--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত সম্বিৎ ঘূৰি আহিল কংগ্ৰেছ নেতৃত্বৰ৷ কমল নাথৰ নেতৃত্বত মধ্য প্ৰদেশত চৰম বিপৰ্যয়ৰ সন্মুখীন হৈছিল কংগ্ৰেছ৷ 

কমল নাথৰ অদক্ষ দল পৰিচালনা নীতিৰ ফল শেহতীয়া নিৰ্বাচনত বাৰুকৈয়ে ভুগিলে দলটোৱে৷ আৰু মধ্য প্ৰদেশৰ নিৰ্বাচনত বিপৰ্যস্ত হৈ পৰাৰ পাছত শনিবাৰে কংগ্ৰেছে জ্যেষ্ঠ নেতা তথা প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক মধ্য প্ৰদেশ ৰাজ্যিক কংগ্ৰেছৰ সভাপতি পদৰ পৰা আঁতৰোৱাৰ বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ 

কমল নাথৰ স্থানত স্থলাভিষিক্ত কৰা হৈছে অন্যান্য পিছপৰা শ্ৰেণীৰ (অ’বিচি) নেতা জিতু পটৱাৰীক৷ ৩৫,০০০তকৈও অধিক ভোটৰ ব্যৱধানত চাউ বিধানসভা আসনত বিজেপি প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱা পটৱাৰীক অহা বছৰৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গুৰুত্বপূৰ্ণ হাৰ্টলেণ্ড ৰাজ্যখনত নতুন দায়িত্ব দি কংগ্ৰেছ হাইকমাণ্ডে শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে৷

অৱশ্যে ছত্তীশগড়ত পৰাজয় সত্ত্বেও কংগ্ৰেছে দীপক বাইজক ৰাজ্যিক গোটৰ মুৰব্বী হিচাপে ধৰি ৰখাৰ সিদ্ধান্ত লৈছে।
মধ্য প্ৰদেশত দলটোৱে উমাং সিংঘাৰক কংগ্ৰেছ বিধায়িনী দলৰ নেতা হিচাপেও নিযুক্তি দিছে, যাৰ অৰ্থ হৈছে যে তেওঁ বিধানসভাৰ বিৰোধী দলৰ নেতা হ’ব আৰু হেমন্ত কাটাৰেক উপনেতা হিচাপে বাছনি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক