--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বর্তমান যুগত বহু লোক চুলি সৰাৰ অসুবিধা পায়, সাধাৰণতে জিনীয় কাৰণত হ’ব পাৰে, কিন্তু দূষিত পানী, টেনচন, প্রদূষণ আৰু অস্বাস্থ্যকৰ খাদ্যৰ বাবেও এই সমস্যা সৃষ্টি হয়৷ খাদ্যৰ জৰিয়তে চুলিয়ে আভ্যন্তৰীণ পুষ্টি লাভ কৰে, যাৰ ফলত চুলি মজবুত হৈ পৰে। যদি চুলিবোৰ অবিৰতভাৱে সৰি আছে, তেন্তে সময়মতে যত্ন লোৱাৰ প্ৰয়োজন আছে। চুলিৰ সুস্বাস্থ্যৰ বাবে কেৱল স্বাস্থ্যসন্মত খাদ্য খোৱাই নহয়, কিছুমান অস্বাস্থ্যকৰ বস্তুৰ পৰাও আঁতৰি থাকিব লাগিব। এই সমস্যাৰ বাবে কোনবোৰ খাদ্যৰ পৰা সম্পূৰ্ণৰূপে আঁতৰি থাকিব লাগে জানক

ডায়েট ছ'ডা
ডায়েট ছ’ডা খোৱাৰ ধাৰাটো যুৱক-যুৱতীসকলৰ মাজত বহুত দেখা যায়, সেয়ে আজিকালি কম বয়সৰ লোকসকল চুলি সৰা  চিকাৰ হৈ পৰিছে। ডায়েট ছ’ডাত কৃত্ৰিমভাৱে মিঠা কৰা সামগ্ৰী থাকে যিয়ে মূৰৰ ছালৰ ক্ষতি কৰে। সেয়ে চুলি সৰা ৰোধ কৰিবলৈ ডায়েট ছ’ডা সেৱন বন্ধ কৰিব লাগে।

মিঠা খাদ্য
চেনি সাধাৰণতে ডায়েবেটিছৰ শত্ৰু বুলি গণ্য কৰা হয়, কিয়নো ই তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি কৰে,ই আমাৰ চুলিৰ বাবেও ডাঙৰ শত্ৰু। যিহেতু চুলি গঠনৰ বাবে প্ৰটিনৰ প্ৰয়োজন হয়, কিন্তু চেনিয়ে শোষণ কৰাত অসুবিধা কৰে। সেয়েহে চেনিৰে প্ৰস্তুত কৰা বস্তু যিমান পাৰি পৰিহাৰ কৰিব লাগে।

সুৰা
সুৰা আমাৰ স্বাস্থ্যৰ বাবে কিমান ক্ষতিকাৰক সকলোৱে জানে, ই যকৃতকে ধৰি বহু অংগৰ ক্ষতি কৰে, কিন্তু চুলিৰ বাবেও যে ক্ষতিকাৰক সেই কথা অতি কম সংখ্যক লোকেহে জানে। আমাৰ চুলি কেৰাটিন নামৰ এবিধ প্ৰটিনেৰে তৈয়াৰ কৰা হৈছে, যদি আপুনি মদ্যপান কৰে তেন্তে ই প্ৰটিন সংশ্লেষণত বেয়া প্ৰভাৱ পেলাব, যাৰ ফলত চুলি সৰি পৰা সমস্যাৰ সন্মুখীন হ’ব পাৰে।







FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
‘ইন্নোডাটা’ই ভাৰতত ছাটাই কৰিলে ৫৫০ কৰ্মচাৰীক, ২৫০গৰাকীক অব্যাহতি দিলে এমাজনে
আজি বাক্সা জিলাৰ ২৩ সংখ্যক প্ৰতিষ্ঠা দিৱস; সমগ্ৰ জিলাখনতে উৎসৱমুখৰ পৰিৱেশ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু