--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানুহে সুস্থ হৈ থাকিবলৈ ফলমূল সেৱন কৰে। ফলে শৰীৰক পুষ্টি প্ৰদান কৰে। ফলত ভিটামিন, প্ৰটিন, খনিজ পদাৰ্থকে ধৰি প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কোৱা হয় যে প্ৰতিদিনে পুৱা খালী পেটত এটা আপেল খালে মানুহ সুস্থ হৈ থাকে, কিন্তু আপেলৰ বাহিৰেও বহুতো ফল আছে, যিবোৰ অতি পুষ্টিকৰ। যদি আপুনি সুস্থ হৈ থাকিবলৈ উপকাৰী খাদ্য গ্ৰহণ কৰিব বিচাৰে তেন্তে কল উপকাৰী হ’ব পাৰে।

 বিশেষজ্ঞসকলে প্ৰতিদিনে এটাকৈ কল খাবলৈ পৰামৰ্শ দিয়ে। কলত ভিটামিন আৰু পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে। কলত পোৱা কাৰ্বহাইড্ৰেট, ভিটামিন-এ, চি আৰু বি৬, আইৰন, ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, জিংক, ছ’ডিয়াম, পটাছিয়াম আদিয়ে শৰীৰক সম্পূৰ্ণ পুষ্টি প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰি প্ৰাকৃতিক চেনি যেনে-চুক্ৰজ, ফ্ৰুক্টজ আৰু গ্লুকজ পোৱা যায়। সেয়েহে কলক ছুপাৰফুড বুলি গণ্য কৰা হয়। কিন্তু কিছু ক্ষেত্ৰত কল অপকাৰী বুলি গণ্য কৰা হয়। জানো আহক সবিশেষ।

 ১. কলৰ উপকাৰিতাসমূহ-

* কলত পটাছিয়াম থাকে, ৱৰ্কআউটৰ পাছত নিমীয়াকৈ কল খোৱাটো স্বাস্থ্য পক্ষে উপকাৰী।

* ভিটামিন-বি৬ কলত পোৱা যায়, যিটো মগজুৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু ইয়াৰ সেৱনে স্মৃতিশক্তি বৃদ্ধি কৰে।

* ওজন নিয়ন্ত্ৰণত কল অতি উপকাৰী।

* কলে কোষ্ঠকাঠিন্য আৰু পেটৰ সমস্যাৰ পৰা উপশম দিয়ে।

* কলত এমিনো এচিডৰ পৰিমাণ বেছি হোৱাৰ বাবে হৰম’নৰ মাত্ৰা শুদ্ধ হৈ থাকে আৰু ইয়াৰ ফলত মানসিক চাপ হ্ৰাস কৰে।

* কলে হৃদৰোগ সুস্থ কৰি ৰখাত সহায় কৰে।

 ২. কল সেৱনৰ অপকাৰিতাসমূহ-

* কলত থকা কেলৰিৰ পৰিমাণ অতি বেছি, যাৰ ফলত ওজন বৃদ্ধি পায়। সেয়ে যিসকল লোকৰ ওজন বেছি, তেওঁলোকে কল খোৱাৰ পৰা বিৰত থাকিব লাগে।

* কলত প্ৰটিন কম থাকে, যাৰ ফলত ইয়াৰ সেৱনে পেশীবোৰ দুৰ্বল কৰি তুলিব পাৰে

* কলত পোৱা ফ্ৰুক্টজে পেটত গেছৰ সমস্যাৰ সৃষ্টি কৰিব কৰে।

* যদি আপোনাৰ বৃক্কই সঠিকমতে কাম কৰা নাই তেন্তে আপুনি কল খোৱাৰ পৰা বিৰত থকা উচিত। কাৰণ কলত পোৱা পটাছিয়ামে বৃক্কত চাপৰ সৃষ্টি কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ