--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কলকাতাৰ আৰ জি কৰ হস্পিতালত এগৰাকী মহিলা ডাক্তৰক ধৰ্ষণ কৰি হত্যা কৰা ঘটনাত বুধবাৰে একাংশ প্ৰতিবাদকাৰীয়ে মাজনিশা হঠাতে চিকিৎসালয়ত প্ৰৱেশ কৰি সকলো ভাঙি লণ্ডভণ্ড কৰে। এই সন্দৰ্ভত কলকাতা আৰক্ষীয়ে ৯ জন লোকক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, বুধবাৰে নিশা, ঘটনাৰ লগে লগে কলকাতা আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰিছিল। এই গোচৰৰ সৈতে জড়িত বহু চিচিটিভি ফুটেজ উদ্ধাৰ কৰা হৈছে, যাৰ পুংখানুপুংখ তদন্ত চলি আছে। আৰক্ষীয়ে উল্লেখ কৰে যে তেওঁলোকে অভিযুক্ত গোটটোক চিনাক্ত কৰিছে। চিচিটিভিৰ ফুটেজৰ পৰা এই ৯ জন লোকক চিনাক্ত কৰাৰ পিছত কলকাতা আৰক্ষীয়ে তেওঁলোকক গ্ৰেপ্তাৰ কৰে।

চিকিৎসালয়ৰ ভিতৰত হোৱা উপদ্ৰৱৰ পিছত ভিতৰত যি দৃশ্য চিচিটিভি কেমেৰাত ওলাইছে, সেই দৃশ্যসমূহে মাজনিশা সংঘটিত হোৱা ঘটনাটোৰ সমগ্ৰ কাহিনীকে কয়। গভীৰ নিশা চিকিৎসালয়ৰ বাহিৰত প্ৰতিবাদ কৰা লোকসকলৰ মাজত থকা একাংশ অচিনাকি লোকে হঠাতে ভিতৰত সোমাই হুলস্থুলৰ সৃষ্টি কৰিবলৈ ধৰিলে। প্ৰতিবাদকাৰীয়ে চিকিৎসালয়খনৰ দুৱাৰ, খিৰিকী, বিচনা, চিকিৎসা সঁজুলি, সকলো লণ্ডভণ্ড কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ।মহিলা চিকিৎসকগৰাকীৰ সৈতে ধৰ্ষণকাণ্ড সংঘটিত হোৱা চিকিৎসালয়খনৰ সেই অংশটোও ভাঙি পেলোৱা হয়। অচিনাক্ত প্ৰতিবাদকাৰীয়ে চিকিৎসালয়খনৰ চিকিৎসককো প্ৰহাৰ কৰে।

কলকাতা আৰক্ষী আয়ুক্ত বিনীত গোয়ালে কয়, ‘চিকিৎসালয়খনত নিয়োজিত আৰক্ষীৰ সংখ্যা কম আছিল, যাৰ বাবে বিক্ষোভ জনসমাগম নিয়ন্ত্ৰণ কৰিব পৰা নগ’ল। আৰক্ষীয়ে লাঠিচাৰ্জৰ আশ্ৰয় লৈ কন্দুৱা গেছৰ গোলা এৰি দি ভিৰ নিয়ন্ত্ৰণ কৰে। এগৰাকী মহিলা চিকিৎসকৰ ধৰ্ষণ আৰু হত্যাৰ গোচৰত আৰক্ষীয়ে পূৰ্ণ শক্তিৰে কাম কৰিছিল যদিও ধাৰাবাহিকভাৱে প্ৰচাৰ হৈ থকা উৰাবাতৰিৰ বাবে পৰিস্থিতি নিয়ন্ত্ৰণত অসুবিধা হৈছিল ৷

বিনীত গোয়ালে কয়, ‘এই পৰিস্থিতিৰ কাৰন হৈছে আৰক্ষীৰ বিৰুদ্ধে চলি থকা ভুৱা সংবাদ মাধ্যমৰ অভিযান, যিটো ক্ষতিকাৰক। কলকাতা আৰক্ষীয়ে কি কৰা নাই? এই গোচৰত আৰক্ষীয়ে সকলো কৰিছে। আমি পৰিয়ালটোক আশ্বাস দিবলৈ চেষ্টা কৰিছো ৷মানুহৰ বিশ্বাসক লৈ মোৰ বেয়া লাগিছে। আমি কেতিয়াও কোৱা নাই যে মাত্ৰ এজন অভিযুক্ত,আমি বৈজ্ঞানিক প্ৰমাণৰ বাবে অপেক্ষা কৰি আছো আৰু ইয়াৰ বাবে সময় লাগে। কেৱল উৰাবাতৰিৰ ভিত্তিত মই এজন স্নাতকোত্তৰ ছাত্ৰক গ্ৰেপ্তাৰ কৰিব নোৱাৰো, মোৰ বিবেকৰ বিৰুদ্ধে সংবাদ মাধ্যমৰ হেঁচা বহুত, স্পষ্টভাৱে আমি যি কৰিলোঁ সেয়া সঠিক। এতিয়া চিবিআইয়ে ইয়াৰ তদন্ত চলাই আছে।কোনো বৈজ্ঞানিক প্ৰমাণ নোপোৱালৈকে ভুৱা অপপ্ৰচাৰ নকৰিব৷’’

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন