--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত দিনক দিনে বৃদ্ধি পাইছে হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা। বৰ্তমান সময়ত যুৱক-যুৱতী আৰু সুস্থ লোকসকলো এই ৰোগৰ চিকাৰ হৈ পৰিছে। হাৰ্ট এটেক বহু কাৰণত হ’ব পাৰে। ভুল খাদ্য খোৱা আৰু ভুল জীৱনশৈলী হাৰ্ট এটেক হোৱাৰ অন্যতম মুখ্য কাৰণ। কিন্তু আপুনি জানেনে যে কম টোপনি বা ৰাতি দেৰিকৈ শোৱাৰ বাবেও হাৰ্ট এটেক হ’ব পাৰে? হয়, এইটো সঁচা যে যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাযায় তেন্তে ই হাৰ্ট এটেকৰ কাৰণ হৈ পৰিব পাৰে। 

এনে অৱস্থাত আমি আপোনাক ক’ম এজন ব্যক্তিয়ে দিনটোত কিমান ঘণ্টা টোপনি যাব লাগে? টোপনিৰ অভাৱত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা কেনেকৈ হ’ব পাৰে জানো আহক। এজন ব্যক্তিৰ বাবে খাদ্য যিমানেই গুৰুত্বপূৰ্ণ সিমানেই তেওঁৰ বাবে টোপনিও গুৰুত্বপূৰ্ণ। কিন্তু বহুতে এই কথা পাহৰি ৰাতি পৰ্যাপ্ত টোপনি নামাৰে, যাৰ বাবে বহু ৰোগে তেওঁলোকক আগুৰি ধৰে। আপুনি জানেনে যিসকল লোকে ৬ ঘণ্টাতকৈ কম সময় শোৱে, তেওঁলোকৰ মেদবহুলতা, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদি ৰোগৰ সমস্যা বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। 

এজন মানুহে দৈনিক সাত ঘণ্টাতকৈ অধিক আৰু ১০ ঘণ্টাতকৈ কম সময় শোৱাটো অতি প্ৰয়োজনীয়। এজন মানুহে প্ৰতি নিশা ৭-৮ ঘন্টা টোপনি যোৱাটোত গুৰুত্ব দিব লাগে। কম টোপনি অহা লোকসকল হাৰ্ট এটেকৰ বলি হোৱাৰ সম্ভাৱনা থাকে। ৬ ঘন্টাতকৈ কম টোপনি অহা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। কাৰণ হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে আৰু হৃদযন্ত্ৰ ভালে ৰাখিবলৈ হ’লে ভালদৰে টোপনি যোৱাটো অতি গুৰুত্বপূৰ্ণ। গৱেষণাত প্ৰমাণিত হৈছে যে ৮ ঘণ্টা টোপনি অহা লোকৰ হৃদযন্ত্ৰ কমকৈ শোৱা লোকৰ তুলনাত সুস্থ আৰু শক্তিশালী হয়। 

গতিকে যদি আপোনাৰো কম সময় শোৱাৰ অভ্যাস আছে তেন্তে আজিয়েই এই অভ্যাস সলনি কৰা উচিত। তাৰবাবে আপুনি মোবাইল ফোনৰ ব্যৱহাৰ কমকৈ কৰিব লাগিব। বহু লোকেই হাতত মোবাইল ফোনটো লৈ খোৱা-শোৱা সকলো পাহৰে, যিটোৱে গম নোপোৱাকৈ কৰি আছে ভয়ংকৰ ক্ষতি...গতিকে সময় থাকোতেই সাৱধান হোৱাটো উচিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান