--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ ৰে’লৰ ইতিহাসত সংযোজন হ’ল এক নতুন অধ্যায়। ভাৰতত প্ৰথমবাৰৰ বাবে মেট্ৰ' ৰে’ল চলিল  পানীৰ তলেৰে।  বুধবাৰে, ইষ্ট-ৱেষ্ট মেট্ৰ'ৰ আনুষ্ঠানিকভাবে মুকলি কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।  আজি পুৱা ১০.৩০ বজাত  আগতে ইষ্ট-ৱেষ্ট গ্ৰীণ লাইন মেট্ৰ' কৰিডৰৰ হাওৰা ময়দান-এস্প্লেনেড শাখা উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে মেট্ৰ’ ৰে’লত যাত্ৰাও কৰে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সেউজীয়া পতাকা জোকাৰি প্ৰকল্পটো উদ্বোধন কৰে। 

অৱশ্যে, সেই অংশত কেতিয়াৰে পৰা  বাণিজ্যিক সেৱা আৰম্ভ হ'ব সেয়া এতিয়া বিভাগীয়ভাবে প্ৰকাশ কৰা হোৱা নাই। প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে গংগা নদীৰ তলিৰে যোৱা এই প্ৰকল্প  শুভাৰম্ভ কৰাৰ লগে লগে দেশে লাভ কৰিলে পানীৰ তলেৰে যোৱা প্ৰথম মেট্ৰ’। বংগৰ  মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীকো আজিৰ এই  অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু মমতাই এই অনুষ্ঠানত  উপস্থিত নাথাকিল। অনুষ্ঠানটোত পশ্চিম বংগৰ ৰাজ্যপাল চি ভি আনন্দ বসু, বিজেপিৰ ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰ আৰু বিৰোধী দলৰ নেতা সুভেন্দু অধিকাৰী আদি ব্যক্তিসকল উপস্থিত থাকে। ইফালে, প্ৰধানমন্ত্ৰী মোদীয়ে আজি কলকাতাৰ আৰু দুটা পথৰ সম্প্ৰসাৰণৰ কামো উদ্বোধন কৰে। ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে স্কুলীয়া ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে গঙ্গাৰ তলিৰে মেট্ৰ'ত যাত্ৰা কৰি শিক্ষাৰ্থীৰে মত-বিনিময় কৰে।
 

 জানিব পৰা মতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উদ্বোধন কৰাৰ কেইদিনমানৰ ভিতৰতে এই সেৱা আৰম্ভ হ'ব। এই মেট্ৰ' ৰে’ল  ইষ্ট-ৱেষ্ট মেট্ৰ' কৰিডৰৰ হাওৰা ময়দান-এস্প্লেনেড শাখাত ১০ বা ১২  মিনিটৰ ব্যৱধানত চলিব  বুলি জানিব পৰা গৈছে। জানিব পৰা মতে  পুৱা ৬.৩০  বজাত মেট্ৰ’ৰ সেৱা আৰম্ভ হ'ব আৰু অন্তিম খন মেট্ৰ' নিশা ৯:৩০ বজালৈকে চলিব ।  অনুমান অনুসৰি হাওৰাৰ পৰা হাওৰা ময়দানলৈ ভাড়া হ'ব ৫ টকা। হাওৰাৰ পৰা দক্ষিণেশ্বৰ, বৰানগৰ আৰু নোৱাপাৰালৈ যাত্ৰা কৰিবলৈ ৩০ টকা ব্যয় হ'ব। হাওৰাৰ পৰা দমদম, বেলগাচিয়া আৰু শ্যামবজাৰলৈ যাত্ৰা কৰিবলৈ ২৫ টকা ব্যয় হ'ব। হাওৰাৰ পৰা শোভাবজাৰ-চুতানাতি, গিৰীশ পাৰ্ক আৰু মহাত্মা গান্ধী ৰোডলৈ যাত্ৰা কৰিবলৈ ২০ টকা ব্যয় হ'ব। হাওৰাৰ পৰা   পাৰ্ক ষ্ট্ৰীটলৈ যাত্ৰা কৰিবলৈ  ১৫ টকা ব্যয় হ'ব। হাওৰাৰ পৰা ৰবীন্দ্ৰ সদন, নেতাজী ভৱন আৰু যতীন দাস পাৰ্কলৈ ভাড়া হ’ব ২০  টকা।   

ইফালে, হাওৰাৰ পৰা কালীঘাট, ৰবীন্দ্ৰ সৰোবৰ, মহানায়ক উত্তৰ কুমাৰ (টলিগুঞ্জে) আৰু নেতাজী (কুদঘাট)ৰ ভাড়া হ’ব ২৫ টকা। হাওৰাৰ পৰা, মাষ্টাৰদা সূৰ্য সেন (বংশদ্ৰোণী), গীতাঞ্জলি (নকতলা), কবি নজৰুল (গৰিয়া বজাৰ), শ্বহীদ খুদিৰাম (ব্ৰিজি) আৰু কবি সুভাষ (নিউ গৰিয়া) লৈকে  ৩০ টকা।

গংগা নদীৰ  তলিৰে মেট্ৰ'ৰ ঐতিহাসিক যাত্ৰা সন্দৰ্ভত মন্তব্য কৰি মেট্ৰ' ৰে'লৰ মুখ্য জনসম্পৰ্ক বিষয়া কৌশিক মিত্ৰই কিছুদিন পূৰ্বে কৈছিল, "মেট্ৰ' ৰে'লৰ বাবে এয়া এক ঐতিহাসিক মুহূৰ্ত। কিয়নো বহু বাধা অতিক্ৰম কৰাৰ পিছত আমি হুগলী নদীৰ তলিৰে  মেট্ৰ' ৰে’ল চলাবলৈ সক্ষম হৈছো। কলকাতা আৰু উপনগৰৰ লোকসকলক অত্যাধুনিক পৰিবহনৰ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত এয়া এক ঐতিহাসিক পদক্ষেপ হ’ব। 

এয়া  সঁচাকৈয়ে ভাৰতীয় ৰে’লৱেই বংগৰ লোকসকলক দিয়া এক বিশেষ উপহাৰ’’। ইষ্ট-ৱেষ্ট মেট্ৰ'ই চল্ট লেক চেক্টৰ ৫-ৰ পৰা হাওৰা ময়দানক  সংযোগ কৰিব। বৰ্তমানৰ চল্ট লেক চেক্টৰ পঞ্চমৰ পৰা শিয়ালদহলৈকে বাণিজ্যিক সেৱা আৰম্ভ হৈছে। এইবাৰ, মেট্ৰ' কৰ্তৃপক্ষই এস্প্লেনেডৰ পৰা হাওৰা ময়দানলৈ ৰে’ল সেৱা আৰম্ভ কৰিব।  মেট্ৰ' ৰে’ল গঙ্গাৰ তলৰ মাজেৰে কিমান দূৰ পাৰ হ'ব? কিমান সময় লাগিব? কলকাতা মেট্ৰ'ৰ মতে, মেট্ৰ' ৰে’ল  গঙ্গাৰ তলিৰে ৫২০ মিটাৰ চলিব। সেই পথ অতিক্ৰম কৰিবলৈ মাত্ৰ ৪৫  ছেকেণ্ড সময় লাগিব। যিটো সুৰংগৰ মাজেৰে মেট্ৰ'  ৰে’ল চলিছে সেয়া পানীৰ ৩২ মিটাৰ তলত অৱস্থিত।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
উৰহীৰ নানা উপকাৰী গুণৰ বিষয়ে আপুনি জানেনে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
ভিয়েটনামত ভয়ংকৰ নাও দুৰ্ঘটনা; ১৫ গৰাকী ভাৰতীয় পৰ্যটকৰ সলিল সমাধি
Advertisement