--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। এই সময়ত মানুহৰ কি খাওঁ কি নাখাওঁ লাগে। গৰমে জ্বলা-পোৰা সময়ত মানুহে স্বাস্থ্যসন্মত খোৱাটো অতি জৰুৰী। 

যদি আপুনি দৈনিক ফলমূল খায় তেন্তে ৰোগে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ফলত বহু ধৰণৰ ভিটামিন পোৱা যায়, যাৰ বাবে আমি শৰীৰত ভাগৰুৱা, দুৰ্বলতা অনুভৱ নকৰো। ফলমূলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ লগতে ফলমূলৰ সেৱনে আমাৰ ছালখনো উন্নত কৰে। মানুহৰ বাবে ফলমূল আৰু দৈ দুয়োবিধেই বৰ উপকাৰী।
ಹೊಸ ರೀತಿ ಕ್ರೀಮ್ ಹಣ್ಣಿನ ರಸಾಯನ ಮಾಡಿ | Creamy Fruit Salad in Kannada | Special  Creamy Fruit Salad - YouTube

আজি আমি আপোনালোকক ক'ম গৰমৰ দিনত দৈ আৰু পেটৰ বাবে উপকাৰী ফলৰ পৰা তৈয়াৰী কৰা চাটৰ ৰেচিপি। চাটৰ নাম শুনিলেই আপুনি ভাবে যে ইয়াত বহুতো জ্বলা বা মছলা থাকে কিন্তু আজি আমি দৈ আৰু ফলৰ পৰা তৈয়াৰী ফলৰ চাট বনাবলৈ শিকাম। এই মিঠা আৰু সোৱাদভৰা চাটটো আপোনালোকে নিশ্চয় ভাল পাব। ই খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও বৰ উপকাৰী।

দৈ-ফল চাটৰ বাবে প্ৰয়োজনীয় উপাদান

১)মিঠা দৈ (ইচ্ছা কৰিলে ক্ৰীম ব্যৱহাৰ কৰিব পাৰে)।

২)চেনি 

৩)এটা আপেল

৪)আধা ডালিম

৫)আধা অমিতা

৬)এটা পীচ

৭)এক চতুৰ্থাংশ আনাৰস

৮)কেইটামান আলমণ্ড

৯)আঙুৰ


সজাবৰ বাবে

পিষ্টা আৰু চেৰীৰ সৰু সৰু টুকুৰা


দৈ-ফলৰ চাট কেনেকৈ বনাব

১)প্ৰথমে এটা পাত্ৰত ক্ৰীম বা দৈ আৰু চেনি দুয়োটা ভালদৰে মিহলাই দিব লাগে।

২)আপেল, ডালিম, অমিতা, পীচ, আনাৰস আৰু আলমণ্ড কাটি দৈৰ লগত মিহলাই লওক।

৩)ঠাণ্ডা হ’বলৈ আধা ঘণ্টা ফ্ৰীজত ৰাখিব।

৪)নিৰ্ধাৰিত সময়ৰ পিছত প্ৰস্তুত কৰা মিশ্ৰণটোত চেৰী আৰু পিষ্টা মিহলাই দিব।
Creamy Yogurt Fruit Salad - Desserts - Shanaz Rafiq Recipes
আপোনাৰ দৈ-ফলৰ চাট সাজু হৈছে। গ্ৰীষ্মকালত ইয়াৰ সোৱাদ লওক। শৰীৰে পুষ্টি লাভ কৰাৰ লগতে শীতলতা লাভ কৰিব।

উল্লেখ্য যে আপুনি মন গ'লে বেলেগ ফলো সংযোজন কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উজনিত মানৱ সৰবৰাহৰ ভয়ংকৰ জাল! ৫০ হাজাৰৰ পৰা ডেৰ লাখ টকাৰ বিনিময়ত বিক্ৰী হয় কিশোৰী-যুৱতী
প্ৰাগজ্যোতি ITA চেণ্টাৰত ব্যতিক্ৰমৰ অনুষ্ঠান;'বিমূৰ্ত মোৰ নিশাটি'ৰে সুধাকণ্ঠলৈ বিশেষ শ্ৰদ্ধাঞ্জলি বি পাল্কীৰ
অসমৰ সাংস্কৃতিক জগত উকা কৰি বৈকুণ্ঠলৈ গমন কৰিলে নাগাৰা নামৰ সম্ৰাট ৰামচৰণ ভড়ালীয়ে
'পৰ্ণ' বজাৰত বিক্ৰী প্ৰসূতিৰ গোপন ছবি, দেশৰ জঘন্যতম চাইবাৰ অপৰাধ ফাদিল
লিভাৰ বেয়া হোৱাৰ ১৪টা লক্ষণ; জানি লওক আৰু সাৱধান হওক
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী
শিৱসাগৰত ভয়াৱহ পথ দুৰ্ঘটনা!  দুজনৰ অৱস্থা সংকটজনক