--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভিটামিন বি ১২ এবিধ গুৰুত্বপূৰ্ণ পুষ্টিকৰ উপাদান যিটো আমাৰ শৰীৰৰ বাবে অপৰিহাৰ্য, ই স্নায়ুজনিত কাৰ্য্যক্ষমতা আৰু ৰক্তকণিকা গঠনত বিশেষভাৱে উপযোগী। যদি শৰীৰত ইয়াৰ অভাৱ হয় তেন্তে আমি বহু ধৰণৰ সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। নিৰামিষ খাদ্য গ্ৰহণ কৰা লোকসকলে এইখিনি লাভ কৰাত কিছু অসুবিধাৰ সন্মুখীন হ’ব পাৰে। অৱশ্যে বিখ্যাত খাদ্য বিশেষজ্ঞ আয়ুষী যাদৱে কয় যে কিছুমান নিৰামিষ খাদ্য আছে যিবোৰ সেৱন কৰি ভিটামিন বি ১২ লাভ কৰিব পাৰি।


১/ গাখীৰ আৰু দুগ্ধজাত সামগ্ৰীঃ গাখীৰ আৰু ইয়াৰ উৎপাদিত সামগ্ৰী যেনে দৈ, পনিৰ, মাখন আদি ভিটামিন বি ১২ৰ ভাল উৎস। সেয়েহে আপুনি এই সামগ্ৰীসমূহ আপোনাৰ দৈনন্দিন খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰিব পাৰে।

২/ বাদামঃ আখৰোট, আলমণ্ড আৰু আন বহুতো বাদামো ভিটামিন বি ১২ৰ ভাল উৎস। এইবোৰ দৈনিক খালে আপুনি পুষ্টিকৰ উপাদানৰ লগতে শক্তিও লাভ কৰে।

৩/ ছয়া সামগ্ৰীঃ ভিটামিন বি ১২ ছয়া গাখীৰ, ছয়া পনীৰ, ছয়া দৈ আদিতো পোৱা যায়। নিৰামিষভোজীসকলে এইবোৰ খাদ্যত অন্তৰ্ভুক্ত কৰি নিজৰ পুষ্টিৰ প্ৰয়োজনীয়তা পূৰণ কৰিব পাৰে।

৪/ সতেজ সেউজীয়া শাক-পাচলিঃ যদিও বহু শাক-পাচলিত ভিটামিন বি ১২ৰ পৰিমাণ কম, তথাপিও কিছুমান শাক-পাচলিত এই পুষ্টিকৰ পদাৰ্থ পোৱা যায়। ইয়াৰ ভিতৰত আছে পালেং, ব্ৰকলি, কবি, আৰু সেউজীয়া মগু আদি।

৫/ এভোকেডোঃ এভোকেডো এবিধ স্বাস্থ্যকৰ ফল যি ভিটামিন বি ১২ৰ উত্তম উৎস। ইয়াক সেৱন কৰিলে আপোনাৰ শৰীৰে পুষ্টি লাভ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰিব।

৬/ Nutritional Yeast- Nutritional Yeast ভিটামিন বি১২ৰ এক উৎকৃষ্ট উৎস। নিৰামিষভোজীসকলৰ বাবে ই এক উত্তম বিকল্প হ’ব পাৰে। ইয়াক চালাড, চূপ, আৰু অন্যান্য খাদ্যত দিব পাৰি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু