--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ‘কাঁচা বাদাম’ গানটোৰ পাছত, এতিয়া ' ক'লা আঙুৰ' গানটোৱে ছ'চিয়েল মিডিয়াত সৃষ্টি কৰিছে জোৱাৰৰ। শেহতীয়াকৈ, 'কাঁচা বাদাম' গানটো গাই ছ’চিয়েল মিডিয়াত আলোড়নৰ সৃষ্টি কৰিছিল ভূবন বাদ্যকাৰে। এতিয়া তেনে এটা গানেই ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক দিছে মনোৰঞ্জনৰ খোৰাক৷ অনলাইন পৃথিৱীখনত ভাইৰেল হৈ পৰিছে ‘ক’লা আঙুৰ’ বিক্ৰী কৰা এজন ব্যক্তি। নিজৰ জীৱন নিৰ্বাহ কৰিবলৈ বহুজনে পদপথত দোকান দিয়ে, ৰাস্তাই ৰাস্তাই ঘূৰি ফুৰে আৰু গান গাই আৰু ফল বিক্ৰী কৰে। শেহতীয়াকৈ, যেতিয়া ব্যক্তিজনৰ ‘কাঁচা মধুৰিআম’ গান এটাও ভাইৰেল হৈ পৰিছিল৷ এতিয়া সেইজন ব্যক্তিৰে ‘ ক’লা আঙুৰ’ গানটোৱে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীক দিছে আমোদ৷ অতি কম সময়তে এই গীতটোৱে একলাখ নেটিজেনৰ সমাদৰ লাভ কৰিবলৈ সক্ষম হয়৷ ‘ক’লা আঙুৰ’ গানটোৱে ইণ্টাৰনেটত এতিয়া আলোড়নৰ সৃষ্টি কৰিছে৷ এতিয়া একেগৰাকী ‘চাচা’ক ষ্টলত বহি ‘ ক’লা আঙুৰ’ বিক্ৰী কৰা দেখা যায়। এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ হোৱাৰ পাছত এক আলোড়নৰ সৃষ্টি হয়। ছ’চিয়েল মিডিয়াত এই ক'লা আঙুৰৰ গান শুনি বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ভিন্নজনে৷ কোনোৱে যদি কৈছে ‘চাচা আপুনি জুই’৷ কোনোৱে আকৌ মন্তব্য কৰিছে, এয়াই হয়তো জীৱন সংগ্ৰাম৷ কোনোজনে আকৌ ৰাণু মণ্ডল বা ভূবন হ’বলৈ মানাও কৰিছে৷ যিদৰে ‘কাঁচা বাদাম’ আৰু ‘কাঁচা মধুৰিআম’ গানবোৰে ইণ্টাৰনেটত ধুমুহাৰ সৃষ্টি কৰিছিল৷ এতিয়া এই সকলোবোৰক পিছ পেলাই ভাইৰেল হৈ পৰিছে ‘ক’লা আঙুৰ’৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চৌদিশে দুর্গোৎসৱৰ প্রস্তুতি, ব্যস্ততা বাঢ়িছে খনিকৰৰ
শোণিতপুৰত মৰ্মান্তিক দুৰ্ঘটনা; জিয়াভৰলী নৈৰ চাপৰিত ট্ৰেক্টৰ বাগৰি মৃত্যু পিতা-পুত্ৰৰ
বিশ্বৰ ভিতৰত চতুৰ্থ ভাৰ: AI চালিত কৃত্রিম উপগ্রহ মহাকাশলৈ সফলতাৰে উৎক্ষেপণ
সাহসী পাইলট স্মিত মাচ্চাৰৰ প্ৰশংসাত পঞ্চমুখ ছলমান খান
ৰঙিয়াৰ দশম শ্ৰেণীৰ ছাত্ৰী তানাজ শইকীয়ালৈ ‘লেগেচি অৱ লিটাৰেচাৰ এৱাৰ্ড’
হাইলাকান্দিত পুনৰ জব্দ ৬০ লাখ টকাৰ য়াবা টেবলেট; দুজনক গ্ৰেপ্তাৰ
অৰুণাচলৰ বনভূমিত কাটিব ১.৩৫ লাখ গছ
ডিগবৈৰ আদৰ্শ খেতিয়ক ধনীৰাম চেতিয়াক আক্ৰমণ দুষ্কৃতিকাৰীৰ; হাস্পতালত ভৰ্তি
দেহত ভিটামিন ডি-ৰ অভাৱ হ’লে কি কি লক্ষণে দেখা দিয়ে? কি খালে লাভ কৰিব সুফল?
ভাৰতীয় ৰে’লৱেত দহ হাজাৰ পদ বিলুপ্তি
১ অক্টোবৰৰ পৰা দেশত বৃদ্ধি হ’ব ইলেক্ট্রনিক সামগ্ৰীৰ দাম
কাজিৰঙাত বৃদ্ধি পাইছে দেশী-বিদেশী পর্যটকৰ সংখ্যা
বিহাৰত ২১ হাজাৰ কোটি টকাৰ খনিজ সম্পদ আৱিষ্কাৰ ‘জি এছ আই’ৰ
প্রিপেইড ম’বাইল গ্রাহকে পাব মাহিলি ৩০ দিনৰ ৰিচাৰ্জৰ সুবিধা