--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বেয়া কলেষ্টেৰল শৰীৰৰ বাবে এটা ডাঙৰ বিপদতকৈ কম নহয়, যদি সময়মতে চিনাক্ত কৰি নিয়ন্ত্ৰিত নহয়, তেতিয়া ই শিৰাত জমা হৈ তেজৰ সোঁতত বাধাৰ সৃষ্টি কৰিব আৰু তাৰ পিছত ইয়াৰ ফলত উচ্চ বি পিৰ জন্ম হ’ব। তাৰ পিছত ক’ৰ’নাৰী আৰ্টাৰী ডিজিজ, ট্ৰিপল ভেছেল ডিজিজ আৰু হাৰ্ট এটেক আদি মাৰাত্মক ৰোগৰ বাবে বাহ হ’ব। কলেষ্টেৰল বৃদ্ধিৰ বাবে ডায়েবেটিছ ৰোগৰো আশংকা বৃদ্ধি পাব। এনে পৰিস্থিতিত কি ফল খালে সকাহ পাব পাৰি জানো আহক।

ড্ৰেগন ফল উচ্চ কলেষ্টেৰল হ্ৰাস কৰাত উপকাৰী-

ভাৰতৰ বিখ্যাত পুষ্টি বিশেষজ্ঞ নিখিল ভাটছে কয় যে যদি আপুনি নিয়মিতভাৱে ড্ৰেগন ফ্ৰুট সেৱন কৰে তেন্তে ই তেজত জমা হোৱা বেয়া কলেষ্টেৰল হ্ৰাস কৰাত সহায় কৰিব আৰু শৰীৰক আন বহু দিশত উপকাৰ সাধিব

ড্ৰেগন ফ্ৰুট খোৱাৰ উপকাৰিতা-

১) ডায়েবেটিছত ফলপ্ৰসূঃ ড্ৰেগন ফ্ৰুটে তেজৰ চেনিৰ মাত্ৰা হ্ৰাস কৰিব পাৰে যি ডায়েবেটিছ ৰোগীৰ বাবে অতি উত্তম। ইয়াত পলিফিনল, থাইঅল, কেৰটিনয়ড আৰু গ্লুক’চিন’লেট থাকে যিয়ে তেজৰ চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰখাত সহায় কৰে। ইয়াৰ উপৰিও ইয়াত উচ্চ আঁহ থাকে যিয়ে খাদ্য খোৱাৰ পিছত গ্লুক’জৰ মাত্ৰা বৃদ্ধি হোৱাত বাধা দিয়ে।

২) হৃদযন্ত্ৰৰ স্বাস্থ্য ভাল হ’বঃ ড্ৰেগন ফ্ৰুটত থকা এণ্টিঅক্সিডেণ্টে শৰীৰত ৰক্ত সঞ্চালন বজাই ৰাখে আৰু ধমনীবোৰৰ জঠৰতা হ্ৰাস কৰে, যাৰ ফলত হাৰ্ট এটেকৰ সম্ভাৱনা কম হয়। ইয়াৰ উপৰিও এই ফলত সঠিক পৰিমাণৰ মনোঅনচেচুৰেটেড ফেট থাকে, যিটো আপোনাৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিবলৈ প্ৰয়োজনীয়।

৩) কলেষ্টেৰল কম হ’বঃ ড্ৰেগন ফ্ৰুটত পলিঅনচেচুৰেটেড ফেট, ওমেগা-৩ আৰু ওমেগা-৬ ফেটি এচিড থাকে যিয়ে কলেষ্টেৰল কমোৱাত সহায় কৰে। ইয়াত থকা এণ্টিঅক্সিডেণ্টবোৰে এল ডি এলৰ মাত্ৰা অৰ্থাৎ বেয়া কলেষ্টেৰল হ্ৰাস কৰে। সেইবাবেই এই ফল নিয়মিতভাৱে খোৱাটো বাঞ্ছনীয়।

ড্ৰেগন ফ্ৰুটত থকা পুষ্টিকৰ উপাদান-

এই ফলবিধত প্ৰচুৰ পৰিমাণে ভিটামিন, খনিজ পদাৰ্থ আৰু ফাইটোনিউট্ৰিয়েণ্ট থাকে। ইয়াৰ উপৰিও এই গোলাপী ফলত এণ্টিঅক্সিডেণ্ট, কেৰটিন, প্ৰটিন, থাইয়ামিন আৰু পলিঅনচেচুৰেটেড ফেটি এচিডো থাকে। 









FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংক চলাবলৈ অতি প্ৰয়োজনীয় স্থানীয় ভাষা ! কি কি ক'লে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?
ৰাজনৈতিক কাৰ্যত ব্যৱহাৰ কৰাত ব্রাজিলৰ মডেল লাৰিছাৰ ক্ষোভ,  'ভোট চুৰি'ক লৈ ৰাহুলে প্ৰদৰ্শন কৰা ফটোৰ প্ৰসংগ
আহমেদাবাদত টি-২০ বিশ্ব কাপৰ ফাইনেল, মেচ অনুষ্ঠিত হ'ব দিল্লী-কলকাতা- চেন্নাই- মুম্বাইসহ ৫ স্থানত
জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্পস্থলী পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী শ্ৰীমতী নিৰ্মলা সীতাৰমনৰ
৫ বিধায়কৰ ভৱিষ্যৎ অনিশ্চিত, আধা কংগ্রেছী-আধা বিজেপি হোৱাৰ পৰিণতি
লণ্ডনত বৃন্দাৱনী বস্ত্ৰ অসমলৈ অনাৰ চুক্তি কৰিব মুখ্যমন্ত্ৰীয়ে, তিনিদিনীয়া কাৰ্যসূচীৰে ১৫ নৱেম্বৰত ৰাওনা হ'ব ড° শৰ্মা
কুজীডাঁহত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাৰ এশ বছৰীয়া জয়ন্তীৰ ব্যাপক প্ৰস্ততি; জুবিন গাৰ্গৰ নামত উছৰ্গা কৰা হৈছে সমূহ কাৰ্যসূচী
মুখ্যমন্ত্ৰীক সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ তিনিচুকীয়া জিলা সমিতিৰ স্মাৰকপত্ৰ প্ৰদান
গোসাঁইগাঁও আৰ এন বি অসামৰিক চিকিৎসালয়ত চিকিৎসাৰ গাফিলতিত প্ৰসূতিৰ মৃত্যু
প্ৰাণৰ শিল্পীগৰাকীৰ বাবেই তেজপুৰত টিকট নাপাই ডিমা হাছাওলৈ ঢাপলি মেলিলে ৭ অনুৰাগীয়ে
ডিব্ৰুগড়ত সাহিত্যিক নগেন শইকীয়াক অসম সাহিত্য সভাৰ সন্মান জ্ঞাপন; সাহিত্যিকগৰাকীৰ চকুত চকুলো
অন্ধ্ৰপ্ৰদেশৰ ভেংকটেশ্বৰ স্বামী মন্দিৰত পদপিষ্ট হৈ ১০ ভক্তৰ শোকাৱহ মৃত্যু
চিনেমা হলৰ অভাৱঃ 'ৰৈ ৰৈ বিনালে' চোৱাৰ পৰা বঞ্চিত মাজুলীবাসী
ঢাকাত স্থাপন আই এছ আইৰ ঘাটি, ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিবলৈ পাকিস্তানক বাংলাদেশৰ ভূমি ব্যৱহাৰৰ অনুমতি