--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অষ্ট্ৰেলিয়াৰ অন্যতম শ্ৰেষ্ঠ পেচ বলাৰ মিচেল ষ্টাৰক। ৩০ জানুৱাৰী মঙলবাৰ তেওঁৰ ৩৪ সংখ্যক জন্মদিন। এই ছিজনত তেওঁ ৯ বছৰৰ পাছত আই পি এলত খেলিবলৈ উভতি আহিছে। তেওঁ শেষবাৰৰ বাবে ২০১৪ আৰু ২০১৫ ছিজনত ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ হৈ খেলিছিল।

এতিয়ালৈকে ষ্টাৰকে টেষ্ট ক্ৰিকেট আৰু পৰিয়ালৰ সৈতে সময় কটাবলৈ অগ্ৰাধিকাৰ দিছে। কিন্তু আগবাঢ়ি আছে টি-২০ বিশ্বকাপ। হয়তো সেইবাবেই তেওঁ বিংশৰ দশকৰ আটাইতকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজি লীগ আই পি এললৈ উভতি আহিছিল।

এইবাৰ তেওঁক কলকাতা নাইট ৰাইডাৰ্ছত খেলা দেখা যাব। বৰ্তমানৰ আই পি এলৰ নিলামত নাইট ৰাইডাৰ্ছে সৰ্বাধিক ২৪.৭৫ কোটি টকা ব্যয় কৰিছে। সম্প্ৰচাৰকত প্ৰকাশিত এক ভিডিঅ’ত অষ্ট্ৰেলিয়ান তাৰকাগৰাকীয়ে কয়, ''বহু বছৰ পূৰ্বে আৰচিবিৰ হৈ বিৰাট (কোহলী)ৰ সৈতে আইপিএল খেলাৰ স্মৃতিবোৰ মই এতিয়াও লালন-পালন কৰি আছো। তেতিয়া তেওঁ আমাৰ কেপ্তেইন আছিল।’’

ষ্টাৰকে লগতে কয়- ''তেতিয়াই মই তেওঁক সঁচাকৈয়ে চিনি পালোঁ। বিশেষকৈ খেলপথাৰৰ বাহিৰত আৰু অত্যন্ত নম্ৰ মানুহ। ভৰি দুখন সদায় মাটিত থাকে। একে সময়তে অতি উষ্ণ আৰু আবেগিক। অফ ফিল্ডৰ কথা কৈছো। আৰু খেলপথাৰত অসম্ভৱ প্ৰতিযোগিতামূলক মানসিকতাৰে খেলে। আই পি এলৰ ক্ষেত্ৰত তেওঁৰ বিষয়ে মোৰ আটাইতকৈ বেছি মনত আছে।''

FOLLOW US F
POPULAR
FEATURE
TRENDY
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ