--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলেষ্টেৰল বৃদ্ধিৰ সমস্যা আজিকালি সাধাৰণ হৈ পৰিছে। শৰীৰত বেয়া কলেষ্টেৰল বৃদ্ধি হোৱাৰ বাবে বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। কলেষ্টেৰল বৃদ্ধি হ’লে ষ্ট্ৰোক, টাইপ ২ ডায়েবেটিছ আৰু হাৰ্ট এটেকৰ দৰে ৰোগৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এই সময়ছোৱাত মানুহে সাধাৰণতে কিছু ভুল কৰে আৰু পিছলৈ তেওঁলোকৰ অসুবিধা বাঢ়ি যায়। কলেষ্টেৰল বৃদ্ধি হ’লে আমি কি কি ভুল কৰিব নালাগে জানো আহক।

এই ভুলবোৰ নকৰিব

১) অস্বাস্থ্যকৰ খাদ্যঃ যদি আপোনাৰ কলেষ্টেৰল বেছি হয় আৰু আপুনি অনবৰতে অস্বাস্থ্যকৰ খাদ্য খাই থাকে, তেন্তে আপোনাৰ স্বাস্থ্যৰ বিপদ হ’ব পাৰে। কলেষ্টেৰল বেছি হ’লে পেকেটত ভৰোৱা খাদ্য, মাংস আৰু প্ৰচেছড খাদ্য খাব নালাগে। ফাষ্ট ফুড, জাংক ফুড খাব নালাগে। কাৰণ এইবোৰ বস্তু সেৱনে কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰে।

২) ব্যায়ামঃ যদি আপুনি ব্যায়াম নকৰে তেন্তে কলেষ্টেৰল বৃদ্ধিয়ে আপোনাৰ বাবে অসুবিধাৰ সৃষ্টি কৰিব পাৰে। যেতিয়াই কলেষ্টেৰল বৃদ্ধি পায় তেতিয়াই ব্যায়াম কৰক।ব্যায়াম নকৰিলে কলেষ্টেৰল বৃদ্ধি পাই গৈ থাকিব। 

৩) ধূমপানঃ ধূমপানে শৰীৰৰ ভাল কলেষ্টেৰল হ্ৰাস কৰে আৰু বেয়া কলেষ্টেৰল বৃদ্ধি কৰে। ইয়াৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনাও বৃদ্ধি পায়। এনে পৰিস্থিতিত শৰীৰত থকা বেয়া কলেষ্টেৰলৰ পৰিমাণ কমাবলৈ ধূমপান সম্পূৰ্ণৰূপে ত্যাগ কৰক।

এই ভুলবোৰ পৰিহাৰ কৰি চলক। তেতিয়াহে সুস্বাস্থ্যৱান হৈ থাকিব পাৰিব। 







FOLLOW US F
POPULAR
FEATURE
TRENDY
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক
বৃহৎ পৰিমাণৰ অবৈধ চুৰি সামগ্ৰীসহ ট্ৰাক জব্দ মঙলদৈ আৰক্ষীৰ
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ