--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বর্তমান যুগত বহু লোক চুলি সৰাৰ অসুবিধা পায়, সাধাৰণতে জিনীয় কাৰণত হ’ব পাৰে, কিন্তু দূষিত পানী, টেনচন, প্রদূষণ আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবেও এই সমস্যা সৃষ্টি হয়৷ খাদ্যৰ জৰিয়তে চুলিয়ে আভ্যন্তৰীণ পুষ্টি লাভ কৰে, যাৰ ফলত চুলি মজবুত হৈ পৰে। যদি চুলিবোৰ অবিৰতভাৱে সৰি আছে, তেন্তে সময়মতে যত্ন লোৱাৰ প্ৰয়োজন আছে। চুলিৰ সুস্বাস্থ্যৰ বাবে কেৱল স্বাস্থ্যসন্মত খাদ্য খোৱাই নহয়, কিছুমান অস্বাস্থ্যকৰ বস্তুৰ পৰাও আঁতৰি থাকিব লাগিব। এই সমস্যাৰ বাবে কোনবোৰ খাদ্যৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে জানক

ডায়েট ছ'ডা
ডায়েট ছ’ডা খোৱাৰ ধাৰাটো যুৱক-যুৱতীসকলৰ মাজত বহুত দেখা যায়, সেয়ে আজিকালি কম বয়সৰ লোকসকল চুলি সৰা  চিকাৰ হৈ পৰিছে। ডায়েট ছ’ডাত কৃত্ৰিমভাৱে মিঠা কৰা সামগ্ৰী থাকে যিয়ে মূৰৰ ছালৰ ক্ষতি কৰে। সেয়ে চুলি সৰা ৰোধ কৰিবলৈ ডায়েট ছ’ডা সেৱন বন্ধ কৰিব লাগে।

মিঠা খাদ্য
চেনি সাধাৰণতে ডায়েবেটিছৰ শত্ৰু বুলি গণ্য কৰা হয়, কিয়নো ই তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে,ই আমাৰ চুলিৰ বাবেও ডাঙৰ শত্ৰু। যিহেতু চুলি গঠনৰ বাবে প্ৰটিনৰ প্ৰয়োজন হয়, কিন্তু চেনিয়ে শোষণ কৰাত অসুবিধা কৰে। সেয়েহে চেনিৰে প্ৰস্তুত কৰা বস্তু যিমান পাৰি পৰিহাৰ কৰিব লাগে।

সুৰা
সুৰা আমাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক সকলোৱে জানে, ই যকৃতকে ধৰি বহু অংগৰ ক্ষতি কৰে, কিন্তু চুলিৰ বাবেও যে ক্ষতিকাৰক সেই কথা অতি কম সংখ্যক লোকেহে জানে। আমাৰ চুলি কেৰাটিন নামৰ এবিধ প্ৰটিনেৰে তৈয়াৰ কৰা হৈছে, যদি আপুনি মদ্যপান কৰে তেন্তে ই প্ৰটিন সংশ্লেষণত বেয়া প্ৰভাৱ পেলাব, যাৰ ফলত চুলি সৰি পৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক