--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মানৱ শৰীৰত প্ৰয়োজনীয় সকলো ভিটামিন গ্ৰহণ কৰাৰ পাছত শৰীৰত জমা হৈ নাথাকে৷ এই ভিটামিন আমি ইয়াক দৈনিক খাদ্য আৰু পানীয়ৰ জৰিয়তে গ্ৰহণ কৰিব লাগে৷ ভিটামিন চি এনে এক প্ৰকাৰৰ ভিটামিন। সেয়ে একাংশ লোকে চিকিৎসকৰ পৰামৰ্শ অবিহনে  ভিটামিন চিৰ সাপ্লিমেন্ট গ্ৰহণ কৰা পৰিলক্ষিত হয়। প্ৰশ্ন হয় চিকিৎসকৰ পৰামৰ্শ অবিহনে যিকোনো ভিটামিন গ্ৰহণ কৰাটো কিমান যুক্তি সংগত ভাবি চাইছেনে? 

যেতিয়াই আমাৰ শৰীৰ অসুস্থ হৈ পৰে চৰ্দি, কাহ আৰু ফ্লু হয়। তাৰ পাছত ভিটামিন চিৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ পৰামৰ্শ দিয়ে। ক’ভিড ১৯ৰ সময়ছোৱাত মানুহে ভিটামিন চিৰ পৰিপূৰক গ্ৰহণ কৰা হয়তো আপোনালোকৰ মনত আছে৷ ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতাবৃদ্ধি কৰে বুলি বিশ্বাস এক বিশ্বাস আছে। ভিটামিন চি গ্ৰহণ কৰা পাছত শৰীৰে ৰোগ তথা সংক্ৰমণৰ বিৰুদ্ধে যুঁজিবলৈ সক্ষম হয়। 

কিন্তু ডাক্তৰৰ পৰামৰ্শ অবিহনে ভিটামিন চি গ্ৰহণ কৰিলে শৰীৰ ক্ষতি হ’ব পাৰে। আপোনাৰ মনত প্ৰশ্নৰ উদয় হ’ব পাৰে যে ইয়াৰ পৰা কি ক্ষতি হ’ব পাৰে? ভিটামিন চি উপকাৰী সেয়া সঁচা কিন্তু এটা সীমালৈকে।যদি ভিটামিন চি সীমাতকৈ অধিক সেৱন কৰা ফলত বৃক্কত পাথৰ  হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

আজিয়েই চিকিৎসকৰ সৈতে পৰামৰ্শ কৰক -  ভিটামিন চি শৰীৰৰ বাবে কিয় গুৰুত্বপূৰ্ণ? দৈনিক কিমান পৰিমাণৰ ভিটামিন চি সেৱন কৰিব লাগে? ভিটামিন চি বেছিকৈ সেৱন কৰিলে বৃক্কত পাথৰ হ’ব পাৰে নেকি? ভিটামিন চিৰ বাবে আমি কি খাব লাগে?

চিকিৎসকৰ মতে-ভিটামিন চি পানীত দ্ৰৱীভূত এবিধ ভিটামিন। ই আমাৰ শৰীৰৰ বাবে অতি গুৰুত্বপূৰ্ণ ভিটামিন। ভিটামিন চি পৰ্যাপ্ত পৰিমাণে নাখালে স্কাৰভি হোৱাৰ সম্ভৱনা থকে। এই ভিটামিনে আমাৰ শৰীৰত কলাজেন, ছাল-চুলি সুস্থ কৰি ৰখাত সহায় কৰে। আনহাতে স্কাৰভি হ’লে শৰীৰ ছাল ফাটি যায়, আঁঠুৰ পৰা তেজ ওলাবলৈ আৰম্ভ কৰাৰ লগতে চুলি সৰিবলৈ আৰম্ভ কৰে।

চিকিৎসকৰ মতে- যিকোনো ভিটামিন অত্যধিক পৰিমাণে সেৱন কৰা  স্বাস্থ্যৰ বাবে ক্ষতি কাৰক। এজন প্ৰাপ্তবয়স্ক ব্যক্তিয়ে দৈনিক ৫০ মিলিগ্ৰাম ভিটামিন চি গ্ৰহণ কৰিব লাগে। আনহাতে গৰ্ভৱতী মহিলাই ১৫০ মিলিগ্ৰাম পৰ্যন্ত ভিটামিন চি গ্ৰহণ কৰিব লাগে। প্ৰাপ্তবয়স্ক ব্যক্তিয়ে সৰ্বাধিক ২০০ মিলিগ্ৰাম ভিটামিন চি গ্ৰহণ কৰিব পাৰে। এই পৰিমাণে শৰীৰৰ কোনো ক্ষতি নকৰে। 

উল্লেখ যোগ্য যে স্বাস্থ্য সম্পৰ্কিত যি কোনো সিদ্ধানত গ্ৰহণ কৰা আগত এবাৰ চিকিৎসকৰ পৰামৰ্শ লোৱা জৰুৰী৷ অন্যথা আপোনাৰ হিতে বিপৰীত হোৱাৰ সম্ভাৱনা বেছি৷সচেতন থাকক সুৰক্ষিত থাকক!

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ