--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ প্ৰাক্তন সাংসদ আৰু  অভিনেত্ৰী জয়া প্ৰদাই ৰামপুৰৰ  আদালতত অৱশেষত আত্মসমৰ্পণ কৰিলে। নিৰ্বাচনী  আচৰণ বিধি উলংঘন সম্পৰ্কীয় দুটা গোচৰত তেওঁক 'পলাতক' ঘোষণা কৰাৰ  কেইদিনমান পিছতে জয়া প্ৰদাই  আত্মসমৰ্পন কৰে। আদালতৰ শুনানিত কেইবাবাৰো হাজিৰ হোৱাত  বিফল হোৱাৰ পিছতে আদালতে জয়া প্ৰদাক পলাতক ঘোষণা কৰিছিল। 

তেওঁৰ বিৰুদ্ধে ৰামপুৰৰ এমপি/এমএলএ আদালতে কেইবাবাৰো জামিন অযোগ্য ৱাৰেণ্ট (এনবিডব্লিউ) জাৰি কৰাৰ পিছতো ২৭ ফেব্ৰুৱাৰীত তেওঁ আদালতত  হাজিৰ নোহোৱাৰ পিছতে পলাতক ঘোষণা কৰা হৈছিল।উল্লেখ্য উত্তৰ প্ৰদেশৰ  আদালতে প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে  তেওঁ  পলাতক হৈ থকাৰ মুদা মৰিছিল। নিৰ্বাচনী আচৰণ  বিধি উলংঘনৰ অভিযোগত জয়া প্ৰদাৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ  সন্দৰ্ভত ৰামপুৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰিছিল । আদালতে তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চৰ ভিতৰত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল।

 জয়া প্ৰদাৰ বিৰুদ্ধে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছিল।  এই দুটা গোচৰত  বিশেষ সাংসদ-বিধায়ক আদালতে তেওঁক বাৰে বাৰে মাতি পঠিয়াইছিল, কিন্তু তেওঁ এবাৰো আদালতত হাজিৰ হোৱা নাছিল। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সাতবাৰ জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰা হৈছিল, কিন্তু তেওঁক আদালতত হাজিৰ কৰিব পৰা হোৱা নাছিল। এনে পৰিস্থিতিত আৰক্ষীয়ে আদালতক জনাইছিল  যে জয়াই গ্ৰেপ্তাৰ হ’ব বুলি ভাবিয়েই আদালতৰ পৰা  আঁতৰি আছে। তেওঁৰ সকলো ম'বাইল নম্বৰ 'চুইচ অফ'  পোৱা বুলিও আৰক্ষীয়ে জনাইছিল। 

ইয়াৰ পিছতে  ন্যায়াধীশ শোভিত বানচালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু জয়াক 'পলাতক' বুলি ঘোষণা কৰিছিল। তেওঁ ৰামপুৰৰ আৰক্ষী অধীক্ষকক এটা দল গঠনৰো নিৰ্দেশ দিয়ে। জয়াক গ্ৰেপ্তাৰ কৰা আৰু পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ মাৰ্চত আদালতত হাজিৰ কৰাটো দলটোৰ দায়িত্ব হ’লহেঁতেন।জয়াই ২০১৯ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু তেওঁ সমাজবাদী পাৰ্টিৰ আজম খানৰ হাতত পৰাজিত হৈছিল। তেওঁ ইয়াৰ পূৰ্বে  ২০০৪ আৰু ২০০৯ চনত সমাজবাদী পাৰ্টিৰ টিকটত জয়ী হৈছিল। পিছত তেওঁক অখিলেশ যাদৱৰ দলে বহিষ্কাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
স্বাস্থ্যৰ বাবে অতি উপকাৰী হিং
পৰিকল্পিতভাৱে গাদীচ্যুত কৰা হৈছিল শ্বেখ হাছিনাক, সাংবাদিকৰ মধ্যস্থতাত মহম্মদ ইউনুছে ছাত্র প্রতিনিধিৰ সৈতে ৰচিছিল চৰকাৰ-বিৰোধী ষড়যন্ত্র
লামডিঙত হিন্দু নাবালিকাক লৈ পলায়নৰ চেষ্টা উত্তৰ প্ৰদেশৰ যুৱকৰ; ৰে’ল ষ্টেচনত আটক
কলিয়াবৰত ৭ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব অত্যাধুনিক ‘Poultry Feed Mill’
ইজৰাইলত 'কিং মেকাৰ' হ'ব আৰব পাৰ্টি; চৰকাৰ গঠনৰ বাবে বিৰোধীৰে হাত মিলাব পাৰে নেটান্যাহুৱে
অস্তিত্বৰ সংকটত লক্ষ্মীনাথ বেজবৰুৱাৰ সাধুকথাৰ নায়ক টিপচী চৰাই
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু