--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অলপ সুৰাপান  স্বাস্থ্যৰ বাবে ক্ষতিকাৰক নহয় বুলি বহুতেই ধাৰণা কৰে। সেয়ে নিতৌ কম পৰিমাণত মদ্যপান কৰাসকলে " অলপ খাইছো কিনো হ’ব" জাতীয় কথাৰে আত্মসন্তুষ্টি লভা দেখা যায়৷ কিন্তু নিতৌ অলপ সুৰাপান কৰিলেও দেহৰ মাৰাত্মক ক্ষতি হ’ব পাৰে বুলি স্বাস্থ্য বিজ্ঞানীসকলে কৈ আহিছে৷ 

স্বাস্থ্য বিজ্ঞানীসকলৰ মতে  নিয়মিত সুৰাপান কৰাসকলৰ  ক্ষেত্ৰত আলঝেইমাৰ ৰোগৰ আশংকা ভালে খিনি বৃদ্ধি পাব পাৰে৷ আলঝেইমাৰ এছ'চিয়েচনৰ এক প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে৷  গৱেষণাই প্ৰমাণ কৰিছে  যে সুৰা ব্যৱহাৰৰ ফলত  আলঝেইমাৰ ৰোগৰ  বিপদাশংকা ভালিখিনি বৃদ্ধি পায়৷ 

সুৰাৰ ব্যৱহাৰে ৰোগটোৰ পেথোফিজিঅ'লজীক কেনেদৰে প্ৰভাৱান্বিত  কৰে সেয়া নিৰ্ধাৰণ কৰিবলৈ অধিক অধ্যয়নৰ প্ৰয়োজন আছে বুলিও আলঝেইমাৰ এছ'চিয়েচনৰ  প্ৰতিবেদনত কোৱা হৈছে । এক  প্ৰাক-নিদানিক অধ্যয়নত ৱেক ফৰেষ্ট ইউনিভাৰ্চিটি স্কুল অফ মেডিচিনৰ গৱেষকসকলে দেখুৱাইছিল যে সুৰাৰ সামান্য পৰিমাণেও মস্তিষ্কৰ ক্ষয় ত্বৰান্বিত কৰিব পাৰে৷  মস্তিষ্কৰ কোষবোৰৰ ক্ষতি হোৱাৰ ফলত  এমাইলইড প্লেকৰ সংখ্যা বৃদ্ধি কৰিব পাৰে ৷ 

এনে  এমাইলইড প্লেকে আলঝেইমাৰ ৰোগত ক্ষতিকাৰক প্ৰ'টিন জমা কৰাত মুখ্য ভুমিকা গ্ৰহণ কৰে৷ ।অধ্যয়নটো  নিউৰোবায়োলজীৰ ফেব্ৰুৱাৰী সংখ্যাত প্ৰকাশ পাইছে।প্ৰতিবেদনত কোৱা হৈছে " এই ফলাফলবোৰে পৰামৰ্শ দিয়ে যে সুৰাই ইয়াৰ প্ৰাৰম্ভিক পৰ্যায়ত আলঝেইমাৰ ৰোগৰ ৰোগজনিত আশংকা  ত্বৰান্বিত কৰিব পাৰে," ৷ 

ৱেক ফৰেষ্ট ইউনিভাৰ্চিটি স্কুল অফ মেডিচিনৰ শৰীৰতত্ব আৰু ফাৰ্মাকোলজীৰ সহযোগী অধ্যাপক শ্যানন মেকলেয়ে কয় যে  সুৰাপানে আলঝেইমাৰৰ আশংকা দূৰ কৰে বুলি ইমান দিনে প্ৰচলিত ধাৰণা দৰাচলতে ভুল৷ এই অধ্যয়নটো ৱেক ফৰেষ্ট ইউনিভাৰ্চিটি স্কুল অফ মেডিচিনৰ শৰীৰতত্ব আৰু ফাৰ্মাকোলজীৰ অধ্যাপক মেকলি আৰু জেফ্ৰি ৱেইনাৰৰ নেতৃত্বত আলঝেইমাৰ ৰোগ গৱেষণা কেন্দ্ৰ আৰু সুৰা গৱেষণা কেন্দ্ৰৰ  সহযোগিতা চলোৱা হৈছিল।

গৱেষকসকলে ১০  সপ্তাহৰ দীৰ্ঘম্যাদী সুৰাপান পদ্ধতি ব্যৱহাৰ কৰিছিল ,য'ত নিগনিবোৰক পানী বা সুৰা পান কৰোৱাৰ  বিকল্প দিয়া হৈছিল। তাৰ পিছত তেওঁলোকে লক্ষ্য  কৰিছিল যে সুৰাৰ  সেৱনে স্বাস্থ্যকৰ মগজুৰ কাৰ্য আৰু আচৰণ  সলনি কৰে আৰু ই আলঝেইমাৰ ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ সৈতে সম্পৰ্কিত ৷ গৱেষকসকলে বিচাৰি পাইছিল যে সুৰাই মগজুৰ ক্ষয় বৃদ্ধি কৰে আৰু অধিক সংখ্যক সৰু ফলকসহ এমাইলইড প্লেকৰ সংখ্যা বৃদ্ধি কৰে৷ সুৰপান অব্যাহত ৰাখিলে  পৰৱৰ্তী জীৱনত প্লেকৰ প্ৰসাৰ বৃদ্ধি হোৱাৰ আশংকা  থাকে । 

মেকলেই ইয়াৰ  আগতেও দেখুৱাইছিল যে উচ্চ ৰক্ত শৰ্কৰাই এমাইলইড-বিটা আৰু এমাইলইড প্লেক বৃদ্ধি কৰে। নিয়মীয়াকৈ সামান্য সুৰাপান কৰাৰ  ফলতো ৰক্ত শৰ্কৰা বৃদ্ধি হ’ব পাৰে৷ সেয়ে যিমান দূৰ পাৰি সুৰাপানৰ পৰা দূৰত থকাই ভাল বুলি বহুতে কৈ আহিছে৷ 


FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান