--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বতৰৰ শাক-পাচলি আৰু ফল-মূলে একোটা বিশেষ অঞ্চলত বাস কৰা লোক সকলৰ দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে। তেনে পাচলিৰ ভিতৰত ভেণ্ডিও এবিধ। বহুতে বীজলুৱা গুণৰ বাবে ভেণ্ডি নাখায়। কিন্তু ভেণ্ডি বহু পাচলিতকৈ উত্তম পাচলি। এই পাচলিয়ে কোনো ক্ষতিও কৰা দেখা নাযায়।

ভেণ্ডি মানুহৰ স্বাস্থ্যৰ বাবে কিমান উপকাৰী পাচলি, কিন্তু  সেই সম্পৰ্কে আমি বাৰু কিমানখিনি অৱগত! ভেণ্ডিৰ উপকাৰিতাৰ বিষয়ে কিছু কথা জানো আহক।

অসমৰ আৰ্দ্ৰভূমিত প্ৰচুৰ পৰিমাণে ভেণ্ডি উৎপাদন হয়। জহকালত অসমীয়া মানুহৰ বাৰীত ভেণ্ডি প্ৰায়ে পোৱা যায়।

 ভেণ্ডিত প্ৰচুৰ পৰিমাণে কেলছিয়াম, আইৰণ, মেগনেছিয়াম, পটেছিয়াম, ভিটামিন, ফাইবাৰ আৰু নিউট্ৰেন্ট আদি থাকে। যিবোৰ আমাৰ শৰীৰ বাবে অতীৱ প্ৰয়োজন।

 ভেণ্ডি কোষ্ঠকাঠিন্যতা দূৰ কৰাত অতি উপকাৰী । ভেণ্ডিয়ে  গেছ প্ৰতিহত কৰাত সহায় কৰে। ডায়েৰিয়া প্ৰতিৰোধ কৰাতো ভেণ্ডিয়ে  সহায় কৰে। ভেণ্ডিয়ে  অতিৰিক্ত কলেষ্টেৰল নাশ কৰাত সহায় কৰে। 
 হৃদৰোগীৰ বাবেও ভেণ্ডি অতি উপকাৰী। কাৰণ ভেণ্ডিত থকা প্ৰচুৰ পৰিমাণৰ দ্ৰৱণীয় ফাইবাৰে দ্ৰুত গতিত এই ৰোগ নিৰাময় কৰাত সহায় কৰে। সেয়ে হৃদৰোগীয়ে ভেণ্ডি খালে এই ৰোগৰ পৰা উপশম পাব পাৰে।

দৈনিক ভেণ্ডি খালে শৰীৰৰ চুগাৰো নিয়ন্ত্ৰণত থাকে। সেয়ে চুগাৰ থকা মানুহে ভেণ্ডি খালে সুফল লাভ কৰিব পাৰে।

ভেণ্ডিয়ে মানুহৰ হজম প্ৰক্ৰিয়া সঠিক কৰি ৰাখে। কৌষ্ঠকাঠিন্যত ভোগা মানুহে ভেণ্ডি খালে এই ৰোগৰ পৰাও পৰিত্ৰাণ পাব পাৰে।

 ভেণ্ডি দাইলত দি পিটিকি খালেও পেটৰ নানা ৰোগ নাশ হয়। পেট কামুৰিলে ভেণ্ডি সিজাই খালে সুফল পোৱা যায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ জোঁৱাই ৰখাৰ পৰিণতি! খুলশালীৰ পত্নীক পলুৱাই লৈ গ'ল ভিনিহিয়েকে
সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ ১০০ বছৰীয়া জন্ম বাৰ্ষিকী! ৰাজ্যজুৰি সোঁৱৰণ বিশ্ববন্দিত শিল্পীগৰাকীক
লালকিল্লাত দুটা সোণৰ কলহকে ধৰি ১.৫ কোটি টকাৰ সামগ্ৰী চুৰি
জাপানত ৰাজনৈতিক অস্থিৰতা! প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাই কৰিলে পদত্যাগ
চীনক ৭-০ গ’লত পৰাস্ত কৰি ফাইনেলত প্ৰৱেশ ভাৰতৰ
আজি দৃশ্যমান হ'ব পূর্ণ চন্দ্রগ্রহণ; জানো আহক কেনেদৰে প্ৰত্যক্ষ কৰিব
গোৱালপাৰা আৰক্ষীৰ সফলতা! তিনিটা দুৰ্ধৰ্ষ ডকাইতক গ্ৰেপ্তাৰ
চীন-ভাৰতে মিলি শক্তিশালী কৰিব এছিয়াক
‘ভাৰতৰ সৈতে সম্পৰ্ক ৰাজনীতি নহয় বিশ্বাসহে’, পুটিন-মোদীৰ যুগলবন্দী দেখি স্তম্ভিত হ’ব ড’নাল্ড ট্ৰাম্প!
বিশ্ব চেম্পিয়নশ্বিপত পদকৰ লক্ষ্য লাভলীনাৰ
ককিলামুখৰ কুৰিখন ৰাজহ গাঁৱলৈ ভাবুকি
য়েমেনৰ ছানাত ইজৰাইলৰ ভয়ংকৰ আক্রমণ
মুখ্যমন্ত্ৰীলৈ স্মাৰক-পত্ৰৰ বাবে গণস্বাক্ষৰ অভিযান আৰম্ভ
জীৱ-জন্তুৰ আশ্রয়স্থল হৈছে গৰিয়াজান ক্লাব