--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক
ক্ৰমাৎ পৃথিৱীৰ ওচৰ চাপি আহিছে বৃহস্পতি গ্ৰহ। এই মাহত, সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহটো গোটেই ৰাতি আকাশত দেখা যাব।  যোৱা ৭০ বছৰত ভিতৰত এইবাৰেই  দুয়োটা  গ্ৰহৰ মাজত ইমানখিনি দূৰত্ব হ্ৰাস পাইছে৷ ইয়াৰ পূৰ্বে দুয়োটা গ্ৰহৰ মাজত ইমানখিনি দূৰত্ব হ্ৰাস পাইছে! 

মহাকাশ বিজ্ঞানীসকলৰ মতে, বৃহস্পতি গ্ৰহ  ২৬ ছেপ্টেম্বৰত পৃথিৱীৰ অতি ওচৰলৈ আহিব। সেইদিনা গোটেই ৰাতি আকাশত এই গ্ৰহটো দেখা যাব। পৃথিৱীৰ বিপৰীতে, সূৰ্য আৰু বৃহস্পতি দুয়োটা একে ফালে থাকিব। ফলস্বৰূপে, সূৰ্যৰ দৰে বৃহস্পতি পূবত  দেখা যাব আৰু  পশ্চিমত মাৰ যাব৷ 

নাছাই এক বিবৃতিত কৈছিল যে , যিহেতু বৃহস্পতি ২৬ তাৰিখে পৃথিৱীৰ অতি ওচৰলৈ আহিব গতিকে সেইদিনা গ্ৰহটো পৃথিৱীৰ পৰা অধিক স্পষ্ট আৰু উজ্জ্বল ৰূপত দেখা যাব। এই ঘটনাটো যথেষ্ট বিৰল। নাছাৰ সূত্ৰ অনুসৰি, সেইদিনা চন্দ্ৰৰ বাহিৰেও  এই বৃহস্পতি গ্ৰহটো আকাশৰ আন গ্ৰহ আৰু তৰাবোৰৰ ভিতৰত আটাইতকৈ উজ্জ্বল হৈ উঠিব৷ 

অৱশ্যে, বৃহস্পতিক পৃথিৱীৰ পৰা খালি  চকুৰে দেখা নাযায়। বিজ্ঞানীসকৰ মতে, গ্ৰহটো চাবলৈ দূৰবীণৰ সহায় ল'ব লাগিব।উল্লেখ্য যে মুখ্য গ্ৰহৰ উপৰিও, বৃহস্পতি গ্ৰহৰ তিনিৰ পৰা চাৰিটা উপগ্ৰহ ভাল দূৰবীণৰ জৰিয়তে দেখা যায়। গেলিলিঅ'ই প্ৰথমে সপ্তদশ শতিকাত দূৰবীণৰ জৰিয়তে এই উপগ্ৰহবোৰ দেখিছিল। 

অৱশ্যে  কেৱল ২৬ ছেপ্টেম্বৰত নহয় ,সেই দিনটোৰ পূৰ্বতে আৰু পৰৱৰ্তী কিছু দিনলৈ  বৃহস্পতি গ্ৰহটো নিশাৰ আকাশত স্পষ্টভাৱে দেখা যাব।   অৱশ্যে, বতৰ ডাৱৰীয়া হ’লে গ্ৰহটো স্পষ্ট ৰূপত দেখা পোৱা নাযাব৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী