--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বৰ্তমান সময়ত প্ৰতিজন ব্যক্তি নিজৰ কামত ইমানেই ব্যস্ত যে টোপনি সম্পূৰ্ণ কৰিবলৈও সময় নাপায়। ঘৰলৈ দেৰিকৈ আহি পুৱাই ঘৰৰ পৰা ওলাই যোৱা এজন ব্যক্তিয়ে নিজৰ টোপনিৰ লগত আপোচ কৰে, যাৰ ফলত তেওঁৰ স্বাস্থ্যৰ প্ৰত্যক্ষ প্ৰভাৱ পৰে। বহু মানুহৰ ৰাতি দেৰিলৈকে সাৰ পাই থকাটো অভ্যাস হৈ পৰিছে। তেওঁলোকে হয় মোবাইল চাই সময় পাৰ কৰে নহয় অনাহক কিছুমান কামত ব্যস্ত থাকি সময় অপচয় কৰে।

যদি ৰাতি দেৰিলৈকে সাৰ পাই থকাটো আপোনাৰ ৰুটিনৰ এটা অংশ হৈ পৰিছে, তেন্তে আপুনি বহুতো গুৰুতৰ ৰোগৰ বলি হ’ব পাৰে। এনে পৰিস্থিতিত সকলোৱে ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এই প্ৰশ্নৰ উত্তৰ বিচাৰি ফুৰে, গতিকে পলমকৈ শোৱা বা কম টোপনি যোৱাৰ কি অসুবিধা আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি জানো আহক।

মগজুৰ ওপৰত প্ৰভাৱ

পলমকৈ শুলে ব্যক্তিৰ মানসিক স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰে। মানসিক চাপৰ সৈতে যিকোনো বিষয়ত সিদ্ধান্ত লোৱাৰ ক্ষমতাত প্ৰভাৱ পৰে।

হাৰ্ট এটেক আৰু মেদবহুলতাৰ আশংকা

এটা গৱেষণাই দাবী কৰিছে যে পৰ্যাপ্ত পৰিমাণে টোপনি নাহিলে হাৰ্ট এটেক, ডায়েবেটিছ, মেদবহুলতাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ৰোগবোৰ স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক। কম টোপনিত মানুহে প্ৰায়ে খিংখিঙীয়া আৰু ভাগৰুৱা অনুভৱ কৰে।

একাগ্ৰতাৰ অভাৱ

যদি আপুনি স্কুল বা কলেজত পঢ়ায় তেন্তে আপোনাৰ বাবে টোপনি যোৱাটো অতি প্ৰয়োজনীয় কাৰণ যদি আপুনি তেনে নকৰে তেন্তে আপোনাৰ একাগ্ৰতা কমি যাব। যাৰ বাবে আপোনাৰ পাঠদান ক্ষমতাও প্ৰভাৱিত হ’ব।

ভাল টোপনিৰ বাবে কি কৰিব লাগে

ভাল টোপনিৰ বাবে ৰাতি শুবলৈ সময় নিৰ্ধাৰণ কৰক। উদাহৰণস্বৰূপে, যদি আপুনি নিশা ১০ বজাত শুৱে, তেন্তে পাছদিনা ৰাতিপুৱা ৬ বজাত বিচনাখন এৰি দিব। প্ৰায় ৮ ঘণ্টা টোপনি যাব।

ইলেক্ট্ৰনিক গেজেটৰ পৰা আঁতৰি থাকক

ৰাতি শোৱাৰ সময়ত বিশেষকৈ মনত ৰাখিব যে আপুনি শুবলৈ যাওঁতে কমেও এঘণ্টা আগতে মোবাইল ফোন আৰু অন্যান্য ইলেক্ট্ৰনিক সামগ্ৰী ব্যৱহাৰ বন্ধ কৰক। কাৰণ, ই আপোনাৰ টোপনিৰ ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিব পাৰে। ৰাতি শুবলৈ পৰিষ্কাৰ বিচনা এখন সাজু কৰক। চাৰিওফালে পৰিষ্কাৰ পৰিবেশ ৰাখক। ইয়াৰ উপৰিও ভাল টোপনিৰ বাবে ধ্যান আৰু যোগাসনো কৰিব পাৰে। ৰাতি লঘু আহাৰ গ্ৰহণ কৰক। খোৱাৰ পিছত অলপ খোজ কাঢ়িব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক