--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক বৈঠকত এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে। দৰাচলতে বিচিচিআইৰ সম্পাদক জয় শ্বাহক এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত কৰা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি নিৰ্বাচিত হৈছে জয় শ্বাহ। এই সিদ্ধান্তক ইতিমধ্যে এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক বৈঠকত অনুমোদন জনোৱা হৈছে।


উল্লেখ্য যে শ্ৰীলংকা ক্ৰিকেট (এছএলচি)ৰ সভাপতি ছাম্মি ছিলভাই জয় শ্বাহৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পূৰ্বেও ছাম্মি ছিলভাই জয় শ্বাহৰ নাম আগবঢ়াইছিল। ইয়াৰ পাছত বাকী সকলো সদস্যই সৰ্বসন্মতিক্ৰমে জয় শ্বাহৰ নামত অনুমোদন জনায়। ২০২১ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল জয় শ্বাহে। ইয়াৰ পূৰ্বে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি  নাজমুল হাছানে এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতিৰ আসনখন দখল কৰি আছিল।


স্মৰ্তব্য যে বৰ্তমান ইণ্ডোনেছিয়াৰ বালিত এছিয়ান ক্ৰিকেট কাউন্সিলৰ বাৰ্ষিক বৈঠক চলি আছে। এছিয়ান ক্ৰিকেট কাউন্সিলৰ সকলো সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষৰ বাহিৰেও এই বৈঠকত সংবাদ মাধ্যমৰ অধিকাৰ সন্দৰ্ভত আলোচনা চলি আছে। একে সময়তে ইয়াৰ পূৰ্বে এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক বৈঠকত এছিয়া কাপ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আচলতে এছিয়া কাপ ২০২৫ এদিনীয়াৰ পৰিৱৰ্তে টি-২০ ফৰ্মেটত খেলা হ’ব। অৱশ্যে এছিয়া কাপ ২০২৪ এদিনীয়া ফৰ্মেটত খেলা হৈছিল। ইয়াৰ আয়োজন কৰিছিল শ্ৰীলংকাই। একে সময়তে এছিয়া কাপ ২০২৫ ওমান আৰু সংযুক্ত আৰব আমিৰশ্বাহীত খেলিব পাৰিব বুলি বিশ্বাস কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ