--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভনিতেই যেন কেনা লাগিছে ইণ্ডিয়া মিত্ৰজোঁটত।  তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়েও এইবাৰ কংগ্ৰেছলৈ পিঠি দিয়াৰ সম্ভাৱা প্ৰকট হৈ পৰিছে।  পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু আপৰ নেতা ভগৱন্ত মানে বুধবাৰে ইংগিত দিয়ে  যে তেওঁৰ দলে  আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ১৩ টা সমষ্টিতে নিজাববীয়াকৈ প্ৰতিদ্বন্দিতা কৰিব।

মানে কয়, "পঞ্জাৱত আমাৰ অকলে যুঁজ দিয়া আৰু জিকাৰ ক্ষমতা আছে’’। আপৰ সূত্ৰই প্ৰকাশ কৰা মতে  দলটোৰ পঞ্জাৱৰ নেতৃত্বই ইতিমধ্যে কেজৰিৱালক কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ বিষয়ে  অৱগত কৰিছে। যোৱা সপ্তাহত কংগ্ৰেছ আৰু আপে ঘোষণা কৰিছিল যে তেওঁলোকে বিজেপিক পৰাস্ত কৰিবলৈ মিত্ৰতাৰে  চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। তাৰ ঠিক পিছতে   মানে কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। 

যোৱা কেইসপ্তাহমানৰ পৰা আপ আৰু কংগ্ৰেছ নেতৃত্বই দিল্লী, পঞ্জাৱ, হাৰিয়ানা, গুজৰাট , গোৱা আৰু অন্যান্য ৰাজ্যত আসন ভাগ-বতৰাৰ  বিষয়ে আলোচনা কৰিবলৈ কেইবাটাও বৈঠক অনুষ্ঠিত কৰি আহিছিল। কংগ্ৰেছৰ এক সূত্ৰ অনুসৰি দিল্লীৰ সাতখন আসনৰ ভিতৰত তিনিখন আৰু পঞ্জাৱৰ ১৩ খন আসনৰ ভিতৰত পাঁচখন আসন কংগ্ৰেছে আপক  এৰি যাবলৈ প্ৰস্তাৱ দিছিল। ইয়াৰ বিনিময়ত কেজৰিৱালৰ দলে হাৰিয়ানাৰ ১০ খন আসনৰ ভিতৰত তিনিখন, গোৱাৰ দুখন আসনৰ ভিতৰত এখন  আৰু গুজৰাটৰ ২৬ খন আসনৰ ভিতৰত দুখন আসন বিচাৰিছিল বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে, কংগ্ৰেছে আপৰ তেনে  প্ৰস্তাৱত  সন্মত হোৱা নাছিল।

মঙলবাৰে গুৱাহাটীত ৰাহুল গান্ধীয়ে কৈছিল, "আমাৰ টিএমচিৰ সৈতে  আসন ভাগ-বতৰাৰ কথা   চলি আছে। শীঘ্ৰে ফলাফল আহিব। মই ইয়াত সেই বিষয়ে একো মন্তব্য নকৰো।ইপিনে মমতাই বংগত মিত্ৰতাৰ সম্ভাৱনাৰ আশাত প্ৰায় চেঁচাপানী ঢালি কৈছে , "আমি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হম’’। মমতাৰ এনে স্থিতিয়ে ইণ্জিয়া মিত্ৰজোঁটৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু