--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰচণ্ড গৰমে দহিছে ৰাজ্যবাসীক। এই সময়ত মানুহৰ কি খাওঁ কি নাখাওঁ লাগে। গৰমে জ্বলা-পোৰা সময়ত মানুহে স্বাস্থ্যসন্মত খোৱাটো অতি জৰুৰী। 

যদি আপুনি দৈনিক ফলমূল খায় তেন্তে ৰোগে আপোনাক স্পৰ্শ কৰিব নোৱাৰে। ফলত বহু ধৰণৰ ভিটামিন পোৱা যায়, যাৰ বাবে আমি শৰীৰত ভাগৰুৱা, দুৰ্বলতা অনুভৱ নকৰো। ফলমূলে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ইয়াৰ লগতে ফলমূলৰ সেৱনে আমাৰ ছালখনো উন্নত কৰে। মানুহৰ বাবে ফলমূল আৰু দৈ দুয়োবিধেই বৰ উপকাৰী।
ಹೊಸ ರೀತಿ ಕ್ರೀಮ್ ಹಣ್ಣಿನ ರಸಾಯನ ಮಾಡಿ | Creamy Fruit Salad in Kannada | Special  Creamy Fruit Salad - YouTube

আজি আমি আপোনালোকক ক'ম গৰমৰ দিনত দৈ আৰু পেটৰ বাবে উপকাৰী ফলৰ পৰা তৈয়াৰী কৰা চাটৰ ৰেচিপি। চাটৰ নাম শুনিলেই আপুনি ভাবে যে ইয়াত বহুতো জ্বলা বা মছলা থাকে কিন্তু আজি আমি দৈ আৰু ফলৰ পৰা তৈয়াৰী ফলৰ চাট বনাবলৈ শিকাম। এই মিঠা আৰু সোৱাদভৰা চাটটো আপোনালোকে নিশ্চয় ভাল পাব। ই খাবলৈ সোৱাদযুক্ত হোৱাৰ লগতে স্বাস্থ্যৰ বাবেও বৰ উপকাৰী।

দৈ-ফল চাটৰ বাবে প্ৰয়োজনীয় উপাদান

১)মিঠা দৈ (ইচ্ছা কৰিলে ক্ৰীম ব্যৱহাৰ কৰিব পাৰে)।

২)চেনি 

৩)এটা আপেল

৪)আধা ডালিম

৫)আধা অমিতা

৬)এটা পীচ

৭)এক চতুৰ্থাংশ আনাৰস

৮)কেইটামান আলমণ্ড

৯)আঙুৰ


সজাবৰ বাবে

পিষ্টা আৰু চেৰীৰ সৰু সৰু টুকুৰা


দৈ-ফলৰ চাট কেনেকৈ বনাব

১)প্ৰথমে এটা পাত্ৰত ক্ৰীম বা দৈ আৰু চেনি দুয়োটা ভালদৰে মিহলাই দিব লাগে।

২)আপেল, ডালিম, অমিতা, পীচ, আনাৰস আৰু আলমণ্ড কাটি দৈৰ লগত মিহলাই লওক।

৩)ঠাণ্ডা হ’বলৈ আধা ঘণ্টা ফ্ৰীজত ৰাখিব।

৪)নিৰ্ধাৰিত সময়ৰ পিছত প্ৰস্তুত কৰা মিশ্ৰণটোত চেৰী আৰু পিষ্টা মিহলাই দিব।
Creamy Yogurt Fruit Salad - Desserts - Shanaz Rafiq Recipes
আপোনাৰ দৈ-ফলৰ চাট সাজু হৈছে। গ্ৰীষ্মকালত ইয়াৰ সোৱাদ লওক। শৰীৰে পুষ্টি লাভ কৰাৰ লগতে শীতলতা লাভ কৰিব।

উল্লেখ্য যে আপুনি মন গ'লে বেলেগ ফলো সংযোজন কৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমদানি শুল্ক হ্রাস; দাম কমিব খোৱা তেলৰ
২৮ ছেপ্টেম্বৰৰ পৰা ৫ দিন নগাঁৱত প্ৰচাৰ চলাব মুখ্যমন্ত্রীয়ে
নৱেম্বৰত অনুষ্ঠিত হ’ব মিচিং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচন; নিৰ্বাচনৰ বেলটত নাথাকিব দলীয় প্রতীক
বেবেজীয়াত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন, গুৰুতৰভাৱে আহত শিক্ষয়িত্ৰী
এছিয়ান গেমছৰ ১০,০০০ মিটাৰ দৌৰত ব্ৰঞ্জ পদক অৰ্জন সীমা কুমাৰীৰ
স্কোৱাচ অতি উপকাৰী পাচলি; ইয়াৰ আছে নানা স্বাস্থ্য গুণাগুণ
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ