--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানৱ শৰীৰত প্ৰয়োজনীয় সকলো ভিটামিন গ্ৰহণ কৰাৰ পাছত শৰীৰত জমা হৈ নাথাকে৷ এই ভিটামিন আমি ইয়াক দৈনিক খাদ্য আৰু পানীয়ৰ জৰিয়তে গ্ৰহণ কৰিব লাগে৷ ভিটামিন চি এনে এক প্ৰকাৰৰ ভিটামিন। সেয়ে একাংশ লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে  ভিটামিন চিৰ সাপ্লিমেন্ট গ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰশ্ন হয় চিকিৎসকৰ পৰামৰ্শ অবিহনে যিকোনো ভিটামিন গ্ৰহণ কৰাটো কিমান যুক্তি সংগত ভাবি চাইছেনে? 

যেতিয়াই আমাৰ শৰীৰ অসুস্থ হৈ পৰে চৰ্দি, কাহ আৰু ফ্লু হয়। তাৰ পাছত ভিটামিন চিৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ক’ভিড ১৯ৰ সময়ছোৱাত মানুহে ভিটামিন চিৰ পৰিপূৰক গ্ৰহণ কৰা হয়তো আপোনালোকৰ মনত আছে৷ ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে বুলি বিশ্বাস এক বিশ্বাস আছে। ভিটামিন চি গ্ৰহণ কৰা পাছত শৰীৰে ৰোগ তথা সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। 

কিন্তু ডাক্তৰৰ পৰামৰ্শ অবিহনে ভিটামিন চি গ্ৰহণ কৰিলে শৰীৰ ক্ষতি হ’ব পাৰে। আপোনাৰ মনত প্ৰশ্নৰ উদয় হ’ব পাৰে যে ইয়াৰ পৰা কি ক্ষতি হ’ব পাৰে? ভিটামিন চি উপকাৰী সেয়া সঁচা কিন্তু এটা সীমালৈকে।যদি ভিটামিন চি সীমাতকৈ অধিক সেৱন কৰা ফলত বৃক্কত পাথৰ  হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

আজিয়েই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰক -  ভিটামিন চি শৰীৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ? দৈনিক কিমান পৰিমাণৰ ভিটামিন চি সেৱন কৰিব লাগে? ভিটামিন চি বেছিকৈ সেৱন কৰিলে বৃক্কত পাথৰ হ’ব পাৰে নেকি? ভিটামিন চিৰ বাবে আমি কি খাব লাগে?

চিকিৎসকৰ মতে-ভিটামিন চি পানীত দ্ৰৱীভূত এবিধ ভিটামিন। ই আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিটামিন। ভিটামিন চি পৰ্যাপ্ত পৰিমাণে নাখালে স্কাৰভি হোৱাৰ সম্ভৱনা থকে। এই ভিটামিনে আমাৰ শৰীৰত কলাজেন, ছাল-চুলি সুস্থ কৰি ৰখাত সহায় কৰে। আনহাতে স্কাৰভি হ’লে শৰীৰ ছাল ফাটি যায়, আঁঠুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰাৰ লগতে চুলি সৰিবলৈ আৰম্ভ কৰে।

চিকিৎসকৰ মতে- যিকোনো ভিটামিন অত্যধিক পৰিমাণে সেৱন কৰা  স্বাস্থ্যৰ বাবে ক্ষতি কাৰক। এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দৈনিক ৫০ মিলিগ্ৰাম ভিটামিন চি গ্ৰহণ কৰিব লাগে। আনহাতে গৰ্ভৱতী মহিলাই ১৫০ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন চি গ্ৰহণ কৰিব লাগে। প্ৰাপ্তবয়স্ক ব্যক্তিয়ে সৰ্বাধিক ২০০ মিলিগ্ৰাম ভিটামিন চি গ্ৰহণ কৰিব পাৰে। এই পৰিমাণে শৰীৰৰ কোনো ক্ষতি নকৰে। 

উল্লেখ যোগ্য যে স্বাস্থ্য সম্পৰ্কিত যি কোনো সিদ্ধানত গ্ৰহণ কৰা আগত এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷ অন্যথা আপোনাৰ হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি৷সচেতন থাকক সুৰক্ষিত থাকক!

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক