--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলিউডৰ এজন সুনামধন্য অভিনেতা জন আব্ৰাহামে শেহতীয়াকৈ কলকাতাৰ এগৰাকী চিকিৎসকৰ সৈতে জড়িত এই কৰুণ গোচৰটোৰ প্ৰতি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে, য’ত তেওঁ কয় যে ‘এনে ঘটনাৰ বাবে নাৰীক দোষাৰোপ কৰিব নোৱাৰি।’ পিতৃ-মাতৃয়ে নিজৰ পুত্ৰক উন্নত মূল্যবোধেৰে ডাঙৰ-দীঘল কৰিবলৈ আহ্বান জনায়।  

এক সাক্ষাৎকাৰত যেতিয়া চিকিৎসকজনৰ কথিত ধৰ্ষণ আৰু হত্যাৰ পোহৰত যুৱক-যুৱতীসকলৰ বাবে কিবা পৰামৰ্শ আছে নেকি বুলি সোধাত অভিেনেতা গৰাকীয়ে পৰিস্থিতিৰ প্ৰতি উগ্ৰ হৈ কয়, “ল’ৰাকেইটাক কৈছো নিজ আচৰণ ঠিক কৰা, নহ’লে মই তোমালোকক ফালি পেলাম,” 

সাক্ষাৎকাৰত জনে নিজকে দেশপ্ৰেমিক বুলি কয় আৰু ভাৰতত সন্মুখীন হোৱা বহল সমস্যাসমূহৰ বিষয়ে আলোচনা কৰি মহিলা, শিশু আৰু জীৱ-জন্তুৰ সুৰক্ষাৰ অভাৱৰ ওপৰতো মতপোষণ কৰে। ভাৰতীয় পুৰুষে মহিলাৰ লগত কেনে ব্যৱহাৰ কৰিব লাগে সেই কথা বুজি পোৱাটো অতি প্ৰয়োজনীয় আৰু প্ৰতিজন পুৰুষেই ভক্ষক নহয়, ৰক্ষক হোৱা উচিত বুলি তেওঁ মত প্ৰকাশ কৰে ৷

নাৰীৰ ওপৰত হোৱা হিংসাৰ বিষয়বস্তুক কেন্দ্ৰ কৰি নিৰ্মান কৰা জনৰ শেহতীয়া ছবি ‘বেদা’ত সমগ্ৰ দেশৰ একেধৰণৰ বাস্তৱ জীৱনৰ ঘটনাৰ প্ৰতিফলন ঘটিছে। কিন্তু সময়োপযোগী আৰু প্ৰাসংগিক বিষয়বস্তুৰ সত্ত্বেও ছবিখনে বক্স অফিচত সংগ্ৰাম কৰি আছে, প্ৰথম সপ্তাহত ২০ কোটিতকৈও কম উপাৰ্জন কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন