--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কল বহু ধৰণৰ পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ এবিধ সুস্বাদু ফল বিভিন্ন দেশত কলৰ চাহিদা ব্যাপক অৰ্থাৎ কলৰ ক্ষেত্ৰত সৰ্বজন গ্ৰহণযোগ্যতা আছে ফল হিচাপে খোৱাৰ লগতে কল বিভিন্ন ৰেচিপিত ব্যৱহাৰ কৰা হয়। কলৰ উপকাৰিতাৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু আপুনি জানেনে যে কলৰ বাকলি স্বাস্থ্যৰ বাবেও অতি উপকাৰী। কল খোৱাৰ পাছত আমি সকলোৱে তাৰ বাকলিটো জাবৰ হিচাপে পেলাই দিওঁ। ইয়াত বহুতো ভিটামিন, খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদান থাকে। কলৰ বাকলিয়ে স্বাস্থ্যজনিত সমস্যা দূৰ কৰাত সহায় কৰে। ই দাঁত বগা কৰাত সহায় কৰে। ইয়াৰ উপৰিও ই ছালৰ সমস্যাৰ পৰাও মুক্তি পায়। ইয়াৰ খোলাত প্ৰচুৰ পৰিমাণে ভিটামিন বি-৬, বি-১২, পটাছিয়াম আৰু মেগনেছিয়াম থাকে। কলৰ বাকলিৰ উপকাৰিতাৰ বিষয়ে জানো আহক- 

হজমৰ বাবে ভাল: কলৰ বাকলিত প্ৰচুৰ পৰিমাণে আঁহ থাকে আৰু নিয়মিতভাৱে সেৱন কৰিলে পাচনতন্ত্ৰৰ উন্নতি হোৱাত সহায়ক হয়। ই কোষ্ঠকাঠিন্য আৰু ডায়েৰিয়াৰ সমস্যাৰ পৰা মুক্তি পোৱাত সহায় কৰে। যদি আপোনাৰ ইৰিটেবল বৱেল চিনড্ৰমৰ সমস্যা আছে তেন্তে কলৰ বাকলি নিয়মিতভাৱে সেৱন কৰিব লাগে।

দাঁত পৰিষ্কাৰ কৰে: বিশেষজ্ঞসকলৰ মতে, এসপ্তাহৰ বাবে কলৰ বাকলি এটা প্ৰায় এমিনিটমান ঘঁহিলে দাঁতবোৰত উজ্জ্বলতা আহে। ইয়াত পটাছিয়াম আৰু মেগনেছিয়াম প্ৰচুৰ পৰিমাণে থাকে। ইয়াক ঘঁহিলে ইয়াত থকা খনিজ পদাৰ্থৰ বাবে দাঁতবোৰত জিলিকি উঠে।

পিম্পলছৰ পৰা মুক্তি পায়: যদি আপুনি পিম্পল আৰু ব্ৰণৰ সমস্যাত অসুবিধা পাইছে তেন্তে কলৰ বাকলি মুখত ঘঁহিব লাগে। ইয়াত ফেনলিক থাকে যিটো এন্টি-মাইক্ৰ’বিয়াল গুণেৰে সমৃদ্ধ। ই ছালৰ প্ৰদাহ কমোৱাত সহায় কৰে।

বলিৰেখা হ্ৰাস কৰে: কলৰ বাকলিত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট আৰু ভিটামিন চি থাকে, যিয়ে ছালৰ ইলাষ্টিকতা বৃদ্ধি কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও ই বলিৰেখা কমোৱাত সহায় কৰে।

বিষ দূৰ কৰে: এক অধ্যয়ন অনুসৰি কলৰ বাকলিত জৈৱ সক্ৰিয় যৌগ থাকে য’ত কেৰটিন’ইড আৰু পলিফেনল থাকে। ই এন্টি অক্সিডেন্ট গুণেৰে সমৃদ্ধ যিয়ে পেটৰ বিষৰ পৰা মুক্তি পোৱাত সহায় কৰে।

কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰে: কলৰ বাকলিত পলিফেনল, কেৰটিনয়ড আৰু কেইবাটাও এন্টিঅক্সিডেন্ট থাকে যিয়ে শৰীৰত কৰ্কট ৰোগ সৃষ্টিকাৰী ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়ে। কলৰ বাকলি, যিবোৰ সাধাৰণতে সেউজীয়া হয়। কেঁচা কলৰ বাকলি খালে শৰীৰত এন্টিঅক্সিডেন্টৰ পৰিমাণ বৃদ্ধি পায় যিয়ে কৰ্কট ৰোগৰ সম্ভাৱনা হ্ৰাস কৰাত সহায় কৰে।

কলৰ বাকলি বিভিন্ন ধৰণে ব্যৱহাৰ কৰিব পাৰে যেনে স্মুদিত মিহলাই ল’ব পাৰি। আইচক্ৰীমত টপিং হিচাপে ব্যৱহাৰ কৰিব পাৰি, চালাড হিচাপে ব্যৱহাৰ কৰিব পাৰি, ডালচেনি আৰু চেনি দি কেকৰ দৰে বেক কৰিবও পাৰি। আনহাতে সাধাৰণ পাচলিৰ দৰে তৰকাৰী হিচাপেও খাব পাৰি ।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু