--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মানুহে সুস্থ হৈ থাকিবলৈ ফলমূল সেৱন কৰে। ফলে শৰীৰক পুষ্টি প্ৰদান কৰে। ফলত ভিটামিন, প্ৰটিন, খনিজ পদাৰ্থকে ধৰি প্ৰচুৰ পৰিমাণে পুষ্টিকৰ উপাদান থাকে। কোৱা হয় যে প্ৰতিদিনে পুৱা খালী পেটত এটা আপেল খালে মানুহ সুস্থ হৈ থাকে, কিন্তু আপেলৰ বাহিৰেও বহুতো ফল আছে, যিবোৰ অতি পুষ্টিকৰ। যদি আপুনি সুস্থ হৈ থাকিবলৈ উপকাৰী খাদ্য গ্ৰহণ কৰিব বিচাৰে তেন্তে কল উপকাৰী হ’ব পাৰে।

 বিশেষজ্ঞসকলে প্ৰতিদিনে এটাকৈ কল খাবলৈ পৰামৰ্শ দিয়ে। কলত ভিটামিন আৰু পুষ্টিকৰ উপাদান প্ৰচুৰ পৰিমাণে থাকে। কলত পোৱা কাৰ্বহাইড্ৰেট, ভিটামিন-এ, চি আৰু বি৬, আইৰন, ফছফৰাছ, কেলচিয়াম, মেগনেছিয়াম, জিংক, ছ’ডিয়াম, পটাছিয়াম আদিয়ে শৰীৰক সম্পূৰ্ণ পুষ্টি প্ৰদান কৰিব পাৰে। ইয়াৰ উপৰি প্ৰাকৃতিক চেনি যেনে-চুক্ৰ’জ, ফ্ৰুক্ট’জ আৰু গ্লুক’জ পোৱা যায়। সেয়েহে কলক ছুপাৰফুড বুলি গণ্য কৰা হয়। কিন্তু কিছু ক্ষেত্ৰত কল অপকাৰী বুলি গণ্য কৰা হয়। জানো আহক সবিশেষ।

 ১. কলৰ উপকাৰিতাসমূহ-

* কলত পটাছিয়াম থাকে, ৱৰ্কআউটৰ পাছত নিমীয়াকৈ কল খোৱাটো স্বাস্থ্য পক্ষে উপকাৰী।

* ভিটামিন-বি৬ কলত পোৱা যায়, যিটো মগজুৰ শক্তি বৃদ্ধি কৰাত সহায় কৰে আৰু ইয়াৰ সেৱনে স্মৃতিশক্তি বৃদ্ধি কৰে।

* ওজন নিয়ন্ত্ৰণত কল অতি উপকাৰী।

* কলে কোষ্ঠকাঠিন্য আৰু পেটৰ সমস্যাৰ পৰা উপশম দিয়ে।

* কলত এমিনো এচিডৰ পৰিমাণ বেছি হোৱাৰ বাবে হৰম’নৰ মাত্ৰা শুদ্ধ হৈ থাকে আৰু ইয়াৰ ফলত মানসিক চাপ হ্ৰাস কৰে।

* কলে হৃদৰোগ সুস্থ কৰি ৰখাত সহায় কৰে।

 ২. কল সেৱনৰ অপকাৰিতাসমূহ-

* কলত থকা কেলৰিৰ পৰিমাণ অতি বেছি, যাৰ ফলত ওজন বৃদ্ধি পায়। সেয়ে যিসকল লোকৰ ওজন বেছি, তেওঁলোকে কল খোৱাৰ পৰা বিৰত থাকিব লাগে।

* কলত প্ৰটিন কম থাকে, যাৰ ফলত ইয়াৰ সেৱনে পেশীবোৰ দুৰ্বল কৰি তুলিব পাৰে

* কলত পোৱা ফ্ৰুক্ট’জে পেটত গেছৰ সমস্যাৰ সৃষ্টি কৰিব কৰে।

* যদি আপোনাৰ বৃক্কই সঠিকমতে কাম কৰা নাই তেন্তে আপুনি কল খোৱাৰ পৰা বিৰত থকা উচিত। কাৰণ কলত পোৱা পটাছিয়ামে বৃক্কত চাপৰ সৃষ্টি কৰিব পাৰে।








FOLLOW US F
POPULAR
FEATURE
TRENDY
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
সংগ্ৰামৰ মাজেৰে সফল উদ্যোগী মহিলা হৈ উঠিছিল হেলেনা ভৰালী
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু