--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক বৈঠকত এক বৃহৎ সিদ্ধান্ত লোৱা হৈছে। দৰাচলতে বিচিচিআইৰ সম্পাদক জয় শ্বাহক এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষ হিচাপে পুনৰ নিৰ্বাচিত কৰা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি নিৰ্বাচিত হৈছে জয় শ্বাহ। এই সিদ্ধান্তক ইতিমধ্যে এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক বৈঠকত অনুমোদন জনোৱা হৈছে।


উল্লেখ্য যে শ্ৰীলংকা ক্ৰিকেট (এছএলচি)ৰ সভাপতি ছাম্মি ছিলভাই জয় শ্বাহৰ কাৰ্যকাল বৃদ্ধিৰ প্ৰস্তাৱ আগবঢ়ায়। ইয়াৰ পূৰ্বেও ছাম্মি ছিলভাই জয় শ্বাহৰ নাম আগবঢ়াইছিল। ইয়াৰ পাছত বাকী সকলো সদস্যই সৰ্বসন্মতিক্ৰমে জয় শ্বাহৰ নামত অনুমোদন জনায়। ২০২১ চনৰ জানুৱাৰী মাহত প্ৰথমবাৰৰ বাবে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল জয় শ্বাহে। ইয়াৰ পূৰ্বে বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ সভাপতি  নাজমুল হাছানে এছিয়ান ক্ৰিকেট পৰিষদৰ সভাপতিৰ আসনখন দখল কৰি আছিল।


স্মৰ্তব্য যে বৰ্তমান ইণ্ডোনেছিয়াৰ বালিত এছিয়ান ক্ৰিকেট কাউন্সিলৰ বাৰ্ষিক বৈঠক চলি আছে। এছিয়ান ক্ৰিকেট কাউন্সিলৰ সকলো সদস্যই এই বৈঠকত অংশগ্ৰহণ কৰিছে। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এছিয়ান ক্ৰিকেট কাউন্সিলৰ অধ্যক্ষৰ বাহিৰেও এই বৈঠকত সংবাদ মাধ্যমৰ অধিকাৰ সন্দৰ্ভত আলোচনা চলি আছে। একে সময়তে ইয়াৰ পূৰ্বে এছিয়ান ক্ৰিকেট পৰিষদৰ বাৰ্ষিক বৈঠকত এছিয়া কাপ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। আচলতে এছিয়া কাপ ২০২৫ এদিনীয়াৰ পৰিৱৰ্তে টি-২০ ফৰ্মেটত খেলা হ’ব। অৱশ্যে এছিয়া কাপ ২০২৪ এদিনীয়া ফৰ্মেটত খেলা হৈছিল। ইয়াৰ আয়োজন কৰিছিল শ্ৰীলংকাই। একে সময়তে এছিয়া কাপ ২০২৫ ওমান আৰু সংযুক্ত আৰব আমিৰশ্বাহীত খেলিব পাৰিব বুলি বিশ্বাস কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু