--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিশ্বত দিনক দিনে বৃদ্ধি পাইছে হাৰ্ট এটেকত আক্ৰান্তৰ সংখ্যা। বৰ্তমান সময়ত যুৱক-যুৱতী আৰু সুস্থ লোকসকলো এই ৰোগৰ চিকাৰ হৈ পৰিছে। হাৰ্ট এটেক বহু কাৰণত হ’ব পাৰে। ভুল খাদ্য খোৱা আৰু ভুল জীৱনশৈলী হাৰ্ট এটেক হোৱাৰ অন্যতম মুখ্য কাৰণ। কিন্তু আপুনি জানেনে যে কম টোপনি বা ৰাতি দেৰিকৈ শোৱাৰ বাবেও হাৰ্ট এটেক হ’ব পাৰে? হয়, এইটো সঁচা যে যদি আপুনি পৰ্যাপ্ত পৰিমাণে টোপনি নাযায় তেন্তে ই হাৰ্ট এটেকৰ কাৰণ হৈ পৰিব পাৰে। 

এনে অৱস্থাত আমি আপোনাক ক’ম এজন ব্যক্তিয়ে দিনটোত কিমান ঘণ্টা টোপনি যাব লাগে? টোপনিৰ অভাৱত হৃদযন্ত্ৰৰ লগত জড়িত সমস্যা কেনেকৈ হ’ব পাৰে জানো আহক। এজন ব্যক্তিৰ বাবে খাদ্য যিমানেই গুৰুত্বপূৰ্ণ সিমানেই তেওঁৰ বাবে টোপনিও গুৰুত্বপূৰ্ণ। কিন্তু বহুতে এই কথা পাহৰি ৰাতি পৰ্যাপ্ত টোপনি নামাৰে, যাৰ বাবে বহু ৰোগে তেওঁলোকক আগুৰি ধৰে। আপুনি জানেনে যিসকল লোকে ৬ ঘণ্টাতকৈ কম সময় শোৱে, তেওঁলোকৰ মেদবহুলতা, হাই ব্লাড প্ৰেছাৰ, ডায়েবেটিছ আদি ৰোগৰ সমস্যা বৃদ্ধি হোৱাৰ যথেষ্ট সম্ভাৱনা থাকে। 

এজন মানুহে দৈনিক সাত ঘণ্টাতকৈ অধিক আৰু ১০ ঘণ্টাতকৈ কম সময় শোৱাটো অতি প্ৰয়োজনীয়। এজন মানুহে প্ৰতি নিশা ৭-৮ ঘন্টা টোপনি যোৱাটোত গুৰুত্ব দিব লাগে। কম টোপনি অহা লোকসকল হাৰ্ট এটেকৰ বলি হোৱাৰ সম্ভাৱনা থাকে। ৬ ঘন্টাতকৈ কম টোপনি অহা লোকৰ হাৰ্ট এটেক হোৱাৰ সম্ভাৱনা যথেষ্ট বৃদ্ধি পায়। কাৰণ হৃদযন্ত্ৰৰ সুস্বাস্থ্যৰ বাবে আৰু হৃদযন্ত্ৰ ভালে ৰাখিবলৈ হ’লে ভালদৰে টোপনি যোৱাটো অতি গুৰুত্বপূৰ্ণ। গৱেষণাত প্ৰমাণিত হৈছে যে ৮ ঘণ্টা টোপনি অহা লোকৰ হৃদযন্ত্ৰ কমকৈ শোৱা লোকৰ তুলনাত সুস্থ আৰু শক্তিশালী হয়। 

গতিকে যদি আপোনাৰো কম সময় শোৱাৰ অভ্যাস আছে তেন্তে আজিয়েই এই অভ্যাস সলনি কৰা উচিত। তাৰবাবে আপুনি মোবাইল ফোনৰ ব্যৱহাৰ কমকৈ কৰিব লাগিব। বহু লোকেই হাতত মোবাইল ফোনটো লৈ খোৱা-শোৱা সকলো পাহৰে, যিটোৱে গম নোপোৱাকৈ কৰি আছে ভয়ংকৰ ক্ষতি...গতিকে সময় থাকোতেই সাৱধান হোৱাটো উচিত।









FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ