--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আৰম্ভনিতেই যেন কেনা লাগিছে ইণ্ডিয়া মিত্ৰজোঁটত।  তৃণমূলৰ মুৰব্বী মমতা বেনাৰ্জীৰ পিছত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আম আদমী পাৰ্টীয়েও এইবাৰ কংগ্ৰেছলৈ পিঠি দিয়াৰ সম্ভাৱা প্ৰকট হৈ পৰিছে।  পঞ্জাৱৰ মুখ্যমন্ত্ৰী আৰু আপৰ নেতা ভগৱন্ত মানে বুধবাৰে ইংগিত দিয়ে  যে তেওঁৰ দলে  আগন্তুক লোকসভা নিৰ্বাচনত ৰাজ্যখনৰ ১৩ টা সমষ্টিতে নিজাববীয়াকৈ প্ৰতিদ্বন্দিতা কৰিব।

মানে কয়, "পঞ্জাৱত আমাৰ অকলে যুঁজ দিয়া আৰু জিকাৰ ক্ষমতা আছে’’। আপৰ সূত্ৰই প্ৰকাশ কৰা মতে  দলটোৰ পঞ্জাৱৰ নেতৃত্বই ইতিমধ্যে কেজৰিৱালক কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ বিষয়ে  অৱগত কৰিছে। যোৱা সপ্তাহত কংগ্ৰেছ আৰু আপে ঘোষণা কৰিছিল যে তেওঁলোকে বিজেপিক পৰাস্ত কৰিবলৈ মিত্ৰতাৰে  চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। তাৰ ঠিক পিছতে   মানে কৰা মন্তব্যই বিশেষ তাৎপৰ্য বহন কৰিছে। 

যোৱা কেইসপ্তাহমানৰ পৰা আপ আৰু কংগ্ৰেছ নেতৃত্বই দিল্লী, পঞ্জাৱ, হাৰিয়ানা, গুজৰাট , গোৱা আৰু অন্যান্য ৰাজ্যত আসন ভাগ-বতৰাৰ  বিষয়ে আলোচনা কৰিবলৈ কেইবাটাও বৈঠক অনুষ্ঠিত কৰি আহিছিল। কংগ্ৰেছৰ এক সূত্ৰ অনুসৰি দিল্লীৰ সাতখন আসনৰ ভিতৰত তিনিখন আৰু পঞ্জাৱৰ ১৩ খন আসনৰ ভিতৰত পাঁচখন আসন কংগ্ৰেছে আপক  এৰি যাবলৈ প্ৰস্তাৱ দিছিল। ইয়াৰ বিনিময়ত কেজৰিৱালৰ দলে হাৰিয়ানাৰ ১০ খন আসনৰ ভিতৰত তিনিখন, গোৱাৰ দুখন আসনৰ ভিতৰত এখন  আৰু গুজৰাটৰ ২৬ খন আসনৰ ভিতৰত দুখন আসন বিচাৰিছিল বুলি বিশেষ সূত্ৰই প্ৰকাশ কৰিছে। অৱশ্যে, কংগ্ৰেছে আপৰ তেনে  প্ৰস্তাৱত  সন্মত হোৱা নাছিল।

মঙলবাৰে গুৱাহাটীত ৰাহুল গান্ধীয়ে কৈছিল, "আমাৰ টিএমচিৰ সৈতে  আসন ভাগ-বতৰাৰ কথা   চলি আছে। শীঘ্ৰে ফলাফল আহিব। মই ইয়াত সেই বিষয়ে একো মন্তব্য নকৰো।ইপিনে মমতাই বংগত মিত্ৰতাৰ সম্ভাৱনাৰ আশাত প্ৰায় চেঁচাপানী ঢালি কৈছে , "আমি অকলেই নিৰ্বাচনত অৱতীৰ্ণ হম’’। মমতাৰ এনে স্থিতিয়ে ইণ্জিয়া মিত্ৰজোঁটৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক