--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰত জোড়ো ন্যায় যাত্ৰাৰ প্ৰচাৰৰ বাবে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে৷ 

বুধবাৰে জয়ৰাম ৰমেশে অসমৰ মুখ্যমন্ত্ৰীগৰাকীক তেওঁৰ বক্তব্য, টুইট আৰু ভাবুকিৰ জৰিয়তে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সম্পূৰ্ণ প্ৰচাৰ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। কংগ্ৰেছৰ সাধাৰণ সম্পাদকগৰাকীয়ে কয়, মই তেওঁক ধন্যবাদ জনাইছোঁ যে তেওঁ আমাৰ যাত্ৰা সফল কৰিবলৈ যথেষ্ট প্ৰচেষ্টা চলাইছে।

মঙলবাৰে কংগ্ৰেছ কৰ্মীসকলৰ সৈতে আৰক্ষীৰ সংঘৰ্ষ সৃষ্টি হোৱাৰ পাছত মুখ্যমন্ত্ৰী শৰ্মাই অসম আৰক্ষীক কংগ্ৰেছ নেতা কেচি বেণুগোপাল আৰু কানহায়া কুমাৰৰ সৈতে ৰাহুল গান্ধীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়াৰ এদিন পাছতে কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কৰিছে এই মন্তব্য।

মণিপুৰৰ পৰা ১৪ জানুৱাৰীত আৰম্ভ হোৱা ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোডো ন্যায় যাত্ৰাই অসমত প্ৰৱেশ কৰাৰ লগে লগে কেইবাটাও পথত প্ৰতিৰোধৰ সন্মুখীন হৈছিল৷ 

জয়ৰাম ৰমেশে কৈছিল, প্ৰথম ভাৰত জোড়ো যাত্ৰাও বিজেপিশাসিত ৰাজ্যসমূহৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়তো ইমান অসুবিধাৰ সন্মুখীন হোৱা নাছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক