰ কোষবোৰো পুৰণি হোৱাৰ সামন্তৰালকৈ কোষবোৰ বিভাজিত হ'বলৈ আৰম্ভ কৰে।ফলত বৃদ্ধসকলৰ ক্ষেত্ৰত ইয়াৰ আশংকা অধিক দেখা যায়।

বয়স বৃদ্ধিৰ লগে লগে আমাৰ শৰীৰো দুৰ্বল হ'বলৈ আৰম্ভ কৰে। যাৰ ফলত কেৱল কোষ মেৰামতি ব্যৱস্থাই নহয়, আমাৰ ৰোগ প্ৰতিৰোধ ক্ষমতাও দুৰ্বল হৈ পৰে। কম বয়সৰ লোকসকলৰ ক্ষেত্ৰত ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা অধিক হোৱাৰ বিপৰীতে বয়স বৃদ্ধিৰ লগে লগে এই ক্ষমতা হ্ৰাস হয়, যাৰ বাবে কেন্সাৰৰ দৰে ৰোগে সহজে আক্ৰমণ কৰিব পাৰে।

বয়স বঢ়াৰ লগে লগে আমাৰ জীৱনশৈলীও কেন্সাৰৰ দৰে গুৰুতৰ ৰোগৰ সৈতে যুঁজিবলৈ অক্ষম হৈ পৰে, সেয়েহে এই সময়ছোৱাত যদি জীৱনশৈলীৰ বিশেষ যত্ন নলওঁ, তেন্তে ৫০-৬০ বছৰ বয়সৰ পাছত কেন্সাৰৰ দৰে ৰোগৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। আমাৰ দৈনন্দিন জীৱনৰ এনে কিছুমান অভ্যাস যিয়ে এই বিপদ আৰু দুগুণে বৃদ্ধি কৰাত সহায় কৰে। যেনে– ধূমপান, মদ খোৱা, অস্বাস্থ্যকৰ খাদ্যাভ্যাস, মেদবহুলতা ইত্যাদি। এনেবোৰ অভ্যাস পৰিহাৰ কৰি সুস্থ জীৱন-যাপন কৰিলেহে বৃদ্ধ বয়সত কেন্সাৰৰ দৰে ভয়ানক ৰোগৰ সৈতে যুঁজিবলৈ নিজকে প্ৰস্তুত কৰি ৰাখিব পাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু