--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰৰ শাক-পাচলি আৰু ফল-মূলে একোটা বিশেষ অঞ্চলত বাস কৰা লোক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। বহুতে বীজলুৱা গুণৰ বাবে ভেণ্ডি নাখায়। কিন্তু ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়।

ভেণ্ডি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি, কিন্তু  সেই সম্পৰ্কে আমি বাৰু কিমানখিনি অৱগত! ভেণ্ডিৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহক।

অসমৰ আৰ্দ্ৰভূমিত প্ৰচুৰ পৰিমাণে ভেণ্ডি উৎপাদন হয়। জহকালত অসমীয়া মানুহৰ বাৰীত ভেণ্ডি প্ৰায়ে পোৱা যায়।

 ভেণ্ডিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে। যিবোৰ আমাৰ শৰীৰ বাবে অতীৱ প্ৰয়োজন।

 ভেণ্ডি কোষ্ঠকাঠিন্যতা দূৰ কৰাত অতি উপকাৰী । ভেণ্ডিয়ে  গেছ প্ৰতিহত কৰাত সহায় কৰে। ডায়েৰিয়া প্ৰতিৰোধ কৰাতো ভেণ্ডিয়ে  সহায় কৰে। ভেণ্ডিয়ে  অতিৰিক্ত কলেষ্টেৰল নাশ কৰাত সহায় কৰে। 
 হৃদৰোগীৰ বাবেও ভেণ্ডি অতি উপকাৰী। কাৰণ ভেণ্ডিত থকা প্ৰচুৰ পৰিমাণৰ দ্ৰৱণীয় ফাইবাৰে দ্ৰুত গতিত এই ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়ে হৃদৰোগীয়ে ভেণ্ডি খালে এই ৰোগৰ পৰা উপশম পাব পাৰে।

দৈনিক ভেণ্ডি খালে শৰীৰৰ চুগাৰো নিয়ন্ত্ৰণত থাকে। সেয়ে চুগাৰ থকা মানুহে ভেণ্ডি খালে সুফল লাভ কৰিব পাৰে।

ভেণ্ডিয়ে মানুহৰ হজম প্ৰক্ৰিয়া সঠিক কৰি ৰাখে। কৌষ্ঠকাঠিন্যত ভোগা মানুহে ভেণ্ডি খালে এই ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰে।

 ভেণ্ডি দাইলত দি পিটিকি খালেও পেটৰ নানা ৰোগ নাশ হয়। পেট কামুৰিলে ভেণ্ডি সিজাই খালে সুফল পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা