--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিজেপিৰ প্ৰাক্তন সাংসদ আৰু  অভিনেত্ৰী জয়া প্ৰদাই ৰামপুৰৰ  আদালতত অৱশেষত আত্মসমৰ্পণ কৰিলে। নিৰ্বাচনী  আচৰণ বিধি উলংঘন সম্পৰ্কীয় দুটা গোচৰত তেওঁক 'পলাতক' ঘোষণা কৰাৰ  কেইদিনমান পিছতে জয়া প্ৰদাই  আত্মসমৰ্পন কৰে। আদালতৰ শুনানিত কেইবাবাৰো হাজিৰ হোৱাত  বিফল হোৱাৰ পিছতে আদালতে জয়া প্ৰদাক পলাতক ঘোষণা কৰিছিল। 

তেওঁৰ বিৰুদ্ধে ৰামপুৰৰ এমপি/এমএলএ আদালতে কেইবাবাৰো জামিন অযোগ্য ৱাৰেণ্ট (এনবিডব্লিউ) জাৰি কৰাৰ পিছতো ২৭ ফেব্ৰুৱাৰীত তেওঁ আদালতত  হাজিৰ নোহোৱাৰ পিছতে পলাতক ঘোষণা কৰা হৈছিল।উল্লেখ্য উত্তৰ প্ৰদেশৰ  আদালতে প্ৰাক্তন সাংসদ আৰু অভিনেত্ৰী জয়া প্ৰদাৰ বিৰুদ্ধে গ্ৰেপ্তাৰী পৰোৱানা জাৰি কৰাৰ পিছতে  তেওঁ  পলাতক হৈ থকাৰ মুদা মৰিছিল। নিৰ্বাচনী আচৰণ  বিধি উলংঘনৰ অভিযোগত জয়া প্ৰদাৰ বিৰুদ্ধে ৰুজু কৰা দুটা গোচৰ  সন্দৰ্ভত ৰামপুৰ আদালতে এই নিৰ্দেশ প্ৰদান কৰিছিল । আদালতে তেওঁক গ্ৰেপ্তাৰ কৰি ৬ মাৰ্চৰ ভিতৰত আদালতত হাজিৰ কৰোৱাৰ নিৰ্দেশ দিছিল।

 জয়া প্ৰদাৰ বিৰুদ্ধে ২০১৯ ৰ লোকসভা নিৰ্বাচনত নিৰ্বাচনী আচৰণ বিধি উলংঘা কৰাৰ অভিযোগ উঠিছিল।  এই দুটা গোচৰত  বিশেষ সাংসদ-বিধায়ক আদালতে তেওঁক বাৰে বাৰে মাতি পঠিয়াইছিল, কিন্তু তেওঁ এবাৰো আদালতত হাজিৰ হোৱা নাছিল। অভিনেত্ৰীগৰাকীৰ বিৰুদ্ধে সাতবাৰ জামিন অযোগ্য ৱাৰেণ্ট জাৰি কৰা হৈছিল, কিন্তু তেওঁক আদালতত হাজিৰ কৰিব পৰা হোৱা নাছিল। এনে পৰিস্থিতিত আৰক্ষীয়ে আদালতক জনাইছিল  যে জয়াই গ্ৰেপ্তাৰ হ’ব বুলি ভাবিয়েই আদালতৰ পৰা  আঁতৰি আছে। তেওঁৰ সকলো ম'বাইল নম্বৰ 'চুইচ অফ'  পোৱা বুলিও আৰক্ষীয়ে জনাইছিল। 

ইয়াৰ পিছতে  ন্যায়াধীশ শোভিত বানচালে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰে আৰু জয়াক 'পলাতক' বুলি ঘোষণা কৰিছিল। তেওঁ ৰামপুৰৰ আৰক্ষী অধীক্ষকক এটা দল গঠনৰো নিৰ্দেশ দিয়ে। জয়াক গ্ৰেপ্তাৰ কৰা আৰু পৰৱৰ্তী শুনানিৰ তাৰিখ ৬ মাৰ্চত আদালতত হাজিৰ কৰাটো দলটোৰ দায়িত্ব হ’লহেঁতেন।জয়াই ২০১৯ ৰ নিৰ্বাচনত বিজেপিৰ প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিছিল। কিন্তু তেওঁ সমাজবাদী পাৰ্টিৰ আজম খানৰ হাতত পৰাজিত হৈছিল। তেওঁ ইয়াৰ পূৰ্বে  ২০০৪ আৰু ২০০৯ চনত সমাজবাদী পাৰ্টিৰ টিকটত জয়ী হৈছিল। পিছত তেওঁক অখিলেশ যাদৱৰ দলে বহিষ্কাৰ কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক