--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কৰ্মক বুকুভৰি ভালপোৱা এজন বিজ্ঞানী৷শাৰীৰিক সমস্যাক একাষৰীয়া কৰি কৰ্মক প্ৰাধান্য দিয়া বিজ্ঞানী এছ সোমনাথৰ কাহিনীয়ে সকলোকে আকৰ্ষিত কৰিছে৷ ভাৰতৰ আদিত্য-এল১যান মহাকাশলৈ উৎক্ষেপণ কৰাৰ দিনা ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ মুৰব্বী এছ সোমনাথৰ কৰ্কট ৰোগ ধৰা পৰিছিল।

তাৰমাক মিডিয়া হাউছৰ সৈতে হোৱা এক সাক্ষাৎকাৰত সোমনাথে নিশ্চিত কৰে যে চন্দ্ৰযান-৩ মিছন লঞ্চৰ সময়ত কিছু স্বাস্থ্যজনিত সমস্যা হৈছিল যদিও সেই সময়ত মোৰ বাবে এই বিষয়টো স্পষ্ট নাছিল, এই বিষয়ে মোৰ স্পষ্ট বুজাবুজি নাছিল।’ সোমনাথে লগতে কয় যে আদিত্য-এল১ মিছন আৰম্ভ হোৱাৰ ঠিক দিনটোতে তেওঁৰ ৰোগ ধৰা পৰিছিল। 

২০২৩ চনৰ ২ ছেপ্টেম্বৰত ভাৰতৰ প্ৰথম মহাকাশ ভিত্তিক সৌৰ মানৱ নিৰীক্ষণ কেন্দ্ৰ আদিত্য এল ১ য়ে সূৰ্যৰ অধ্যয়নৰ বাবে যাত্ৰা আৰম্ভ কৰাৰ সময়তে এছ সোমনাথৰ ৰুটিন স্কেন কৰা হৈছিল য’ত কৰ্কটৰ বৃদ্ধিৰ কথা উন্মোচিত হৈছিল।ইয়াৰ পাছতে এছ সোমনাথৰ অপাৰেচন কৰা হয় আৰু তাৰ পাছত কেমোথেৰাপি কৰা হয়।

তাৰমাক মিডিয়া হাউছৰ সৈতে হোৱা সাক্ষাৎকাৰৰ সময়ত তেওঁ কয় যে, "মোৰ পৰিয়ালৰ বাবে এইটো আশ্চৰ্যজনক কথা আছিল। কিন্তু এতিয়া, মই কেন্সাৰ আৰু ইয়াৰ চিকিৎসাক সমাধান হিচাপে গ্ৰহণ কৰিছোঁ।" কেন্সাৰ ৰোগ আৰু ইয়াৰ চিকিৎসাৰ প্ৰতি সোমনাথৰ দৃষ্টিভংগীয়ে শক্তিশালী ব্যক্তিত্বৰ এক উল্লেখযোগ্য শক্তি আৰু অটল মনোভাৱৰ প্ৰতিফলন ঘটায়। মাত্ৰ চাৰিদিন চিকিৎসালয়ত কটোৱাৰ পাছত সোমনাথে ইছৰোত পুনৰ কৰ্তব্য আৰম্ভ কৰিছে, পঞ্চম দিনৰ পৰা কোনো কষ্ট নোহোৱাকৈ কাম বৰ্তমানেও কৰি আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু